সমললৈ যাওক

পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/১১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১০
সাহিত্য-মুক্তাৱলী।


আৰবী ভাষা শিকিবৰ কাৰণে ৰামমোহন পাটনালৈ যাত্ৰা কৰিলে। তাত এজন বিখ্যাত মৌলবীৰ তলত থাকি আৰবী শিকিবলৈ আৰম্ভ কৰিলে। তেওঁ অতি সোনকালেই আৰবী ভাষাতো এজন পণ্ডিত হৈ পৰিল। বাৰ বছৰ বয়সতে তেওঁ তিনিটা ভাষাত পণ্ডিতালি দেখুৱাই সকলোকে চমৎকৃত কৰি পেলালে। দিনে দিনে তেওঁৰ পাণ্ডিত্য আৰু জ্ঞান বৃদ্ধি হল। তেওঁ তৰ্ক কৰিব আৰু বক্তৃতা দিব পৰা ক্ষমতাও অভ্যাস কৰি পেলালে।

 মুচলমানী ভাষা শিক্ষা আৰু মুচলমানৰ লগ-সঙ্গে তেওঁৰ মনৰ গতি আন পিনে ফিৰালে। সদায় তেওঁলোকৰ লগত অতিবাহিত কৰি, তেওঁলোকৰ ধৰ্ম্ম আলোচনা কৰি, তেওঁ হিন্দুৰ প্ৰতিমা পূজাত নানা খুঁত দেখিবলৈ পালে। প্ৰতিমা পূজাত তেওঁৰ আস্থা কমি আহিল। তাৰ ফলত অৱশেষত তেওঁ একমাত্ৰ নিৰাকাৰ ঈশ্বৰৰ আৰাধনাৰ সপক্ষে হৈ প্ৰতিমা পূজাৰ ঘোৰতৰ বিৰোধী হৈ উঠিল।

 আৰবী শিক্ষা সাঙ্গ কৰি তেওঁ সংস্কৃত শিকিবৰ নিমিত্তে কাশীলৈ যাত্ৰা কৰে। তাত তেওঁ অলপ দিনৰ ভিতৰতে হিন্দুৰ প্ৰাচীন গ্ৰন্থ বেদ, বেদাঙ্গ, উপনিষদ আদি সকলো শাস্ত্ৰ অতি কম আয়াসতে পঢ়ি পেলালে। আৰু চাই থাকোঁতে থাকেঁতে সংস্কৃত কাব্য, ব্যাকৰণ, আৰু অলঙ্কাৰ সকলো অধ্যয়ন কৰি এজন নামজ্বলা পণ্ডিত হৈ পৰিল। বেদান্ত পঢ়াৰ ফলত প্ৰতিমা পূজাৰ ওপৰত তেওঁৰ অশ্ৰদ্ধাই স্থায়ীভাব ধাৰণ কৰিলে। উপনিষদ-পাঠত তেওঁৰ চকুৰ আগত যেন এক নতুন পোহৰ জ্বলি উঠিল; সেই পোহৰে