কম্পমান কৰি তুলিছে; উজনিৰ সেনাপতি ফুকন-বৰুৱা যুঁজাৰু
সকলে আহি লতাশিলৰ পৰা ফটাশিললৈকে, হাজোৰ পৰা বশিষ্ঠ
লৈকে সকলো প্ৰজাৰ হৃদয় ৰণ-জেউতিত মতলীয়া কৰিছে। সেই
সময়ৰ সকলো প্ৰজাৰ মন-প্ৰাণ, শঙ্কিত, সচকিত, সুতীক্ষ্ন, উদ্বিগ্ন,
কম্পমান, চিন্তাকুল! ইয়ো এক দৃশ্য!
বাস্তৱিকে অসমীয়াসকলে বলবীৰ্য্য স্বাৰ্থত্যাগ আদিৰে সোণৰ সঁফুৰা অসমভূমিত বিদেশীৰ প্ৰতিপত্তি আৰু পৰাভৱৰ ঘুণে ধৰিবলৈ নিদিবৰ কাৰণে যি প্ৰাণ-পৰিশ্ৰম কৰিছিল, সেই সকলোৰে ফল- ভোগ কৰিছিল ৰাজেশ্বৰসিংহ স্বৰ্গদেৱে।
ৰণ-বিগ্ৰহত লিপ্ত থাকি চক্ৰধ্বজ সিংহৰ মৃত্যু হল। তাৰ পাচত দেশৰ বিপ্লৱ, মন্ত্ৰীসকলৰ চক্ৰান্ত, ৰাজসিংহাসনত ৰজা উঠিছে, নামিছে। তাৰ পাচত গদাধৰসিংহ যেতিয়া সিংহাসনত উঠে, সিয়ো বহু ভাগ্যচক্ৰ, দুখ-বিপৰ্য্যয়ৰ পাচত। তেওঁৰ ৰাজত্বও ইমান শান্তিময় নাছিল; বঙ্গালেৰে ৰণ, মহন্তসকলৰ নিৰ্য্যাতন, এইবোৰে স্বৰ্গদেৱক শান্তিৰ মুখ দেখিবলৈ নিদিছিল। ৰূদ্ৰসিংহ স্বৰ্গদেৱেও মহা সঙ্কল্প পূৰ্ণ কৰিবৰ মনেৰে দাঁতি-কাষৰীয়া জাতিবোৰক শৰণাপন্ন কৰি বঙ্গ আক্ৰমণৰ বিপুল আয়োজন কৰিছিল; পাচত সেই আয়োজনৰ মাজ খিনিতে হিয়াৰ কামনা হিয়াতে মাৰ নিয়াই মহাৰাজৰ লোকান্তৰ হয়। শিৱসিংহ ৰজাৰ দিনত দেশত শান্তি আছিল, কিন্তু ৰজাৰ দুৰ্দ্দশাৰ বাবে গাভৰুসকলে ৰাজ্যভাৰ পাই এটা সবল সম্প্ৰদায়ৰ প্ৰাণত অপমানৰ কুঠাৰাঘাত কৰি মহা অনিষ্টৰ সূত্ৰপাত কৰে। তাৰ পাচত প্ৰমত্ত সিংহৰ ৰাজত্ব তেনেই তাকৰ-