সমললৈ যাওক

পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/১৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৪
সাহিত্য-মুক্তাৱলী।

অৰক্ষিতে আছে পৰি; সাধ্য কিন্তু কাৰ
লয় তুলি কিবা এটি,—সলনিত তাৰ
নেবেচিলে মন-প্ৰাণ, একমাত্ৰ বেচ।

শ্ৰীপদ্মনাথ গোহাঞি বৰুৱা।

 

টীকা।

 গভীৰ গহ্বৰ ভেদি•••শোভা বিতোপন—গভীৰ গহ্বৰৰ পাৰকেইটাত সমথল; মাজত বৰ ওখ গছ গজাত তাৰ আগবোৰ সেই সমথলেৰে সমান হৈ পৰিছে। নিলগৰ পৰা চালে দ, বাম সকলো সমান দেখি।

 চাপিলে ওচৰ ••ৰহস্য অপাৰ—ওখ পৰ্ব্বতীয়া ঠাইত নিলগৰ পৰা মাটিৰ ওচৰতে ডাৱৰবোৰ লৰিফুৰা দেখা যায়, কিন্তু ওচৰত তাক দেখা নাযায়, গাৰ কাপোৰ-কানি বা ঘৰৰ ভিতৰৰ বস্তু তিতাই থৈ যোৱাৰ পৰা হে গম পোৱা যায়।

 দীৰ্ঘ শ্যামাঙ্গী প্ৰকৃতি—নানা গছ-গছনিৰে শুৱনি দীঘলীয়া পৰ্ব্বত-শাৰীৰ স্বাভাবিক সৌন্দৰ্য্য।

 দূৰণিৰ দৃষ্টিৰেখা—দৃষ্টি যি ৰেখালৈকে যায়, এতেকে আকাশ আৰু পৃথিবীৰ মিলন-ৰেখা, চক্ৰবাল।

প্ৰশ্ন।

১। কবিতাটোৰ ভাব সৰল গদ্যেৰে প্ৰকাশ কৰাঁ।

২। ব্যাখ্যা কৰাঁ,-আতিকে সৰল তাৰ•••সভ্যতাৰ সাজ।

৩। অৰ্থ লিখাঁ আৰু বাক্য ৰচনা কৰাঁ:-নিজাপী, কৃত্ৰিম, অতৃপ্ত, অযাচিতে, তিৰবিৰ আৰু বিহৰ।