ধৰ্ম্ম জীৱন্ত ধৰ্ম্ম নহয়; গতিকে ঈশ্বৰপ্ৰীতি আৰ্জ্জন কৰাটো আমি
শ্ৰেষ্ঠ সুখ বুলি নেভাবোঁ। ইয়াকে নেভাবোঁ কাৰণেই আমাৰ
জীৱনত ইমান সুশৃঙ্খলাৰ অভাৱ।
মানুহৰ ভিতৰত যে আত্মত্যাগ দেখা নেযায়, বিনয়-সৰলতাৰ উদ্যম-উৎসাহৰ পুণ্য দীপ্তি যে ইমান ঢিমিকি ঢিমিকি জলে, ই মানৱৰ অপূৰ্ণতাৰ ফল হয়। প্ৰকৃত কাৰণ বিচাৰিলে দেখা যায় যে আমি ঈশ্বৰত প্ৰীতি স্থাপন কৰি সৎসঙ্কল্পৰ অধীন হৈ আদৰ্শ পুণ্যময় জীৱন যাপন কৰিবলৈ আকাঙক্ষা কৰি যথাৱত সাধনাক দৃঢ়সঙ্কল্পেৰে নেথাপোঁ আৰু সঙ্কল্পত শিথিলতাৰে, ভক্তিত অহঙ্কাৰেৰে কালিমা দিওঁ। দৃঢ়সঙ্কল্পৰ অভগন আদৰ্শ সাধনাৰে স্পৃহাশূন্য, মুক্ত, ভক্ত বুদ্ধৰ কথা ভাৰতত চন্দ্ৰ-দিবাকৰ থাকেমানে লুপ্ত নহব—যাৰ একমাত্ৰ মন্ত্ৰ আছিল, “মন্ত্ৰৰ সাধন কিম্বা শৰীৰ পতন।” এই মন্ত্ৰ হিয়াত গাঁথি মৰিও অমৰ হৈ সেই আদৰ্শ পুৰুষে সাধনাৰ পথত জোৰ বান্ধি নিৰ্ব্বাণ লাভ কৰিলে।
শ্ৰীপুণ্যপ্ৰভা দাস।
টীকা।
নিৰ্ব্বাণ—( নিৰ্—বা+অনট্ ) নুমাই যোৱা, ঈশ্বৰত লয় যোৱা।
অৱশ্যম্ভাবী—( অৱশ্যম্—ভু+ণিন) নিশ্চয় হবলগীয়া।
প্ৰশ্ন।
১। ব্যাখ্যা কৰাঁ—
(ক) সাধনাৰ সুৱগা সঙ্কল্প, আৰু আদৰ্শ তাৰ লক্ষ্য।
⸻⸻