অসমীয়া বৈষ্ণৱ জগতত শঙ্কৰ আৰু মাধৱৰ মিলন এক অপূৰ্ব্ব
বস্তু। ধীৰ শান্ত শঙ্কৰৰ কাৰ্য্য অপূৰ্ণ থাকিলহেঁতেন যদি এই
কৰ্ম্মবীৰ ধৰ্ম্মবীৰ তপস্বী যুবক আহি তেওঁৰ পবিত্ৰ মতৰ ভাৰখন
নিজৰ কান্ধত তুলি নললেহেঁতেন। মাধৱৰ একাগ্ৰতা, ধী-শক্তি,
জ্ঞান আৰু উদ্যমেই তান্ত্ৰিক আসামক বৈষ্ণৱ আসাম কৰি গল।
আজিকালি বহুত মানুহে শঙ্কৰ-মাধৱৰ দিনৰ অনুষ্ঠান আৰু সামাজিক ৰীতি-নীতি আৰু গঠনৰ বিপক্ষে কোনো কথা কবলৈ সাহ নকৰে আৰু আন কোনোবাই তেনে কৰিলে, তেওঁলোকৰ প্ৰতি অসন্তুষ্ট হয়। তেখেত সকলে বোধ কৰোঁ জানে, যে মাধৱ আৰু শঙ্কৰেও ব্ৰাহ্মণ প্ৰভৃতি পুৰণা, ভাবত চলিব খোজা মানুহবিলাকৰ যথেষ্ট অত্যাচাৰ সহ্য কৰিব লগাত পৰিছিল। কিন্তু যি বস্তুক সত্য আৰু আৱশ্যকীয় বুলি তেওঁলোকে বিবেচনা কৰিছিল, তাক গ্ৰহণ কৰিবলৈ বাধা-বিপত্তি থাকিলেও তেওঁলোক পিচ নপৰিছিল। তেওঁলোকৰ শিক্ষাৰ সাৰমৰ্ম্ম সত্যগ্ৰহণ, কোনো এটা ৰীতি নাইবা নিয়ম পালি চলা নহয়। তেওঁলোকক অপমান কৰা হব—যদি তেওঁলোকৰ হৃদয়ৰ সেই ভাবটি গ্ৰহণ নকৰি তেওঁলোকে সেই সময়ত যিবিলাক সামাজিক আৰু ধৰ্ম্ম সম্পকীয় ৰীতি-নীতিৰ অৱতাৰণা কৰিছিল, সময়ৰ সোঁত বুজি আৱশ্যক হলেও সেইবোৰ পৰিবৰ্ত্তন কৰিবলৈ আমি চেষ্টা নকৰোঁ। অৱশ্যে কোনেও ভূত ইতিহাসক একেবাৰে বাদ দি চলিব নোৱাৰে আৰু আৱশ্যক নহলে সময়ে যিবিলাক আমাক দি গৈছে তাক ধ্বংস কৰা অতি মূৰ্খতাৰ কাম। তথাপি এই ভূতৰ ভিতৰৰ সম্বল লৈয়েই এটা সুন্দৰ আৰু গৌৰৱ-