পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
সাহিত্য-মুক্তাৱলী।

 আয়ুৰ্ব্বেদ—চিকিৎসা শাস্ত্ৰ। ইয়াৰ ভাগ আঠোটা যেনে—১) শল্য (অস্ত্ৰ চিকিৎসা), (২) শালাক্য (মূৰৰ ৰোগ নিৰ্ণয়), (৩) কায় চিকিৎসা, (৪) ভূতবিদ্যা, (৫) কৌমাৰভৃত্য (শিশু-চিকিৎসা), (৬) অগদতন্ত্ৰ ( ঔষধনিৰ্ণয় ), (৭) ৰসায়ণতন্ত্ৰ, (৮) বাজীকৰণ তন্ত্ৰ।

প্ৰশ্ন।

১। প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়বিলাকৰ নাম কোঁৱা। সেই বিশ্ব বিদ্যালয়বিলাকত কোন কোন বিষয়ৰ শিক্ষা দিয়া হৈছিল?

২। নালন্দা বিশ্ববিদ্যালয়ৰ চমু বিবৰণ দিয়া।

⸻⸻


ৰোগ আৰু ঔষধ সেৱন।

 ৰোগ হলে যে ঔষধ খাব নালাগে, কেৱল পূজা পাটল দিব লাগে, বা জল-স্থলত মাতিব লাগে বা জৰা-ফুকা মাথোন কৰিব লাগে, এটা উচিত নহয়। ৰোগ অনুসৰি সময়ে-সময়ে ঔষধো খাব লাগে। কিন্তু সেই বুলিয়েই অতি মাত্ৰাকে ঔষধ খোৱাও ভাল নহয়। নিদান আৰু বিখ্যাত য়ুৰোপীয়ান চিকিৎসা-শাস্ত্ৰকাৰ সকলেও কৈছে, ঔষধে যে বেমাৰ ভাল কৰে সেইটো নহয়; ৰোগৰ আপোন জীৱনী-শক্তি (Vitality) আৰু প্ৰকৃতি দেৱীয়ে হে (Nature), অথবা অণুপৰমাণুৰ মত-সমৰ্থকসকলৰ মতে, দেহৰ ভিতৰত থকা ফেগ্‌চাইটে হে ৰোগ ভাল কৰে। ঔষধে মাথোন