পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১
জয়ন্তী


মোৰ দেউতাহঁত, আমাক মিছাতে মাৰি কাটি আৰু যন্ত্ৰণা নিদি ঘৰত যি আছে তাকে লৈ তোমালোক যোৱাহঁ‌ক। তোমালোকৰ ভৰিত ধৰি কাবৌকৈ মাতিছাঁ মোৰ স্বামীক আৰু নেমাৰিবাহঁ‌ক। মোৰ ডিঙিত এইধাৰ মণি আৰু হাতত এইজোৰ খাৰু আছে, ইয়াকে মই সোলোকাই দিছো, তোমালোকে তেওঁক এৰি দিয়া। এই বুলি ডিঙিৰ মণিধাৰ আৰু হাতৰ খাৰু-জোৰ সোলোকাই জয়ন্তীয়ে মানহঁতক দি কাকূতি কৰিবলৈ ধৰিলে। জয়ন্তীৰ কথা শুনি মান তিনটাই একেবেলিয়েই খল্ খল্ কৰে হাঁহি কলে, “তহঁতে আমাক কেচুৱা লৰা বুলি ভাবিছ নে কি যে এইবিলাক মিছা কথা আমি বিশ্বাস কৰিম? কত কি লুকুৱাই থৈছ বেগেতে ক, নাইবা পোনতে এই চমটাৰে কোবাই তহঁতৰ পিঠিৰ ছাল ছিঙিম, তাৰ পিছত জুই লগাই দুইকো এই ঘৰৰ ভিতৰতে পুৰি ছাই কৰি গুচি যাম।”

 দুখুনী জয়ন্তীৰ কাকূতি-মিনতিলৈ আওকাণ কৰি পামৰহঁতে ৰমানাথ বৰুৱাক কোবাই কিলাই যেনে যন্ত্ৰণা দিবলৈ ধৰিলে তাক বৰ্ণনা কৰিবলৈ এই কাপ অক্ষম। শেহত মানহঁতে যেতিয়া দেখিলে যে ইমান মৰিয়াই কিলাই জীয়াতু দিও ধনবস্তু একোকে তেওঁলোকৰ পৰা পোৱা নগল, তেতিয়া প্ৰথম মানটোৱে লগৰীয়া দুটাৰ মুখলৈ চাই কলে, “আহ ইহঁত দুইটাকেই লৈ যাওঁহক, মতাটো বেছ শকত-আৱত আছে, আমাৰ বয়-বস্তুবিলাক ইয়াৰ পিঠিত তুলি দি লৈ যাওঁহঁক, তাৰ পিচত লাঠুবাক কাটি পেলাম। আৰু এই তিৰুতা মানুহজনী দেখিবলৈ শুৱনী আছে, আমাৰ মলুকলৈ লৈ গৈ এইক আমাৰ ৰজাক ভেটী দিমহঁ‌ক; এনে ৰূপহী তিৰুতা ৰজাই পালে