হিন্দু মুচলমান সকলোৱেই একবাক্যে অজস্ৰ প্ৰশংসাবাদ কৰিবলৈ
ধৰিলে।
ৰামমোহনৰ প্ৰকৃতি ভগৱানে পৃথক কৰি গঢ়িছিল। ধেমালি কৰা দূৰত থাকোক প্ৰায়েই জলপান নোখোৱাকৈয়ে পঢ়াশালিৰ পৰা আহি আকৌ দুগুণ উৎসাহে কিতাপত লাগি গৈছিল। অভিভাৱকে ধেমালি কৰিবলৈ আদেশ দিলেও তেওঁ নুশুনা ভাও জুৰি তিনি গুণ উৎসাহেৰে কিতাপত পোত গৈছিল। সৰু সৰু কিতাপবোৰ সোনকালে শেষ কৰি কেতিয়া তেওঁ বৃহৎ পুথিৰ জ্ঞান-- ভাণ্ডাৰ মুকলি কৰি তাৰ অমূল্য ৰত্ন আহৰণ কৰিব পাৰিব, এই চেষ্টা তেওঁৰ অতি প্ৰৱল আছিল। তেওঁৰ সাধনা, মনোযোগ, পৰিশ্ৰম, স্মৰণশক্তি, অধ্যৱসায় দেখি যে সহপাঠীবিলাক তবধ হৈছিল তাত আৰু আচৰিত কি?
সেই সময়ত দিল্লীৰ বাদচাহেই দেশৰ প্ৰকৃত ৰজা আৰু ফাচী আৰু আৰবী ভাষাই দেশৰ ৰাজভাষা আছিল। ৰাজকীয় সকলো কাম-কাজ এই দুই ভাষাতে চলিছিল। এই দুই ভাষা নাজানিলে কোনেও বিদ্বান বুলি সৰ্ব্বসাধাৰণৰ ওচৰত পৰিচয় দিব নোৱাৰিছিল বা কোনো চাকৰিকে নাপাইছিল।
ৰামমোহনে যেতিয়া ইমান কম বয়সতে বঙলা আৰু ফাৰ্চী শিকি পেলালে, তেতিয়া সকলোৱেই পিতাকক কলে, “এই লৰা ভবিষ্যতে এটি অতি উজ্জ্বল ৰত্ন হব, এনে অমানুষিক শক্তি সচৰাচৰ দেখিবলৈ পোৱা নাযায়। গতিকে লৰাৰ ভবিষ্যৎ নষ্ট নকৰি অতি সোনকালেই আৰবী শিকিবৰ ব্যৱস্থা কৰি দিয়ক।”