এই বিলাক কথাৰ পৰা এনে সিদ্ধান্ত স্বাভাবিক ভাবে হয় যে,
ৰামৰ নিচিনা ভৰতৰৰ ৰাজ্যত কোনো কাৰণে অধিকাৰ আছিল।
দশথে স্নেহতে নাইবা আন কাৰণে, ভৰতক সেই অধিকাৰৰ পৰা
বঞ্চিত কৰিবৰ দিহা কৰিছিল। সেই কথাত কুঁজীৰ আদেশ মতে
কৈকেয়ীয়ে বাধা দিছিল।
ইয়াতে ভৰতৰ চৰিত্ৰৰ কথা অলপ নকৈ নোৱাৰি। কৈকেয়ীৰ নিচিনা মাক, কুঁজীৰ নিচিনা দাসী, আৰু কেকয় ৰজাৰ নিচিনা বন্ধু প্ৰভৃতি থাকোঁতেও যে, ভৰতৰ অধিকাৰ নষ্ট কৰিবৰ চেষ্টা হৈছিল, সেইটো কেৱল ভৰতৰ চৰিত্ৰ আৰু ধৰ্ম্ম-জ্ঞানৰ ওপৰত নিৰ্ভৰ কৰি হে। ভৰতৰ চৰিত্ৰৰ কথা দশৰথে নিজে কৈছিল।— “ৰামতকৈও মই ভৰতক ধাৰ্মিক বুলি মাননা (৭) [১]।” ভৰতৰ এই ধৰ্ম্মজ্ঞানেই দশৰথৰ ঘাই সহায় আছিল। দশৰথে থিৰ কৈ জানিছিল যে, যদি কোনো ৰকমে অভিষেক কৰি ৰামক ৰাজপাটত বহুৱাব পৰা যায়, তেন্তে পাচত আৰু কোনো ভয় নাই। ৰাম ৰজা হলে পাচত ভৰতে ভ্ৰাতৃস্নেহৰ বশ হৈ, নাইবা, অধৰ্ম্মৰ ভয়ত ( যিহেতু ৰাজ্য ৰামৰ পক্ষে পিতৃদত্ত হব ) ৰাজ্যৰ বাবে দাবি নকৰিব, আৰু কোনো প্ৰকাৰ বিবাদে নঘটিব।
এতিয়া বুদ্ধিমতী কুঁজীৰ কলঙ্কৰ বিচাৰৰ ভাৰ আমি পাঠক-
পাঠিকা সকলৰ ওপৰত দিব পাৰোঁ। আপোনালোকে পক্ষপাত নকৰি
বিচাৰ কৰি চাওক, এই ঘটনাটোৰ বাবে কুঁজী কিমান জগৰীয়া।
শ্ৰীপ্ৰতাপচন্দ্ৰ গোস্বামী।
- ↑ (৭) ৰামাদপি হি ত্বং মন্তে ধৰ্ম্মতো বলৱত্তৰম্।