একোটা-একোটা সূৰ্য্য,অধিকাংশ আমাৰ সূৰ্য্যতকৈও ডাঙ্গৰ,
আৰু সেইবিলাকৰৰ সৌৰ জগৎ আছে। কিন্তু ইমানতেই শেষ
নহয়, আমাৰ চকুত পৰা নক্ষত্ৰসমষ্টিৰ বাহিৰেও কত নক্ষত্ৰ আছে,
কত সৌৰ জগৎ আছে তাক লেখ কৰা তো দূৰৰ কথা, কল্পনা
কৰাও অসম্ভব। কত নক্ষত্ৰৰ পোহৰ সৃষ্টিৰ আদিৰে পৰা
চেকেণ্ডত ১৮৬০০০ মাইলকৈ আহিব লাগিছে, তথাপি আজিলৈকে
পৃথিবী পোৱা নাই, সেইবোৰ কিমান দূৰত আছে কোনে গণনা
কৰিব!
এই যে গণনাৰ অতীত, কল্পনাৰ বহিৰ্ভূত জ্যোতিষ্কমণ্ডলী অহৰহ আবৰ্ত্তন কৰিব লাগিছে, কোনো দিনে তাৰ কোনোটো কক্ষচ্যুত হোৱা নাই, গতিৰ বিশেষ তাৰতম্য ঘটা নাই, অগাভেটাকৈ বাট-কেঁৰা লগাই চূৰ্ণ-বিচূৰ্ণ হোৱা নাই। অকল সেয়ে নহয়, বালি-চাহীৰ পৰা গজহস্তীলৈকে বিবিধ জাতীয় প্ৰাণীৰ গঠন, কাৰ্য্য- প্ৰণালী আৰু জীৱন-সংগ্ৰামৰ এটা নিৰৱচ্ছিন্ন শৃঙ্খলা আছে। কোনে কয় ই মাথোন এটা আকস্মিক ঘটনা বুলি?
কোনো যন্ত্ৰৰ বিভিন্ন অংশ যথানিয়মে চলি থকাৰ মূলত চালকৰ ইচ্ছা। তেনেকৈয়ে এই কল্পনাৰ অতীত অনন্ত বিশ্বৰ পৰিচালনাৰ মূলত যে এটি কেন্দ্ৰীভূত শক্তি বৰ্ত্তমান, তাক অগ্ৰাহ্য কৰিবৰ উপায় নাই। সৃষ্টিৰেই যেতিয়া আদি-অন্ত নাই, এই শক্তিৰ আদি-অন্ত বিচাৰিবলৈ যোৱাৰ নিচিনা মূৰ্খতাও নাই। যেনেকৈ যন্ত্ৰ-পৰিচালনাৰ আগতেও চালক থাকে, আৰু বন্ধ ৰাখোঁতেও
থাকে, তেনেকৈয়ে সৃষ্টিৰ পূৰ্ব্বেও এই শক্তি আছিল, প্ৰলয়ৰ