(৫) হেমকোষত শুৱলা আৰু শস্তা থাকিলেও সৰহভাগ লেখকে সুৱলা আৰু সস্তা হে লিখে।
(৬) সান্ত্বনা আৰু শান্ত্বনাৰ ভিতৰত সংস্কৃত সাহিত্যত সান্ত্বনা হে বেচিকৈ প্ৰচলিত অথচ অসমীয়া অভিধানত সান্ত্বনা নায়েই। তেনেকৈয়ে তুলি (চিত্ৰকৰৰ লেখনী) শব্দটোও অসমীয়া অভিধানত নাই।
(৭) লিখক শব্দটো ব্যাকৰণমতে ভুল, লেখক হে শুদ্ধ, সেই কাৰণেই হেমকোষত লিখক নাই। কিন্তু অসমীয়া সাহিত্যত দুয়োটাৰে ব্যৱহাৰ আছে।
(৮) অভিধানত “তিৰোতা” আছে, কিন্তু বেজবৰুৱা ডাঙ্গৰীয়া প্ৰমুখ্যে বহুতো বিখ্যাত লেখকে “তিৰুতা" লিখে।
এনে ধৰণে জেঁটোৰা শব্দ আৰু বহুত আছে। আন কি, চন্দ্ৰকান্ত অভিধানতো একেটা শব্দৰ বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ আকৃতি পোৱা যায়।
২। ব্যাকৰণ।
ব্যাকৰণৰ নিয়মতো মতভেদ আছে। আমি তাৰে মাত্ৰ দুটা তলত উল্লেখ কৰিলোঁ :-
(১) বৰ্ত্তমান সময়ত প্ৰচলিত ব্যাকৰণ মতে প্ৰথম বিভক্তিৰ ‘এ’ ইবৰ্ণ আৰু তাৰ গুণ বৃদ্ধিৰ পাচত ‘য়ে’, উবৰ্ণ আৰু তাৰ গুণ বৃদ্ধিৰ পাচত ‘ৱে হয়। কিন্তু আচলতে আমি হৰিয়ে বা মধুৱে উচ্চাৰণ নকৰোঁ, উচ্চাৰণ কৰোঁ হৰিএ,মধুএ। হেমচন্দ্ৰ বৰুৱাৰ আগৰ ব্যাকৰণ আৰু লম্বোদৰ বৰাৰ মতেও হৰিএ, মধুএ হে হ’ব লাগে। বৰ্ত্তমান সময়ৰ লেখকৰ ভিতৰত শ্ৰীযুক্ত শৰৎচন্দ্ৰ গোস্বামী ভাগৰীয়াই হে মাথোন তেনেকৈ লিখে।
(২) পুতেকে সৈতে, পুতেকৰ সৈতে, পুতেকৰে সৈতে, পুতেকেৰে সৈতে এই আটাইকেইটাৰ ব্যৱহাৰ আমাৰ সাহিত্যত আছে। ৺হেমচন্দ্ৰ বৰুৱা আৰু