কুঁজীৰ কলঙ্ক।
ৰাম-বনবাসৰ চাবি-কাঠী মন্থৰা। ৰাম বনবাস কিয়, ৰামায়ণ- ৰূপ মহা আকাশৰ ধ্ৰূবতৰা মন্থৰা। কবিয়ে মন্থৰাৰে ৰামায়ণৰ গতি ঠিক কৰিছে। কিন্তু, এই মন্থৰা কোন? মন্থৰাৰ মাতৃকুল, পিতৃকুল, স্বামীকুল, সকলো দুৰ্জ্ঞেয়। কবিও এই কথাত নিমাত।
মন্থৰাৰ পৰিচয়ঃ — মন্থৰা এজনী দাসী। দাসী বুলি আমাৰ ডাঙ্গৰীয়াৰ বান্দী বা কলিকাতাৰ জি নহয়। মন্থৰাৰ অতুল ক্ষমতা, অতুল প্ৰভাৱ। এই কুঁজী বান্দীয়ে শ্ৰীৰামচন্দ্ৰক বনলৈ পঠায়। এই কুঁজী বান্দীয়ে দশৰথৰ প্ৰাণাদপি গৰীয়সী ৰাজৰাণী কৈকেয়ীক তিৰস্কাৰ কৰে। ৰাজনীতি-বিশাৰদ অদ্বিতীয় প্ৰতাপশালী দশৰথ ৰজাক ক্ৰূৰ, শঠ আদি মধুৰ সম্বোধন কৰে। পাটৰাণী কৌশল্যাকো হাত যোৰ কৰি হে ৰাণি, হে দেবি, আদি সম্বোধন নকৰে। কৌশল্যাৰ কথা কেতিয়াবা কাৰবাৰ আগত কব লাগিলেও আমি কাঁথিত বহি বিৰহুৰ মাকৰ কথা কোৱা দি ৰামৰ মাক বুলি হে কয়।
গুণৰ ফালে বিচাৰি চালেও কুঁজী কম নহয়। কৰ্তব্যনিশ্চয়ত কুঁজী পকা। কুঁজীৰ কুঁজত বুদ্ধি, ৰাজমন্ত্ৰণা, মায়া আদিও ভৰি থকা বুলি কবিয়ে কৈ গৈছে। “মতয়ঃ ক্ষাত্ৰ বিদ্যাচ মায়াশ্চাত্ৰ বসন্তি তে।” অৰ্থাৎ এই কুঁজীৰ শৰীৰত বুদ্ধি, ৰাজমন্ত্ৰণা আৰু মায়াও আছে।