পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২
সাহিত্য-মুক্তাৱলী।


সেই দেখি, এই ইঞ্জিনিয়াৰবিলাকৰ তলত, গোটেই খালতে ঠায়ে ঠায়ে, বেলেগ বেলেগ কামত জুমে জুমে মানুহ সদায় লাগি থাকে।

 খালৰ প্ৰায় আধা বাট গৈ, বাওঁহাতে ইজিপ্টদেশৰ “ইচ্‌মাইলিয়া” নামেৰে এখনি বিতোপন নগৰ পায় গৈ। খালৰ দাঁতিতে, কেইৰোৰ পৰা পেলেষ্টাইনলৈ যোৱা ৰেলৰ বাট এছোৱাও আছে। দুখন এখন ৰেলো লগ পোৱা যায়। খাল প্ৰায় দুভাগ গৈ, এভাগমান থকাতে “কেণ্টেৰা” বোলা ঠাই এডোখৰ আছে। তাতে খাল পাৰ হৈ, ইপাৰৰ মানুহ সিপাৰৰ আৰু সিপাৰৰ মানুহ ইপাৰৰ ৰেলত উঠে। সেই বাওঁহাতেই খালৰ কাণে কাণে, চুৱেজৰ পৰা পোৰ্টচেইডলৈকে এটা সুন্দৰ পকা আলি আছে। তাৰ ওপৰে চলা ২।৪ খন মোটৰ গাৰীও জাহাজৰ পৰা ওচৰতে দেখা যায়। সুদূৰ সাগৰ-পথৰ মাজত লোকালয়ৰ চিন পাই, এই চুৱেজ খালৰ বাট ছোৱাত মনত উলাহ লাগে।

 এই দৰে ইজিপ্টদেশৰ মৰুভূমিৰ মাজে দি, দুই পাৰৰ সুন্দৰ নতুন দৃশ্য চাই, খালে খালে ধীৰ গতিৰে গৈ গৈ ২৬ তাৰিখে গধূলি ৬ বজাত, পোৰ্ট চেইড্‌ নগৰৰ বন্দৰ পালোঁগৈ। চুৱেজৰ পৰা কেইৰোলৈ যোৱা সহযাত্ৰী-সকলো ঘূৰি আহি, ৰাতি ৮ বজাত এই ঠাইতে আকৌ জাহাজত উঠিলহি।

 চুৱেজ খালৰ সিমূৰেই পোৰ্টচেইড্‌ বন্দৰ। খাল এৰা মাত্ৰে, হাৱা-পানীৰ বিভিন্নতা স্পষ্টকৈ ওলাই পৰে। খালৰ বিষম জহৰ