সমললৈ যাওক

পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিদ্যাসাগৰ।

 মনুষ্য মৰণশীল। সমাজ পৰিবৰ্ত্তনশীল। ইতিহাসো স্থায়ী নহয়। কাৰণ মানুহৰ কাৰ্য্যকলাপ লৈয়েই বুৰঞ্জী। মনস্বী কাৰ্লাইলৰ মতে জগতৰ বুৰঞ্জী মানৱজাতিৰ কাৰ্য্যাৱলী; মহৎ লোকসকলৰ জীৱনচৰিতৰ সমষ্টি। পৃথিবীৰ ইতিহাস ভিন্ ভিন্ জাতিৰ উত্থান-পতনৰ এটা স্থায়ী প্ৰতিধ্বনি মাথোন। জাতীয় বুৰঞ্জী অধ্যয়ন কৰিলে দেখা যায় জাতিৰ ভঙ্গা-গঢ়া, সজা-পতা আছে। কোনো মহাত্মাই কেতিয়াবা বিশৃঙ্খল জনসমষ্টিক গঢ়ি- পিটি জাতি কৰিছে, কোনোবা কুলাঙ্গাৰে কেতিয়াবা আকৌ সেই জাতিকে ভাঙ্গি ছাৰখাৰ কৰিছে। এই যে জাতি সজা-ভঙ্গা গঢ়া-পিটা ইয়াক বোলোঁ আমি জাতীয় উত্থান-পতন, জাতিৰ উন্নতি- অৱনতি; কাৰণ ই সৰ্ব্বাঙ্গে মানুহৰ কৰ্ম্মসাপেক্ষ নহয়, ইয়াতো স্বাভাবিকতা আৰু ঐশ্বৰিকতাৰ যোগ আছে। এই জাতীয় উত্থান- পতনত যিসকলে সমাজৰ সংশোধন, জাতিৰ সংগঠন আৰু দেশৰ উন্নতিসাধনত উদ্যোগ আৰু উদ্যম প্ৰকাশ কৰে, অথবা ইয়াৰ অধঃপতনত সহায়তা কৰে সেইসকলে চিৰকাল মানৱ-সমাজত নিজ নিজ কৰ্ম্মফল ভোগ কৰে—কোনোৰ পুৰস্কাৰ ভক্তি-ভজনা, পূজা- অৰ্চ্চনা; কোনোৰ পুৰস্কাৰ তিৰস্কাৰ আৰু অভিশাপ।