(এই) পৃথিবীত আমি পাতিম স্বৰগ,
মানুহত উঠিব দেৱতাৰ ঠগ,
অজ্ঞান আন্ধাৰ-সইতে নিলগ,
হব গই দৈন্য, ব্যাধি, জৰা।
সৰগ-সৌন্দৰ্য্য পুষ্প পাৰিজাত,
জ্ঞান কল্পতৰু দেৱলোকখ্যাত,
নন্দন বনত দেখিবা ইয়াত,
—বব প্ৰেম মন্দাকিনী-ধাৰা।
আমি সৰু লৰা, আমি দেও লৰা,
আমি সৰু লৰা, আমি স্বৰ্গৰ তৰা,
আমাৰ পিতৃ স্বৰ্গ, আমাৰ মাতৃ ধৰা।
শ্ৰী সৰ্ব্বেশ্বৰ বৰুৱা।
টীকা।
সমীৰণ— (সম—ঈৰ+অনট্) বতাহ।
কূজন— (কূজ্+অনট) গীত। সৰগ-সুলভ—স্বৰ্গৰ যোগ্য।
ত্ৰিদিব—( ত্ৰি-তিনি—ব্ৰহ্মা, বিষ্ণু, শিৱ+দিব—ক্ৰীড়া কৰ্ ) ব্ৰহ্মা, বিষ্ণু আৰু শিৱৰ খেলাৰ ঠাই; স্বৰ্গ।
উদ্দাম—(উৎ—দো+মনিন্) মুক্ত, উচ্ছঙ্খল, উগ্ৰ।
মোহ— (মুহ্+ঘঞ্) ভ্ৰান্তি, মিছাক সঁচা বুলি লোৱা কাৰ্য্য।
অবিদ্যা—আধ্যাত্মিক অজ্ঞতা। ত্ৰিদশ—দেবতা। মেদ—গেদ।
১। তলত দিয়া শব্দবোৰৰ পৰা বিশেষণ গঢ়া।—পৃথিবী, জ্যোতিঃ, পুৱা, শোক, ৰোগ, ঠগ আৰু স্বৰ্গ।