এই নৃত্যকাৰিণী উন্মাদিনী ৰমণীয়েই সেই শান্তা লজ্জাশীলা আৰু ভীতা জয়ন্তী নে? এইবিলাক স্বপ্ন নে মায়া নে দিঠক? ৰমানাথে একো ঠিক কৰিব নোৱাৰি ধূঁৱলি-কুৱঁলী দেখি চকু মুদি বহি পৰিল। অলপ বেলিৰ পিচত আকৌ চকু মেলি তেওঁ দেখিলে যে ই সপোন নহয়। সঁচাকৈয়ে দুৰাত্মাহঁতৰ কৱন্ধ দেহ দ গাঁতৰ তলিত পৰি আছে, আৰু সঁচা-সঁচিকৈয়ে তেওঁৰ হাতত বান্ধ নাই, তেওঁ স্বাধীন আৰু মুক্ত। আৰু সঁচাকৈয়ে তেওঁৰ প্ৰিয়তমা জয়ন্তী চুলি-মেলা চামুণ্ডাৰ নিচিনাকৈ তেজেৰে ৰাঙলী হৈ হাতত দা লৈ নাচিব লাগিছে। হায়! জয়ন্তী সঁচাকৈয়ে উন্মাদ হল নে কি? ৰমানাথে স্পষ্টকৈ দেখিলে যে তেওঁৰ প্ৰাণপ্ৰিয়া জয়ন্তী বাহ্যজ্ঞান-শূন্যা উন্মত্তা!
ইয়াৰ পিচত মানুহ-দুনুহৰ সাহায্যত জয়ন্তীক লৈ সেই ৰাতিয়েই ৰমানাথ বৰুৱাই ৰংপুৰ এৰি গুৱাহাটীলৈ যাত্ৰা কৰিলে। গুৱাহাটী পাই নিজৰ ভায়েক আৰু বন্ধুসকলৰ সাহায্যত তেওঁ অনেক প্ৰকাৰ চিকিৎসাদি কৰালে, কিন্তু জয়ন্তী আৰু আৰোগ্য নহল।
বিষম উন্মাদৰোগিণী জয়ন্তীৰ মুখত তেওঁৰ জীৱনৰ শেহ পয্যন্ত, “মোৰ স্বামীৰ হাতৰ বান্ধ মোকোলালো।” এইষাৰ কথাৰ বাহিৰে আৰু একো কথা শুনা নগৈছিল। শেহত সকলো দুখ আৰু সকলো শোক হৰোতাঁ মৃত্যুৱে আপোনাৰ কোমল কোলাত আশ্ৰয় দান কৰি, এই সতীক এই সংসাৰৰ দুখ-যন্ত্ৰণাৰ হাতৰ পৰা উদ্ধাৰ কৰিলে।
—শ্ৰীলক্ষ্মীনাথ বেজবৰুৱা।