সমললৈ যাওক

পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/১০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৯
ভগৱৎ–প্ৰেম।


সাগৰত লীন যাব নোৱাৰে, তেনে হোৱাৰ আগেয়ে সি বহুত পৰিবৰ্ত্তনৰ মাজে দি জন্ম-জন্মান্তৰ ঘূৰিব লগাত পৰে। জাগতিক প্ৰাণীসমূহৰ অৱস্থাও ঠিক তেনেকুৱাই। মানুহে যেতিয়া নিজৰ চৈতন্য উপলব্ধি কৰি তাক সেই বিৰাট চৈতন্য শক্তিৰেই অংশ বুলি বুজিব পাৰে তেতিয়াই তেওঁৰ উপাসনা সিদ্ধ হয়, নহলে বিবিধ পৰিবৰ্ত্তনৰ মাজে দি জন্মজন্মান্তৰ ঘূৰি ফুৰিব লগাত পৰে। যি উপাসনাত সিদ্ধ হয়, তেওঁ বিশ্বেশ্বৰৰ বিশ্বৰূপ দেখে; তেতিয়া আৰু তেওঁৰ আত্মাভিমান নাথাকে, সকলো প্ৰাণীৰ ভিতৰতে নিজক দেখা পায়, যত জীৱ, তত শিৱ বুলি সকলোকে সেৱা কৰিবলৈ শিকে। তেতিয়া তেওঁ
 “অসীমৰে সতে অভিন ভাবত যায় সসীমৰ অস্তিত্ব ভুলি।”
এনে ভাৱৰ পূৰ্ণ উপলব্ধিয়েই ভগবৎ-প্ৰেম। এই প্ৰেম অন্তৰত এবাৰ জাগৰূক হলে কাৰৰ প্ৰতি আপোন-পৰ ভাব নাথাকে, সমস্ত বসুধা কুটুম্ব হয়, দেশ-কালৰ প্ৰভেদ লোপ পায়, সাম্প্ৰদায়িকতাৰ সঙ্কীৰ্ণ ভেটা চূৰমাৰ হৈ যায়। তুমি যেতিয়া তোমাক তেনেকৈ উপযুক্ত কৰি তুলিব পাৰিবা, তোমাৰ সত্তাৰ লগত সেই বিৰাট চৈতন্যময়ৰ অস্তিত্ব ওতপ্ৰোতভাবে মিহলি কৰিব পাৰিবা, তেতিয়া তুমি প্ৰকৃত ভগৱৎ-প্ৰেমিক হ’ব পাৰিবা।

বান্ধিবা তেতিয়া বিশ্বমানবক
প্ৰেমৰ ডোলেৰে একেটি কৰি,
পৰ বুলি কেওঁ নৰ’ব সৃষ্টিত
সকলো ঘূৰিব তোমাকে ধৰি।