বুলি মানিলে। সিবিলাকৰ প্ৰত্যেকেই শ্ৰীকৃষ্ণদেৱক যথাসমাদৰেৰে
সিবিলাকৰ নিজ নিজ ঘৰত আলহী হবলৈ বিনীত অনুৰোধ জনালে,
আৰু প্ৰত্যেকেই বহুমূলীয়া ৰত্নৰাজিৰে সৈতে তেওঁৰ ওলগ ললে।
কিন্তু মহানীতিবান আদৰ্শমানৱ মাধৱে প্ৰত্যেককে যথাযোগ্য সাধু
বুজনি দি সিবিলাকৰ সাদৰী অনুৰোধ বিনীতভাৱে প্ৰত্যাহাৰ
কৰিলে। তাৰ পাচত, শ্ৰীকৃষ্ণদেৱে সেই সমৃদ্ধিশালী ৰাজপুৰুষ
সকলৰ বিচক্ষণীয়া ৰাজপ্ৰাসাদ এৰি থৈ, দীন ক্ষীন ধৰ্ম্মাত্মা বিদুৰৰ
সামান্য কুটীৰত আলহী হলগৈ।
ভোজনৰ পাচত, যথাৱতকৈ জিৰণি লৈ উঠি বাসুদেৱে বিদুৰৰে সৈতে ভিতৰুৱাকৈ কথাবাৰ্ত্তা পাতিবলৈ ধৰিলে। কথা প্ৰসঙ্গত বিদুৰে ভক্তিভাৱে শ্ৰীকৃষ্ণৰ আগত এইবুলি মনোভাৱ ব্যক্ত কৰিলে, “হে মধুসূদন! আপোনাৰ হস্তিনালৈ অহা অসাৰ্থক হব। মই জানো, দুৰাশয় দুৰ্য্যোধনে আপোনাৰ সন্ধি-প্ৰস্তাৱত কাচিতো মান্তি নহয়; বিনা ৰণে কৌৰৱে পাণ্ডৱক গাওঁ এখনো এৰি নিদিয়ে। এতেকে আপোনাৰ দৌত্য বিফল হব। আপুনি সেই উদ্দেশ্যে ইয়ালৈ অহাৰ প্ৰয়োজন নাছিল। হে পুৰুষোত্তম! আপোনাৰ প্ৰভাব, পৌৰুষ আৰু বুদ্ধিৰ বিষয়ে মই বিলক্ষণ জানো; তথাপি মোৰ মনেৰে আপুনি বিপক্ষৰ ফলীয়া হৈ এই সময়ত শত্ৰুৰ ৰাজভবনলৈ অহাটো উচিত নাছিল।”
জ্ঞানী বিদুৰৰ মুখে সৰল বন্ধুৰ বুজনি শুনি পাণ্ডৱ-কটকী শ্ৰীকৃষ্ণদেৱে এটি সৰল হাঁহি মাৰি এইবুলি সমিচাৰ দিলে,—“হে ধৰ্ম্মাত্মা বিদুৰ! আপোনাৰ সৰল মন্তব্যত মই সম্মানেৰে কাণ