কালিদাস।
আজি প্ৰায় ডেৰ হাজাৰ বছৰ হল, এজনা মহাপুৰুষে উজ্জয়িনী নগৰ পোহৰ কৰিছিল, সংস্কৃত সাগৰ মথি কাব্য-মাণিক উৎপন্ন কৰিছিল, কবিসকলক মোহিত কৰিছিল, ৰস আৰু অলঙ্কাৰ-মৌৰে ভাৰত-ভোমোৰাক মতলীয়া কৰিছিল,—তেওঁৰ নাম কালিদাস। তেওঁ বিক্ৰমাদিত্যৰ নবৰত্নৰ ভিতৰত সকলোতকৈ উজ্জ্বল ৰত্ন আছিল। আজি প্ৰায় ডেৰ হাজাৰ বছৰ তেওঁৰ কাব্য, তেওঁৰ নাটক, তেওঁৰ কবিত্ব শক্তি, তেওঁৰ অনুপম উপমা, তেওঁৰ কবিতাৰ অনুপম সৰলতা আৰু মধুৰতা দেখি ভাৰত-জগৎ মোহিত হৈ আছে, সকলোৱে একবাক্যে তেওঁক ভাৰতৰ কবিসকলৰ মাজত সকলোতকৈ ওখ আসনত বহিবলৈ দিছে, সৰস্বতীৰ বৰপুত্ৰ বুলি পূজা কৰিছে! সংস্কৃত জনা লোকসকলে কালিদাসৰ অমৃতময় কাব্য আৰু নাটকবিলাক পঢ়ি মোহিত হয়, আনবিলাকে তেওঁৰ সম্বন্ধে সাধু কথা শুনি আচৰিত হয়। যেনেকৈ ৰামকৃষ্ণৰ নাম ঘৰে ঘৰে, ব্যাস-বাল্মীকিৰ নাম ঘৰে ঘৰে, সেইদৰে কালিদাসৰ নামো ঘৰে ঘৰে। হিন্দুৱে কালিদাস পঢ়া গৌৰৱ বুলি ভাবে; হিন্দু কবিয়ে কালিদাসক আৰ্হি লৈ কবিতা লিখিবলৈ শিকে। এজন হিন্দু কবিয়ে কৈছে বোলে, মোৰ কপালত যেন কালিদাসৰ কবিতা জনমে জনমে ঘটে!
য়ুৰোপৰ লগত ভাৰতৰ চলাচল হোৱাত কালিদাসৰ ৰাজত্ব আৰু বাঢ়িল, এতিয়া য়ুৰোপ, আমেৰিকাৰ সভ্যজাতিবিলাকেও তেওঁক