পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[৪]

 ঠিকনাৰ গোলমালতেই হওক, বা আন কোনো কাৰণতেই হওক, কেইটামান প্ৰবন্ধৰ মালিকৰ পৰা অনুমতি পোৱা বা লোৱাৰ সুবিধা নহ’ল; তেখেতসকলেও অনুমতিলৈ অপেক্ষা নকৰাকৈ তেখেতসকলৰ প্ৰবন্ধ ব্যৱহাৰ কৰাৰ বাবে যেন সংগ্ৰাহকক ক্ষমা কৰে।

 এই পুথি যুগুত কৰোঁতে ঘাইকৈ এই দুটা কথালৈ লক্ষ্য ৰখা হৈছে :—
 (১) যাতে প্ৰবন্ধবিলাক সুখপাঠ্য হয়, আৰু লৰাই পঢ়িবলৈ আগ্ৰহ কৰে।
 (২) যাতে প্ৰবন্ধবিলাকত জানিবলগীয়া, শিকিবলগীয়া বিষয় যথেষ্ট পৰিমাণে থাকে, আৰু অধ্যয়নৰ লগে লগে লৰাৰ অনুসন্ধিৎসা বৃদ্ধি হয়।

 প্ৰায়বোৰ প্ৰবন্ধৰ তলতে টীকা আৰু আদৰ্শ প্ৰশ্ন দিয়া হৈছে। তাৰ দ্বাৰা শিক্ষক আৰু ছাত্ৰসকলৰ বিশেষ সুবিধা হ'ব বুলি আশা কৰা যায়।

 এই পুথিৰ নিমিত্তে প্ৰবন্ধ নিৰ্ব্বাচন কাৰ্য্যত বন্ধুবৰ শ্ৰীযুক্ত বসন্তকুমাৰ বৰুৱা বি, এৰ পৰা মাজে-সময়ে সাহায্য পোৱা হৈছিল, সেই বাবে তেওঁৰ শলাগ লৈ আন্তৰিক ধন্যবাদ জনালোঁ।

 শেহত ইয়াকে মাথোন কওঁ যে যি উদ্দেশ্য মনত ৰাখি “সাহিত্য-মুক্তাৱলী”, সংগ্ৰহ কৰা হৈছে, সি সফল হলেই সংগ্ৰাহকে আত্ম-প্ৰসাদ লাভ কৰিব। ইতি।

তেজপুৰ।
২৯ শাওণ, ১৮৫৬ শক
বিনীত নিবেদক
সংগ্ৰাহক।