পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/১২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১২
সাহিত্য-মুক্তাৱলী।


শাৰীৰিক সকলো কষ্ট তেওঁ নীৰবে সহ্য কৰিবলৈ শিকিলে। নিজৰ সুখ-স্বাচ্ছন্দ্য আৰু বিলাসিতাৰ প্ৰতি দৃষ্টিপাত নকৰিলে, মহাযোগীৰ দৰে নশ্বৰ সংসাৰৰ সকলো বিষয় উপেক্ষা কৰি কেৱল নিজ উদ্দেশ্য সাধনত একান্ত মনে লাগি গল।

 এইদৰেই নানা ঠাই ভ্ৰমণ কৰি শেষত তেওঁ সুদূৰ তিব্বত দেশ পালেগৈ। তাত ৪ বছৰ থাকি তিব্বতী ভাষা শিকি বৌদ্ধ-ধৰ্ম্মৰ মূল গ্ৰন্থবোৰ আগ্ৰহেৰে পঢ়িবলৈ লাগি গল। কিন্তু অতি অলপ দিনৰ ভিতৰতে তিব্বতবাসীৰ সমাজ আৰু ধৰ্ম্মৰ মাজতো অনেক আবৰ্জ্জনা দেখিবলৈ পালে। ২০ বছৰ বয়সত তেওঁ পুনৰ ঘৰ পালেহি।

 ঘৰ পাই ৰামমোহন ইংৰাজী পঢ়িবলৈ লাগি গল। ইয়াৰ পিচত ক্ৰমে তেওঁ ফ্ৰেন্স, হিব্ৰু, লেটিন, গ্ৰীক আৰু উৰ্দ্দু ভাষাতো বিদগ্ধ পণ্ডিত হৈ পৰিল। মূল বাইবেল শাস্ত্ৰ পঢ়িবলৈ তেওঁ কঠোৰ পৰিশ্ৰম কৰি গ্ৰীক আৰু হিব্ৰু শিকিছিল। ইয়াৰ পাচত তেওঁ অনেক হিন্দুধৰ্ম্মৰ গ্ৰন্থ ইংৰাজীলৈ অনুবাদ কৰিলে। তেওঁৰ নাম বিদেশতো জনাজাত হৈ পৰিল। বিদেশী ডাঙৰ ডাঙৰ পণ্ডিতসকলে তেওঁৰ জ্ঞানগৰিমা এক মুখে শলাগিবলৈ ধৰিলে।

 ক্ৰমে দেশত সকলোৱেই ৰামমোহনৰ ধৰ্ম্ম আৰু সমাজ-সংস্কাৰৰ চেষ্টাত বিৰক্ত হৈ তেওঁৰ ঘোৰ শত্ৰু হৈ পৰিল। ৰামমোহনৰ বিৰুদ্ধে ৰামকান্তই আকৌ ওজৰ আপত্তি শুনিবলৈ পালে। অনেক প্ৰবোধ বচনেৰে তেওঁ ৰামমোহনক বুজালে। শেষত উপায়বিহীন হৈ বৃদ্ধ পিতাকে দ্বিতীয়বাৰ ৰামমোহনক ঘৰৰ পৰা বিদায় দিলে।