পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০
সাহিত্য-মুক্তাৱলী।

 জাতীয় প্ৰেম নেথাকিলে জাতীয় প্ৰতিষ্ঠা হোৱা অসম্ভৱ। ভাৰতৰ উন্নতি-কামনা কৰিলে গোটেই ভাৰতবাসীৰ হৃদয়ত জাতীয়-প্ৰেম-ৰস ঢালি দিয়া উচিত। যিদিনা গোটেই ভাৰতবাসীৰ এক প্ৰাণ, এক স্বাৰ্থ, এক কৰ্ত্তব্য বিবেচিত হব, যিদিনা “পঁয়ত্ৰিশ কোটি ভাৰতবাসীৰ ভালেই মোৰ ভাল, আৰু বেয়াই মোৰো বেয়া” এই মহামন্ত্ৰেৰে গোটেই ভাৰতবাসী দীক্ষিত হব, সেইদিনা ভাৰতৰ উন্নতি অনিবাৰ্য্য; সেইদিনা নিশ্চয় ভাৰতে সকলে বাধা-বিপত্তিক হেলাৰঙ্গে অতিক্ৰম কৰি নৱপ্ৰাণেৰে উদ্দীপ্ত হব।

৺পানীন্দ্ৰনাথ গগৈ।

টীকা।

 ভিত্তি— (ভিদ+ক্তি) ভেটি।
 আত্মোৎসৰ্গ—(আত্মন্‌-উৎ-সৃজ+ঘঞ্‌) নিজক উচৰ্গা কৰা।
 ৰাষ্ট্ৰ—(ৰাজ+ষ্ট্ৰন্‌) জনাজাত।
 নিৰস্ত—(নিৰ্‌-অস্‌ = নিক্ষেপ কৰ্‌+ ক্ত) ক্ষান্ত।
 নিৰ্ব্বাহ—(নিৰ-বহ+ঘঞ্‌) সম্পাদন।
 ঘনঘটাচ্ছন্ন—( ঘন=ডাৱৰ, ঘটা=সমূহ, আচ্ছন্ন = ঢাক খোৱা) ডাৱৰেৰে ঢাকখোৱা।
 উদ্দীপ্ত—উৎ+দীপ্‌ = আলো কৰ্‌+ ক্ত) আলোকিত, জিলিকা।

প্ৰশ্ন।

১। ইংৰাজ জাতিৰ জাতীয় প্ৰেমৰ কেইটামান উদাহৰণ দিয়াঁঁ।
২। লিখকৰ মতে ভাৰতবাসীয়ে জাতীয় প্ৰেম হেৰুওৱাৰ কাৰণ কি?