সমললৈ যাওক

পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/১২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মাধৱদেৱ।

 জগতৰ ইতিহাস মানৱজাতিৰ ক্ৰমোন্নতিৰ এক অপূৰ্ব্ব কাহিনী। পৰ্ব্বতৰ গুহাত বন্য ফল-মূল আৰু কেঁচা মঙহ খাই পশুৰ দৰে জীৱনধাৰণ কৰা মানুহ ক’ত, আৰু আজিৰ দিনৰ জ্ঞান-বিজ্ঞানেৰে মণ্ডিত মানুহ ক’ত? ভাবত, ভাষাত, শিক্ষাত মানুহৰ উন্নতি ক'ৰ পৰা ক'লৈকে হৈছে, তাক ভাবিলে আচৰিত হব লাগে। আৰু ক্ৰমোন্নতি,—মানৱ-মনৰ এই ক্ৰমবিকাশ ক্ষুদ্ৰৰ পৰা বৃহত্তৰলৈ, জ্ঞানৰ পৰা জ্ঞানলৈ। মানৱ মনৰ এই বিৰাট অভিযানেই মানুহক অন্য পশুৰ শাৰীৰ পৰা ক্ৰমে আঁতৰ কৰি আনিছে। এই উন্নতিৰ মূলতে হৈছে মানুহৰ মনৰ উন্নতিৰ ফালে, বিকাশৰ ফালে, এটি স্বাভাবিক প্ৰবৃত্তি।

 কিন্তু সদায় মানুহে কেৱল এই উন্নতিৰ পথতে খোজ লৈ আহিছে নে? ব্যক্তিগত আৰু জাতীয় জীৱনৰ একো একোটা অৱস্থা আহে, যেতিয়া মানুহে নিজে উন্নতিৰ কাৰণে প্ৰস্তুত কৰা কিছুমান ৰীতি-নীতিৰে নিজক বান্ধি উন্নতিৰ পথত আগুৱাবৰ ইচ্ছা নকৰে। এই ব্যৱস্থাকে গীতাত ধৰ্ম্মগ্লানি বোলা হৈছে। ধৰ্ম্ম কথাটিৰ প্ৰকৃত অৰ্থলৈ চালেও আমাৰ বাখ্যা যে ভুল নহয়, সি স্পষ্ট হৈ ওলাব। এয়ে মানুহৰ দুৰ্দ্দশাৰ দিন। সামাজিক ভাবে মানুহক এই অৱস্থাতে মৃত বুলিব পাৰি। এনে সময়ত একো একোজন মহাপুৰুষৰ আগমন হয়, যি এই অস্বাভাবিক অৱস্থা দূৰ কৰি মানুহক আকৌ সত্য সনাতন পথত অগ্ৰসৰ হবলৈ শিকায়।