পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯১
বিদ্যাসাগৰ।


অধঃপতিত ভাৰতবাসীৰ মাজৰ পৰা নানক আৰু গুৰুগোবিন্দ, ৰমানন্দ আৰু কবিৰ, শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীদামোদৰদেৱ, শ্ৰীচৈতন্য আৰু ৰামপ্ৰসাদ আদি মহাত্মাৰ আবিৰ্ভাব হল।

 আধুনিক সময়ত যি সকল ভাৰত-সন্তানৰ বীৰত্ব-কাহিনীয়ে জগতত অক্ষয় কীৰ্ত্তি-মন্দিৰ স্থাপন কৰিছে, সেই সকলৰ ভিতৰত অমৰ পুৰুষ ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰে বিশ্ব-বন্ধুৰূপে উচ্চ আসনত উপবিষ্ট হৈ জগতৰ নৰ-নাৰীক আলোকিত কৰিছে। ধৰ্ম্মবীৰ ৰামমোহন বৰ্ত্তমান যুগৰ প্ৰৱৰ্ত্তক—ঊনবিংশ শতিকাৰ যুগ-নায়ক। ঈশ্বৰচন্দ্ৰ এই যুগৰ দ্বিতীয় মহাপুৰুষ। এই মহাজনৰ পবিত্ৰ চৰিত্ৰ, সি অসংখ্য চিত্ত-মুগ্ধকৰ আৰু উপদেশপূৰ্ণ ঘটনাৱলীৰে পৰিপূৰ্ণ তাৰ যথাযথ সমালোচনা কৰা অথবা সেই অনুপম চৰিত্ৰ সুন্দৰকৈ অঁকা বৰ্ত্তমান লিখকৰ নিচিনা অভাজন লোকৰ কাম নহয়। তেওঁৰ গুণ বৰ্ণনা আৰু মহিমা কীৰ্ত্তন কৰিব খোজাটাও এই লিখকৰ দুঃসাহস বুলিব পাৰি; কিয়নো সকলো সজ কাৰ্য্যৰে, প্ৰত্যেক পবিত্ৰ অনুষ্ঠানৰে উপযুক্ত স্থান, কাল আৰু পাত্ৰ আছে। কিন্তু সেই বুলি এইটোও নুই কৰিব নোৱাৰি যে ভক্তিয়ে হে ভক্ত কৰে। পূজাৰ অধিকাৰ পোন-পটিয়ে চালে সকলোৰে আছে। তদুপৰি আনি কথাতে কওঁ “কীৰ্ত্তিযস্য স জীৱতি”—যি কীৰ্ত্তিমান, তেওঁ অমৰ। নিজৰ কীৰ্ত্তিয়েই তেওঁক চিৰকাল পূৰ্ণিমাৰ চন্দ্ৰৰ দৰে জিলিকাই ৰাখিব; আমাৰ নিচিনা ক্ষুদ্ৰ শক্তিৰ চেষ্টাত সি এফালে যেনেকৈ বেচি উজ্জ্বল হোৱাৰ সম্ভাৱনা নাই, আনফালে সেইদৰে ম্লান হোৱাৰ সম্ভাবনাও নাই।