পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২
সাহিত্য মুক্তাৱলী।


 অসমত অনেক মহাত্মাই জন্ম গ্ৰহণ কৰি এই দেশক মহৎ, পবিত্ৰ আৰু গৌৰাৱান্বিত কৰি গৈছে। তেওঁলোকৰ বিমল কীৰ্ত্তিৰ জ্যোতিত অসমৰ মুখ উজ্জ্বল হৈছিল। বৰাহ মিহিৰৰ নিচিনা জ্যোতিষী, ডাকৰ নিচিনা জ্ঞানী, “বৃহৎ গঙ্গাজলৰ” নিচিনা স্মৃতিশাস্ত্ৰ-ৰচোঁতা, “প্ৰয়োগ ৰত্নমালাৰ” নিচিনা ব্যাকৰণ-প্ৰণেতা, এই অসমতে উপজিছিল। এই অসমেই কণ্ব, বশিষ্ঠ, কপিল, গৌতম, ভৰদ্বাজ, গোকৰ্ণ, গালব, কৌণ্ডিণ্য আদি ঋষিসকলৰ তপস্যাৰ ঠাই আছিল। আজি প্ৰায় বাৰ শ বছৰ হ’ল, এই অসম কামৰূপতে জগৎবিখ্যাত পণ্ডিতপ্ৰবৰ কুমাৰিলা ভট্টৰ জন্ম হৈছিল। খৃষ্টীয় অষ্টম শতিকাত যেতিয়া বৌদ্ধ-ধৰ্ম্মই বান পানীৰ দৰে বাঢ়ি প্ৰায় গোটেইখন ভাৰতবৰ্ষক তল নিয়াইছিল, হাজাৰে হাজাৰে, লাখে-লাখে ভাৰতীয় নৰনাৰীয়ে বৌদ্ধ-ধৰ্ম্ম গ্ৰহণ কৰিছিল, ৰজা, মন্ত্ৰী আৰু ৰাজপুৰোহিত সকলো বৌদ্ধ-ধৰ্ম্মত দীক্ষিত হৈছিল, সনাতন বৈদিক-ধৰ্ম্ম লুপ্তপ্ৰায় হৈছিল, সেই সময়ত যিজন মহাপুৰুষে অশেষ পুৰুষাৰ্থ কৰি বৌদ্ধ ধৰ্ম্মৰ গ্ৰাসৰ পৰা বৈদিক-ধৰ্ম্মক ৰক্ষা কৰিছিল, তেওঁৰ নাম আছিল কুমাৰিলা ভট্ট। তেওঁ, শ্ৰুতি, স্মৃতি, পুৰাণ, ইতিহাস, দৰ্শন, বিজ্ঞান আদি সনাতন ধৰ্ম্মৰ সকলো শাস্ত্ৰকে ভালকৈ জানিছিল। নিজেও অনেক বহুমূলীয়া পুথি ৰচনা কৰিছিল। যেতিয়া বৌদ্ধ-ধৰ্ম্মৰ ঢৌৱে আহি কামৰূপক ঢৌৱালে, তেতিয়া তেওঁ থিৰেৰে থাকিব নোৱাৰিলে। তেওঁ সিংহ-বিক্ৰমেৰে বৈদিক-ধৰ্ম ৰক্ষা কৰিবলৈ ওলাল। তেওঁ প্ৰথমে বিহাৰলৈ যায়। তেতিয়া বিহাৰ ভাৰতীয় বৌদ্ধ-ধৰ্ম্ম-মণ্ডলৰ এখনি প্ৰধান কেন্দ্ৰভূমি আছিল। তাত তেওঁক