এই ঘটনাৰ পাচত হোচেন মনচুৰ প্ৰায় পাঁচবছৰমান ঘৈণীয়েকেৰে
সৈতে নিৰুদ্দেশ হৈ থাকে। তেওঁ ইখন সিখন কৰি প্ৰায় পঞ্চাশখন-
মান নগৰৰ পৰাই খেদা যায়। তেওঁ এবাৰ ভাৰতবৰ্ষলৈ
আহিও বহুত ঠাই ঘূৰি গৈছিল। তেওঁ নিৰুদ্দেশ হৈ ফুৰাৰ
সময়ত কিছুমান দিন পাৰস্যত থাকি বহুতো সদ্গ্ৰন্থ ৰচনা কৰি তাৰ
মানুহবিলাকক বিলাই দিয়ে। অৱশেষত তেওঁ স্বদেশলৈ উভতি আহি
স্বদেশবাসীক যিবোৰ ধৰ্ম্মোপদেশ দিবলৈ ধৰিলে সেইবোৰ বুজিবলৈ
কোনোৱেই সক্ষম নহল। ফলত তেওঁক ধৰি নি বন্দীশালত আবদ্ধ
কৰি ৰখা হ’ল। বন্দীশালতো তেওঁ সুস্থিৰৰূপে থকা নাছিল।
তেওঁ অলৌকিক ৰকমে আৰু অলক্ষিতভাবে বন্দীশালৰ আটাই-
বিলাক বন্দীকে মুক্ত কৰি দি অকলে অকলে বন্দীশালত পৰি
থাকিল। ৰক্ষীসকলে সুধিলে,—“কিয় তুমি অন্যায় ৰকমে বন্দী-
বিলাকক মুক্ত কৰি দি অকলে অকলে পৰি আছা, নিজেও নগলা
কিয়?” তেওঁ কলে,—“মোলৈ ঈশ্বৰৰ আক্ৰোশ আছে দেখি মই
ৰৈ গৈছোঁ। তেওঁবিলাক মুক্ত।” এই কথা গৈ খলিফাৰ কাণত
পৰাত তেওঁ দেখিলে যে ভবিষ্যতলৈ হোচেন মনচুৰে অঘটন ঘটাব
পাৰে। সেই বুলি তেওঁ মনচুৰৰ প্ৰাণদণ্ডৰ আদেশ দিলে। আৰু
কৈ দিলে যে, “প্ৰথমতে যেতিয়ালৈকে তেওঁ “আনলহক” কথাষাৰৰ
পৰা বিৰত নহয় তেতিয়ালৈকে যেন দণ্ডাঘাত কৰা হয়। অগত্যা
নোৱাৰিলে শিৰচ্ছেদ কৰা হব।”
খলিফাৰ আদেশ পাই তেতিয়াই তেওঁক বন্দীশালৰ পৰা উলিয়াই মৰিশালিলৈ লৈ গল। তাত নি তেওঁক বেতেৰে তিনি শ কোব মাৰি