পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
সাহিত্য-মুক্তাৱলী।

 জ্ঞান, ভক্তি, কৰ্ম্ম— তিনিও বিধ সাধনা সাধিলা। একাধাৰতে শতগুণ! এজনতেই সহস্ৰজনৰ কাৰ্যকাৰিতা! হে শঙ্কৰ, তুমি অসমক নিদিলা কি? ধৰ্ম্ম দিলা, ভক্তি দিলা, সাহিত্য দিলা, শিল্প দিলা, নাট দিলা, গীত দিলা, অসমক তুমি নতুনকৈ স্ৰজিলা। যুগৰ প্ৰবৰ্ত্তক তুমি, তোমাক নমস্কাৰ। ধন্য অসম! তুমি শঙ্কৰ- সূৰ্য্যক পাইছিলা! নহলে আজি ক’ত পৰিলাগৈহেঁতেন!

 শঙ্কৰৰ কাৰ্য্যকুশলতা অপৰিমেয়। ছেগ, ক্ষণ, সুবিধা, উপ- কৰণ,— সকলো সৃষ্টি কৰি লৈ কাৰ্য্য সম্পন্ন কৰাই তেওঁৰ কাৰ্য্যৰ পৰিচয়। নিষ্কৰ্ম্মই ছেগ সুবিধা বিচাৰিয়েই জীৱন কটায়। কৰ্ম্ম- কৰিব খুজিছা শঙ্কৰৰ আহি লোৱা কাম কৰি গৈ থাকাঁ‌, মন- প্ৰাণ দি একাগ্ৰ ভাবে কাম কৰাঁ‌— কামে আগ বাঢ়ি আহি তোমাক কাম দেখুৱাই নিব, বুকুত সাবটি লব। কামে তুমিয়ে একে হৈ পৰাঁ— দেখিবা কাম তোমাৰ পক্ষে ‘সহজ’ হৈ পৰিব।

 আজি কালিৰ ৰেল-জাহাজ, চৰকাৰী আলিৰ দিনত নহয়, সেই মধ্য যুগৰ বিপদসঙ্কুল দিনত শঙ্কৰৰ তীৰ্থপৰ্য্যটনৰ কথা ভাবি চাইছা নে? ভক্তি-প্ৰৱণতা কিমান দূৰ আগ বাঢ়িব পাৰে জানিছা নে? লোকৰ হিতাৰ্থে সুখ-সমৃদ্ধি, সাংসাৰিক বিষয়-বাসনা ত্যাগ কৰি শঙ্কৰে কি মহত্ত্ব, কি ওখ প্ৰাণৰ চিনাকী দিলে বুজিছা নে? ভাবাঁ, বুজাঁ, মানা, আৰ্হি লোৱা। সেয়ে হলেই মহাপুৰুষৰ তিথি পালনৰ সাৰ্থকতা হ’ব।

চন্দ্ৰকুমাৰ আগৰৱালা।