৬টা উচ্চবিদ্যালয় আৰু ১০৫ জন অধ্যাপক আছিল। এই বিদ্যালয় ৪শ বছৰৰ পাচত নষ্ট হয়। ছাত্ৰ থাকিবৰ নিমিত্তে বিদ্যালয়ৰ গাতে লগা ৪ খন সত্ৰ অৰ্থাৎ ছাত্ৰাবাস আছিল। তাত ছাত্ৰবিলাকে বিনা খৰচে খাবলৈ আৰু থাকিবলৈ পাইছিল।
(৬) উজ্জয়িনীত যি বিশ্ববিদ্যালয় আছিল তাত একালত অৰ্থাৎ বিক্ৰমাদিত্যৰ ৰাজত্বৰ সময়ত ভাৰতবৰ্ষৰ সকলো পণ্ডিত লোকসকলৰ মিলন-ক্ষেত্ৰ আছিল। এই বিশ্ববিদ্যালয়ত বিশেষকৈ জ্যোতিষ-শাস্ত্ৰ শিক্ষা দিয়া হৈছিল। এই বিদ্যালয় বুদ্ধদেৱৰ দিনতে প্ৰখ্যাত আছিল।
আৰ্য্য-শিক্ষাৰ ৬৪ কলা বিদ্যা শিক্ষা এই বিশ্ববিদ্যালয়বিলাকত তলত দিয়া ১১ বিভাগত শিক্ষা দিয়া হৈছিল। ১। সাহিত্য, ২। গৃহ পালন বিদ্যা, ৩। ৰন্ধনবিদ্যা, ৪। সাজ-সজ্জা আৰু পৰিচ্ছদ বিদ্যা, ৫। হাতেৰে কাম কৰা বিদ্যা, ৬। শিল্প বিদ্যা, ৭। বিজ্ঞান, ৮। সঙ্গীত বিদ্যা, ৯। নাট্যবিদ্যা, ১০। শিষ্টাচাৰ, ১১। শাৰীৰিক ব্যায়াম বিদ্যা।
ওপৰত কোৱা কথাৰপৰা অপোনাসকলে ভালকৈ দেখিছে যে অন্যান্য সভ্যদেশত ছাত্ৰৰ শিক্ষাৰ নিমিত্তে যি বন্দবস্ত কৰিছিল, এই দেশতো তাতকৈ কোনোমতে কম বন্দবস্ত কৰা নাছিল।
৺হেমচন্দ্ৰ গোস্বামী।
টীকা।
ভাস্কৰবিদ্যা— শিল্পবিদ্যা
চতুস্পাঠী— চাৰি বেদ পঢ়োৱা বিদ্যালয়।