পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

সাহিত্য-মুক্তাৱলী।

গদ্য-ভাগ।

আনন্দৰাম ঢেকিয়াল ফুকন
আৰু অসমীয়া ভাষা।

 ইংৰাজী ১৮৪৬ চনত শিৱসাগৰৰ পৰা ‘অৰুণোদয়’ নামে এখনি মাসিক সংবাদ পত্ৰ প্ৰচাৰিত হয়। ফুকনে এই সংবাদপত্ৰত সময়ে সময়ে ৰচনা দিবলৈ ধৰিলে। যি দেশৰ যি ভাষা তাৰ ব্যৱহাৰ নহলে দেশৰ মঙ্গল নহয। প্ৰথমে এই দেশত অসমীয়া ভাষাৰে সকলো কাৰ্য্য-কৰ্ম্ম হৈছিল। পাচে বঙ্গলা ভাষাই যে এই দেশৰ প্ৰকৃত ভাষা কৰ্ত্তৃপক্ষৰ পৰা এইটো সিদ্ধান্ত হোৱাত বঙ্গলা ভাষা সকলো বিষয়ত চলিবলৈ ধৰিলে। আদালত আৰু লোকৰ অৱস্থা দেখি অসমীয়া ভাষা চলাবৰ নিমিত্তে ফুকনৰ যত্ন হল। নানা উপদেশ-গৰ্ভ ইংৰাজী প্ৰস্তাবৰপৰা সংগ্ৰহ কৰি “অসমীয়া লৰাৰ মিত্ৰ” নামে দুই কাণ্ড পুস্তক ফুকনে অসমীয়াত প্ৰচাৰ কৰিলে। সেই পুস্তক কলিকতাৰ সমাচাৰ চন্দ্ৰিকা যন্ত্ৰলৈ পঠোৱা হয়, কিন্তু অসমীয়া ভাষা ছাপাৱালাই বুজিব নোৱৰাত কীৰ্ত্তিকান্ত বৰুৱা নামে এজন অসমীয়া লোকক ফুকনে কলিকতালৈ পঠায়। ১৮৪৯ চনত সেই পুস্তক মুদ্ৰিত হয়। ইংৰাজ আৰু দেশীয় ভদ্ৰমহোদয়সকলে