ৰমানাথ বৰুৱাই তেওঁৰ ৰূপবান অলঙ্কাৰ-পাতি আৰু মূল্যবান বয়-বস্তুবিলাক গুৱাহাটীলৈ তেওঁৰ ভায়েকৰ তালৈ পঠিয়াই দিছিল। গতিকে মান ডকাইতহঁতে বিশেষ মূল্যবান একো লুটিবলৈ নেপালে। আশাত নিৰাশ হৈ মানহঁতৰ খং জুই জ্বলাদি জ্বলি উঠিল, দাঁতে কড়মড় কৰিবলৈ ধৰিলে, চকুৰ পৰা জুইৰ আঙনি ওলাল।
প্ৰথমটো মানে দ্বিতীয়টোলৈ চাই কলে, “ইহঁত বৰ টেঙ্গৰ মানুহ; ৰূপবান অলঙ্কাৰ-পাতি সোপাকে আগৰ পৰাই কৰবাত লুকুৱাই থৈছে।” দ্বিতীয়টোৱে প্ৰথমটোৰ কথাৰ কোনো সমিধান নিদি ৰমানাথ বৰুৱাৰ পিঠিত চমটাৰে সৰোপ সৰোপকৈ তিনি কোব মাৰি গুজৰি সুধিলে, “ধন-বস্তুবিলাক ক’ত লুকুৱাই থৈছ এতিয়াই দেখুৱাই দে, নাইবা তহঁতক এই ঘৰৰ ভিতৰতে জুই দি পুৰি মাৰিম।” চমটাৰ কোবত ৰমানাথ বৰুৱাৰ পিঠিৰ পৰা ঝৰ ঝৰ, কৈ তেজ পৰিবলৈ ধৰিলে, বপুৰিয়ে যন্ত্ৰণাত চেঙালুটি পাৰিবলৈ ধৰিলে। স্বামীৰ এনে তৱস্থা দেখি কান্দি কান্দি জয়ন্তীয়ে যোৰহাতকৈ কাতৰ কণ্ঠেৰে ডকাইতহঁতক কলে, “তোমালোকে এই দুখুনীৰ প্ৰতি দয়া কৰা। মোৰ দেউতাহঁত, মোৰ স্বামীক আৰু নেমাৰিবা। মই ঈশ্বৰক সাক্ষী কৰি কৈছোঁ আমাৰ হাতত এতিয়া একো নাই। সত্যে সত্যে তিনি সইত খাই কৈছোঁ, ৰূপবান অলঙ্কাৰ পাতি বয়-বস্তু যি আছিল, আমি ইয়াৰ পৰা গুচি যাম বুলি দিনচেৰেকৰ আগেয়েই আমাৰ গুৱাহাটীৰ মিতিৰ-কুটুমৰ ঘৰলৈ পঠিয়াই দিলোঁ। এতিয়া তোমালোকে আমাক দুইকো ছোৱা-ছোৱাকৈ কাটিলেও একো পাবৰ উপায় নাই। সেই দেখি