সূতিকা পটল

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
[  ]
 

সূতিকা পটল।

 
 

(অৰ্থাৎ অসমীয়া ধাত্ৰীৰ বাবে অনেক ৰোগৰ
বহু ঔষধ আৰু জানিবলগীয়া বহু কথাৰে পূৰ্ণ৷)

 

 

গোবিন্দৰাম চৌধুৰী প্ৰণীত।

 

 

অমৃত এজেঞ্চি,
পোঃ নলবাড়ী, কামৰূপ, আসাম।

 

 

বেচ ।৹ চাৰি অনা।

[  ]

সূতিকা পটল।

(অর্থাৎ অসমীয়া ধাত্রীশিক্ষা—সূতিকা ৰোগৰ বহু ঔষধ
আৰু জানিবলগীয়া কথাৰে পূৰ্ণ)

 

৺গোবিন্দৰাম চৌধুৰী প্ৰণীত৷

 

শ্ৰীযুত নবীনচন্দ্র তালুকদাৰৰ দ্বাৰা
সম্পাদিত
আৰু
৺যজ্ঞেশ্বৰী দেবীৰ নামে
প্রকাশিত।

একমাত্ৰ এজেণ্ট
অমৃৎ এজেঞ্চি,
পােঃ নলবাড়ী, কামৰূপ, আসাম।

পাইকাৰী দৰৰ বাবে অমৃত এজেঞ্চিক চিঠি লেখক।

মূল্য ৷৹ চাৰি অনা।

[  ]
 

কলিকতা,
৫১৷২ নং চুকীয়া ষ্ট্ৰীট, মণিকা যন্ত্রত শ্ৰীহেমচন্দ্র ে
দ্বাৰা ছপা কৰা হ’ল।

 

[  ]

গ্রন্থকাৰ আৰু প্ৰকাশিকা।

 ৺গোবিন্দৰাম চৌধুৰী এই পুথিৰ লেখক। এওঁ কামৰূপ-বড়পেটা অঞ্চলৰ মানুহ; আৰু এওঁৰ পূৰ্ব্বাপৰ বংশ সেই অঞ্চলত বৰ খ্যাতিপন্ন। এওঁলোক বিজয়সিংহ নামে এজন ৰাজপুত সৰ্দ্দাৰৰ বংশধৰ। বুঢ়া চৌধুৰী ডাঙৰীয়াৰ সুযোগ্য পুত্র স্বর্গীয় ৺শ্যামলাল চৌধুৰী পঁলাশবাড়ীৰ “চৱ ডিপুট কলেক্টৰ” (Sub deputy collector) আছিল। ১৩১৫ চনৰ আহিনত তেওঁৰ পৰলোক হৈছে ।

 বুঢ়া চৌধুৰী ঢুকাবৰ বৰ বেছিদিন নহলেও, তেওঁ প্রাচীন মানুহ আছিল; তেওঁৰ জ্যেষ্ঠ পুত্র ৺শ্যামলাল চৌধুৰীয়ে আজি কালিৰ দিনত প্রাচীন। আমি যিমান দূৰ জানো তেওঁৰ কোনো ইংৰাজী শিক্ষা হোৱা নাছিল; সংক্ষেপতে আমাৰ প্রাচীন ভদ্রলোকসকলে যি অৱস্থাত আৰু যি সুবিধাত শিক্ষা পাইছিল, তাত বাদে বুঢ়া চৌধুৰীয়ো একো সুবিধা পোৱা নাছিল। তথাপি তেওঁৰ মতবোৰৰ নব্যতা আৰু যৌক্তিকতা দেখি আচৰিত হ’ব লাগে। কোনো ফালে তেওঁৰ চকু নোযোৱা নাছিল; আৰু কোনো ফালৰ ৰায়ে তেওঁৰ চকুৱে ভাল খিনি ন’নাকৈ ফিৰি অহা নাছিল। মিছা বুলি কৈয়ো চৌধুৰী ডাঙৰীয়াই কৈছে—

ভূত মিছা হোক ভূতে আছে বহু গুণ।
নকৈছোঁ পূৰ্ব্বত বহু দুৰ্গুণে সুগুণ॥ (১৩ পৃষ্ঠা)

আচলতে প্রাচীনতাৰ সংস্কাৰৰ পৰা যি এনেকৈ ভাল চেকি উলিয়াব পাৰে তেৱেঁহে আচল শিক্ষিত। তেওঁ জানিছিল যে [  ] কোনোবা যুগৰ কোনোবা মুনি-ঋষি কোনোবা সমাজৰ বাবে কৰি যোৱা নিয়মে আজিৰ দিনত আজিৰ সমাজক চলাব নোৱাৰে৷ এই কথা কি দৰে সাধাৰণৰ বোধগম্য কৰি দিছে, এবাৰ ৬৪ পৃষ্ঠাত চালেই বুজিব পাৰি৷ এনে কথা যে আৰু কিমান আছে, কিতাপখন ঘূৰাই চালেই বুজিব পৰা যাব৷

 এতিয়া আমি দেশহিতৈষী হৈছোঁ; কিন্তু আমাৰ দেশহিতৈষিতা বুঢ়া দিনৰ এই বুঢ়াজনৰ সমান হয় নে চোৱাচোন—

গৰ্ভবাস যন্ত্ৰনাক হই বিস্মৰণ৷
মদে মত্ত হই বিষয়ত দিলোঁ মন॥
কাম ক্ৰোধ লোভ মোহ হইল প্ৰবল৷
ধৰ্ম্ম চিন্তিবাৰ চিন্তা কৰিল বিকল॥
সিতো গৈল গৈল, ভৈল যি ভৈল সি ভৈল৷
অসাৰ সংসাৰে আশা পূৰ্ণ নাহি হৈল॥
তাকে জানি দেশৰ সাধন কৰা হিত৷
নকৰিবা ইতো যুগুতিৰ বিপৰীত॥ (৪৭ পৃষ্ঠা)

আনৰ পৰা হ’লে এনে মায়া মোহৰ কথাৰ পাচত হৰি-ভক্তিৰ উপদেশ পোৱা গ’ল হেঁতেন৷ কিন্তু চৌধুৰী ডাঙৰীয়াই কৈছে— মায়ামোহত মুগ্ধ হৈ ধৰ্ম্ম নাচৰি যি কৰিলা, কৰিলা; কিন্তু এতিয়া দেশৰ হিত কৰি সেই পাপ কটোৱা, জীৱন সাৰ্থক কৰা৷ দেশ-সেৱা, জনসেৱা এয়ে পৰম ধৰ্ম্ম৷ কেনে মহৎ আৰু অসাধাৰণ দেশভ​ি

 আকৌ, চৌধুৰী ডাঙৰীয়াৰ কবিত্বৰ কথাও অলপ নোৱাৰি৷ তেওঁ এই পুথিখন আৰু লগত দিয়া দুটিত বাদে আন কিবা পুথি লিখিছে নে নাই, এতিয়াও জনা নাই৷ কিন্তু তেওঁৰ কবিত্ব এইখনতে সুন্দৰকৈ ফুটি উঠিছে৷ [  ]

কিতাপখন আচলতে অনুবাদ হে৷ কিন্তু কবিৰাজী বা বেজালী কিতাপ সকলোৱে বুজিব পৰাকৈ অনুবাদ কৰা সাধাৰণ শক্তিৰ কাৰ্য্য নহয়৷ আচলতে এই পুথিখনে আমাক প্ৰাচীন সংস্কৃত সাহিত্যত যে সকলো কথা শ্লোকত লেখা হৈছিল, সেই কথাটি মনত পেলাই দিয়ে৷ এই সুৱলা অনুবাদত বাদে মাজে মাজে মধুৰ পদৰ ফুলবোৰ ফুটি ফুটি ওলাইছে৷ অৱশ্য, এনে কিছুমান অনুপ্ৰাস বা যমকৰ ঘটা আছে যাক আজিকালি ভাল কবিতা বোলা নহয়৷ কিন্তু তেতিয়া অনুপ্ৰাস, যমক আৰু অলঙ্কাৰৰ চক্ মক্ দেখোৱাই কবিতাৰ আদৰ্শ আছিল; আৰু সেই আদৰ্শত বুঢ়া চৌধুৰীক ছেৰ পেলোৱা টান ৷ সময় আৰু আদৰ্শমতে কৃতিত্ব দেখাবপৰা বুদ্ধি আৰু শক্তিৰ কাম; সময়ৰ আদৰ্শক কাটি কৰি থৈ সত্য আদৰ্শ অনুসৰি কৃতিত্ব দেখুৱাব পৰা প্ৰতিভা অতি কমৰ ভাগ্যত হে হয়৷ ইয়াত দুই এটা উদাহৰণ দেখুৱাই তেওঁৰ কবিত্বৰ পৰিচয় দিব নোৱাৰি৷ সমুদায় কিতাপখন এবাৰ পঢ়িলে তেওঁৰ কবিত্বত মুগ্ধ হ’ব লাগিব। তথাপি শব্দ ব্যৱহাৰ আৰু অলঙ্কাৰৰ ছটা দেখুৱাবৰ বাবে ইয়াত দুটি এটি পদ তুলি দিয়া হ'ল৷

হাস্য আস্যে লক্ষ্মী বোলে কিনু হাস্যাস্পদ৷
ঈশ্বৰৰ কাৰ্য্যে ভূতে ঘটায় বিপদ॥ (১২ পৃষ্ঠা)

অনুপ্ৰাস আৰু শ্লেষ আদিত চাবাচোন—

গোবিন্দৰ পদ, আৰু গোবিন্দৰ পদ৷
ই দুই জানিলে গুছে প্ৰসব বিপদ।৷(১৬ পৃষ্ঠা)

দুৰ্ম্মদ বিপদকৰী,  হৰিনাম তাহে হৰি,
 মোহ পৰিহৰি তাক ভাবা॥

[  ]

মুখে বোলা হৰি হৰি, বিপদ হৰিব হৰি,
 ৰূপ-গুণ-যুত সুত পাবা॥

(২৪ পৃষ্ঠা)

গোবিন্দ-পদাৰবিন্দ-মকৰন্দ-আশে৷
গোবিন্দ মধুৰ সুমধুৰ ভাষা ভাষে॥

(৪৭ পৃষ্ঠা)

গোবিন্দ গোবিন্দে ৰাখা পায়,
শ্যামলালে ৰক্ষ শ্যামৰায়,
চিদানন্দ কৰা চিদানন্দৰ কল্যাণ।

(৫০ পৃষ্ঠা

 এনে হেন চৌধুৰীৰ নাম যদিও ইমান দিনে প্ৰখ্যাত হোৱা নাই, সি প্ৰখ্যাত হোৱাৰ বৰ যোগ্য!

⸺⸺⸺

 যাৰ নামে এই পুথিখন প্ৰকাশ কৰা গৈছে, আনৰ লাভা- লাভৰ ফালে নাচাই, কেৱল নিজৰ সন্তোষৰ অৰ্থে, সেই স্বৰ্গীয়া দেবীৰো অলপ কথা এইখিনিতে দিয়া হ'ল। ব্যথিত হৃদয়ে আনৰ লাভ-লোকচান-নোহোৱা কোনো কাম কৰি যদি সন্তোষ পায়, তেনেহলে বিদ্ৰূপ আৰু উপেক্ষাৰ হাঁহিৰ তলত সেই বিষাদপূৰ্ণ সন্তোষক মাৰ খেদোৱা মহদন্তঃকৰণৰ কাম নহয়; বৰং উদাৰ চৰিত্ৰে সেই সন্তোষ মধুৰ আৰু শান্তিময় কৰিবৰ অৰ্থে তাক সহানুভূতি আৰু দয়াৰ অশ্ৰুজলেৰে কোমল আৰু পবিত্ৰ হে কৰি দিয়ে। আমাৰো আশা, আমাৰ এই কাৰ্য্যৰ ওপৰত কাৰো নিৰ্দ্দয় উপেক্ষাৰ আৰু হৃদয়হীন সমালোচনাৰ ভাৰ নপৰে। [  ]

 এই পুথিৰ প্ৰকাশিকা স্বৰ্গীয়া ৺যজ্ঞেশ্বৰী দেবী বেলতলাৰ স্বৰ্গীয় ৰজা ৺চন্দ্ৰ নাৰায়ণদেৱৰ জীয়েক আছিল। তেওঁ কুমাৰী অৱস্থাত যি সুখ আৰু আমোলত কাল কটাইছিল, স্বশ্ৰুকুলৰ দৰিদ্ৰ অৱস্থাৰ বাবে, তেওঁ বিবাহিতা অৱস্থাত আৰু সেই সুখ ভোগ কৰিব নাপাইছিল। তথাপি নিজৰ মহৎ চৰিত্ৰৰ গুণে পাতিব্ৰত্য ধৰ্মকে সাৰ কৰি, ৰজাৰ জীয়েক হৈয়ো নিজে নানা কষ্ট কৰি, তেওঁ গৃহাশ্ৰমধৰ্ম্ম পালন কৰিছিল আৰু স্বামীগৃহ সদায় আনন্দ আৰু পবিত্ৰতাৰ কিৰণেৰে উজ্জ্বল কৰি ৰাখিছিল। পাচে অকালতে পোন্ধৰ বছৰ বয়সত শ্বশ্ৰু আৰু পিতৃকুলক কন্দুৱাই পুণ্যশীলা পতিব্ৰতাই সূতিকা ৰোগত প্ৰাণ ত্যাগ কৰে।
 ৺যজ্ঞেশ্বৰী দেবীৰ চৰিত্ৰ পতিভক্তি, দয়া, দাক্ষিণ্য আদি সদ্ গুণবোৰেৰে ভূষিত আছিল। কিন্তু সকলোতকৈ ডাঙৰ আছিল তেওঁৰ সন্তোষ। তেওঁ সকলো অৱস্থাতে সুখী আছিল; আৰু সৰুকালতে নকৰা বন আদি কৰিও পতিগৃহত থাকি বৰ সুখেৰে কাল কটাইছিল।
 ৺যজ্ঞেশ্বৰী দেবী ১২৯৯ চনৰ কাতি মাহত জন্ম গ্ৰহণ কৰে। আৰু ১৩১২ চনৰ ২ৰা বহাগৰ দিনা এই প্ৰবন্ধৰ তলত নাম দিওঁতাৰ লগত তেওঁৰ বিয়া হয়। তাৰ পাঁচ বছৰ ১৩১৩ চনৰ জেঠত তেওঁৰ দ্বিতীয় বিবাহ কাৰ্য্য সমাধা হয়। আৰু ১৩১৪ চনৰ আহিনত এটি পুত্ৰ সন্তান জন্ম দি ৰাতি দুটা বজাত স্বৰ্গ ধামলৈ গতি কৰে। তেওঁৰ মৃত্যুৰ সময়ত তেওঁৰ পিতাক জীৱিত আছিল; ১৩১৫ চনৰ ভাদ’ মাহত তেওঁৰ কাল হয়। ৺যজ্ঞেশ্বৰী দেবীৰ মাতৃদেবী এতিয়াও জীৱিতা।

 ৺যজ্ঞেশ্বৰী দেবীয়ে মৃত্যুৰ সময়ত কিছুমান সঞ্চিত ধন এৰি থৈ [ ১০ ] যাই। এইখিনি, হাঁহ, পাৰা, ছাগল প্ৰভৃতি পুহি তেওঁ নিজে উপাৰ্জ্জন কৰা ধন। সেইবাবে এইখিনি তেওঁৰ স্মৃতিৰ অৰ্থে কোনো সদ্ কামত ব্যয় কৰা আমাৰ কৰ্ত্তব্য আছিল। পুত্ৰ সন্তান এটি প্ৰসৱ কৰি ৺যজ্ঞেশ্বৰী দেবীৰ মৃত্যু হোৱাৰ সমান দুখ লগা কথা তেওঁৰ জ্ঞাতি-বান্ধৱসকলৰ ওচৰত একো নাই। এইদৰে যে আমাৰ নজনা দেশত কিমান তিৰোতাই ইষ্টমিত্ৰক কন্দুৱাই অকাল মৃত্যুত প্ৰাণত্যাগ কৰিব ধৰিছে তাৰ সংখ্যা নাই৷ সেইদেখি এই পুথিখন ছপাই তেওঁ যি কালৰোগত পৰি ইহলীলা সম্বৰিলে, তাক দমন কৰিবলৈকে অলপমানো সহায় কৰি, অসমীয়া তিৰোতাক ডাঙৰ বিপদ এটিৰ পৰা উদ্ধাৰৰ এটি সঙ্কীৰ্ণ পথ দেখাই দিব পৰাতকৈ একো ভাল স্মৃতি চিহ্ন হ’ব নোৱাৰে জানি, এই পুথিখন তেওঁৰ নামে ছপা কৰা হ’ল। সেইবাবেই ইয়াৰ মূল্য সম্ভৱমতে সস্তা কৰা হৈছে। আৰু ইয়াৰ লাভখিনিও কোনো সদ কামত প্ৰকাশিকাৰ নামে ব্যয়িত হ'ব। এই উদ্দেশ্য জানি গ্ৰন্থকাৰৰ সুযোগ্য পুত্ৰ ৺শ্যামলাল চৌধুৰী চব্ ডিপুটি কলেক্টৰে তিনমাহ আগতে এই পুথিৰ সকলো স্বত্ব আমাক এৰি দিছে। বড় দুখৰ বিষয় তাৰ পাচত যোৱা আহিন মাহত এনেহেন সাধুজনৰ মৃত্যু হ’ল। আমি সৰ্ব্বান্তঃকৰণে তেওঁৰ আত্মাৰ সদগতি কামনা কৰিছোঁ৷ ইতি-

পলাশবাড়ী,
আঘোন, ১৩১৫ চন
শ্ৰীনবীনচন্দ্ৰ তালুকদাৰ।
 

[ ১১ ] যজ্ঞেশ্বৰী দেবীৰ পূৰ্ববংশ। বিশ্বসিংহ সেনাপতি চিলাৰায় ৰাজ নৰনাৰায়ণ (কোচবেহাৰ) ৰাজা ৰঘুদেৱ নাৰায়ণ ৰাজা পৰীক্ষিত নাৰায়ণ ৰাজা ধৰ্মনাৰায়ণ (দৰৰ) বিজিত নাৰায়ণ ( বিজনি) জয় নাৰায়ণ শিবনাৰায়ণ হৰনাৰায়ণ বা গজনাৰায়ণ (বেলতলা) 1 শিবেন্দ্ৰ নাৰায়ণ মণিৰাম গজেন্দ্ৰ নাৰায়ণ বগাৰাম হৰিনাৰায়ণ জয়নাৰায়ণ লম্বোদৰ নাৰায়ণ ৰণুৱা বা ৰঞ্জিত শোকপাল নাৰায়ণ তচৰণ I চন্দ্ৰনাৰায়ণ জিনাৰাম তালুকদাৰ নবীনচন্দ্র তালুকদাৰ 1 কুমাৰী যজ্ঞেশ্বৰী দেবী = [ ১২ ] যাই উপা কো স থ। এই নাই পৰি সী নো বাবে ডিপু এড়ি এনে অার cerita

[ ১৩ ]

গ্ৰন্থকাৰৰ ভূমিকা।

 গৰ্ভ অৱস্থাৰ সাৱধানতা, প্ৰসৱৰ ব্যৱস্থা, শিশুপালন, তাৰ ৰোগৰ কাৰণ বা ঔষধ, কামৰূপী স্ত্ৰীলোকসকলে নাজানে।

 সেইকাৰণে শৰীৰত আৰু মনত মহাকষ্ট ভোগ কৰে আকে তাকে জানি মহাত্মা যদুনাথ ডাক্তৰৰ কৰা ’’ধাত্ৰী শিক্ষাৰ” প্ৰথম ভাগৰ কামৰূপী ভাষায়ে সস্তা কথা দি পদ কৰিলোঁ৷

 গ্ৰামিক লোকে পদ পুথিক শ্ৰদ্ধা কৰি ঘৰৰ কাঠিত বহি ৰাগ টানি পঢ়ে। তাতে স্ত্ৰীলোকে শুনিব এই ভৰসা।

 পণ্ডিতবৰ শ্ৰীযুত বাবু অভয়াচৰণ শৰ্ম্মা দয়াৰ প্ৰতিমূৰ্ত্তিস্বৰূপ। তেওঁ দয়া গুণে লিপিশুদ্ধি কৰি দি ছপাবৰ অভয় দিয়াত ছপালোঁ।

শ্ৰীগোবিন্দৰাম চৌধুৰী।

পাতনি।

 ৺গোবিন্দৰাম চৌধুৰী ডাঙৰীয়াৰ সূতিকা পটল কিমান উপকাৰী তাক এবাৰ পঢ়ি চালেই বুজিব পৰা যাব। এই কিতাপখন তেওঁৰ নিজা নহয়; বঙালীভাষাৰ ’’ধাত্ৰীশিক্ষা” বুলি কিতাপ এখনৰ অনুবাদ হে। কিন্তু ই যেই সেই অনুবাদ নহয়; ইয়াক অসমীয়াৰ আৰু অসমীয়া ভাষাৰ নিজা কৰি লোৱা অনুবাদ। ইয়াত ৰোগবোৰৰ বঙালী নাম আৰু ঔষধৰো বঙালী নাম অসমীয়া ভাষাত দিয়া হৈছে। ভালকৈ ঘৰুৱা বঙালী নজনাৰ পক্ষে ই এটি কম সুবিধা নহয়।

 অৱশ্যে, সুতিকা পটলত যিমান কথা আছে সকলোকে অনুসৰণ কৰি চলিব নোৱাৰি। আৰু তাত যিবোৰ ঔষধৰ কথা লেখিছে সেইবোৰ সকলো ঠাইতে পোৱা টান, আৰু পালেও ব্যৱহাৰ কৰা টান। কিন্তু তাত যিবোৰ উপদেশ আছে, তাক সকলোৱে অতি সহজতে পালন কৰিব পাৰে; আৰু আমাৰ বিশ্বাস, সেইবোৰ পালন কৰি চলিলে প্ৰসূতি আৰু সন্তানৰ উভয়ৰে বহু [ ১৪ ] উপকাৰ হ’ব; আৰু ধাত্ৰী প্ৰভৃতি আন আনৰো কষ্টৰ বহু লাঘৱ হ’ব; আমাৰ যিবোৰ প্ৰথা দূষণীয় তাকো বুজি এৰিব পাৰিব। তলত লিখা পৃষ্ঠাবোৰত যি যি উপদেশ আছে সি সকলোৱে পালিব পৰা; আৰু তাৰে কিছুমান নিতান্ত পালন কৰিবলগীয়া— যেনে, নাভি পকাৰ যত্ন, তেজ নভঙাৰ যত্ন, দ্বাৰ আৰু উদৰৰ যত্ন ইত্যাদি।

 এইবোৰ পৃষ্ঠাত ভাল ভাল উপদেশ আছে।

৩, ৪, ৫, ৬, ৮, ১৩, ১৭, ১৮, ২৫, ২৬, ২৭, ২৯, ৩১, ৩৩, ৩৭, ৩৮, ৩৯, ৪১, ৪৩, ৪৪, ৪৬, ৪৮, ৫০, ৫১, ৫৩, ৫৪, ৫৬, ৫৮, ৫৯, ৬১, ৬৬, ৬৭, ৬৮, ৭১, ৭৩, ৭৬, ৭৭, ৭৮, ৮২, ৮৩, ৮৪।

 পুথিৰ শেষৰ ফালে যি কেইটা ঔষধৰ তালিকা দিয়া হৈছে, সি বহুতৰ দৰকাৰত লাগিব বুলি আশা কৰা যায়। সেইবোৰ ঔষধ যোগাৰ কৰা সহজ। আৰু সকলোৰে দৰকাৰী বিবেচনায় তাক সুৱলা গদ্যত দিয়া হৈছে। সিও চৌধুৰীৰ নিজা।

 ছপোৱাৰ সময়ত বহুত যত্ন কৰি দৰকাৰী ঠাইবোৰত সকলোৰে বুজাৰ সুবিধাৰ অৰ্থে পাৰ্য্য়মানে টীকা দিয়া হৈছে। বুঢ়া চৌধুৰীৰ যিবোৰ টোকা আছিল, সেইবোৰ একো বদল নকৰি আৰু দৰকাৰী অদৰকাৰী বিচাৰ নকৰি ইয়াত ছপোৱা হৈছে।

 শ্ৰীযুক্ত নবীনচন্দ্ৰ তালুকদাৰ মহাশয়ে কেৱল মাত্ৰ আমাকে এই কিতাপৰ একমাত্ৰ এজেণ্ট পাতিছে। আমাৰ ইয়াৰ পৰা আনে পাইকাৰী দামত কিতাপ পাব পাৰে, নাইবা গ্ৰন্থকাৰৰ পৰাও পাব পাৰে। ইতি।

নলবাড়ী, কামৰূপ,
আসাম
আঘোন, ১৩১৫ চন
অমৃত এজেঞ্চি।
 

[ ১৫ ]

শ্ৰীশ্ৰীকৃষ্ণায় নমঃ।

সুতিকা পটল।

গ্ৰন্থাৰম্ভ।

কাৰণ।

আদ্যা শক্তিময়ী জননীক ভক্তি ভাৱে।
সহস্ৰৈক দণ্ডবত কৰোঁ তান পাৱে॥
আপুনি কষ্টক সহি ৰাখে উদৰত।
বহু কষ্ট পাৱয় প্ৰসূতি প্ৰসৱত॥
যিবা কষ্ট যত্ন সন্তানৰ প্ৰসৱত।
লক্ষ্মীয়ে কহিল বিনোদিনীৰ প্ৰশ্নত॥
ইতো গ্ৰন্থ শ্ৰবণত আছে উপকাৰ।
বুজা মাতৃসব প্ৰসৱৰ ব্যৱহাৰ॥
প্ৰসৱ বিষয় আৰু বালক বিষয়।
ঔষধ জানিব তাত নাহিক সংশয়।॥
তাকে জানি সতী লক্ষ্মীৰূপা নাৰীগণ।
ইতো ক্ষুদ্ৰ গ্ৰন্থ শ্ৰবণত দিয়া মন॥
সু-সাধু ভাষাৰ আৰ মূলগ্ৰন্থ খানি।
চিদানন্দে পদ্য কৰিবাক দিলা আনি৷।

[ ১৬ ]

সুতিকা পটল।

স্ত্ৰীগণে বুঝিব হেন তাৰ অভিলাষ।
বুঝিলে হোৱয় তাৰ মনত উল্লাস।৷
মোৰ ভ্ৰাতৃ পুত্ৰ চিদা স্নেহৰ ভাজন।
এতেকতে পদ্য ৰচনাত দিলোঁ মন॥
বালকৰ অনুৰোধে পিতৃ মাতৃ গণে।
যতন কৰয় যেন অসাধ্য সাধনে॥
মোত সেই অৰ্থ জানি বুদ্ধিমতীগণ।
পদ্য দোষ ত্যজি ত্যজা নিন্দিত বচন॥
তোমাসাক সন্তোষিবোঁ মোৰ অভিপ্ৰায়।
নিন্দি তুষ্ট হৈলে মোৰ সুসিদ্ধি ত্বৰায়॥
ইকথা থাকোক কহোঁ মূল বিৱৰণ।
যুক্তি যুক্ত কথা শ্ৰবণত দিয়া মন॥

কথাৰম্ভ।

বিনোদিনী ৰূপসীৰ কনিষ্ঠা ভগিনী।
ৰূপে ত্ৰিভুবন মোহে নামত মোহিনী॥
মোহিনীক বিনোদিনী জানি গৰ্ভৱতী।
লক্ষ্মীৰ নিকট উপদেশ লৈল সতী॥
লক্ষ্মী বোলে সুশীলা মোহিনী মোক মানে।
মোৰ উপদেশ কহি ৰাখা সাৱধানে।৷
বিনোদিনী বোলে সাৱধান কি বিষয়।
সবিশেষ কই মোৰ খণ্ডোৱা সংশয়॥

[ ১৭ ]

গৰ্ভৱতীক দিবৰ জুলাপ।
লক্ষ্মী বোলে নিয়মিত শৌচ নহইলে।
শৌচ কৰাবাক লাগে “ক্যাষ্টেৰ অইলে”•॥
দুই বা আড়াই তোলা আৰ পৰিমাণ।
অধিক নেদিবা আত হৱা সাৱধান।৷
পাঁচ তোলা তপ্ত দুগ্ধে তাক মিশলাই।
খুৱাইবা সেই তৈল তাত ভয় নাই॥
ভেদৰ নিমিত্তে অন্য ঔষধ আছয়।
নিদিবা সিসব বহু ভেদৰ সংশয়॥
বিনোদিনী বোলে বহু ভেদে কি সংশয়।
লক্ষ্মী বোলে বহু ভেদে গৰ্ভ নষ্ট হয়।৷

আহাৰ।

খাদ্যাখাদ্য বিষয়ত এই যুক্তি সাৰ।
মন্দ বস্তু কভু নকৰিবেক আহাৰ॥
যি বস্তু খাইলে উদৰৰ পীড়া হয়।
নখাব নখাব তাক নিশ্চয় নিশ্চয়।৷
গৰ্ভিণীৰ উদৰৰ পীড়া যদি হয়।
গৰ্ভ নষ্ট হইবাৰ বিশেষ সংশয়॥
আৰু এক কথা কঁও শুনা বিনোদিনী।
কাৰো কাৰো ক্ষুধা হয় প্ৰভাতে যামিনী॥

•কাষ্টৰ অইলে অৰ্থাৎ এৰাৰ গুটীৰ তেলেৰে। ডাক্টৰখানা বা দোকানত কিনিব পোৱা যায়। [ ১৮ ]

মোহিনী নখাই নথাকিব ক্ষুধা পাই।
ক্ষুধা নিবাৰিব প্ৰভাতত দুগ্ধ খাই৷।৷
পোৱাতি ক্ষুধাৰ্ত্তা থাকা অতি অপকাৰ।
কষ্ট পাৱে উদৰস্থ সন্তান তাহাৰ॥
গৰ্ভিণীৰ শৰীৰত যত যত্ন হয়।
গৰ্ভৰ সন্তানে তাৰ অংশক পাৱয়॥
গৰ্ভিণী ৰমণী যদি ক্ষুধাৰ্ত্তা থাকয়।
গৰ্ভে অল্পপ্ৰাণ বালকৰ কষ্ট হয়॥
গৰ্ভিণীৰ আৰোগ্যে থাকিলে নিজ প্ৰাণ।
হৃষ্টপুষ্ট বলিষ্ঠ জন্ময় সুসন্তান॥

পৰিধেয় বস্ত্ৰ।

বিবেচনা কৰি দেখিবাহা হিতাহিত।
কঠিন বন্ধনে বস্ত্ৰ পিন্ধা অনুচিত।৷
নিৰ্ম্মল বসন যেন পিন্ধে সৰ্ব্বদায়।
ভিজা বস্ত্ৰ মন্দ তাক নৰাখিবা গায়।৷

শ্ৰম।

আৰু এক উপদেশ শুনা বিনোদিনী।
বহু পৰিশ্ৰম নকৰিবেক মোহিনী॥
অল্প পৰিশ্ৰম নকৰাও ভাল নহে।
কৰিব অলপ শ্ৰম যিবা দেহে সহে।৷

[ ১৯ ]

উদৰৰ যত্ন।

কোনো গৰ্ভিণীৰ চৰ্ম্ম কোমল কাৰণ।
উদৰ বাড়িয়া কৰে অধত গমন।৷
যদি মোহিনীৰ সেইৰূপ গৰ্ভ হয়।
বস্ত্ৰ যোগে গৰ্ভ যেন তুলিয়া বান্ধয়॥
কোনো কোমলাঙ্গীৰ উদৰ বৃদ্ধিকালে।
উদৰ উপৰি চৰ্ম্ম নথাকয় ভালে।৷
চীৰো চীৰো হই এক অসুখ হোৱয়।
নাৰিকেল তৈল মৰ্দ্দিলেসে ভাল হয়।৷
স্তনে ব্যথা হয় দুগ্ধ বৃদ্ধিৰ কাৰণ।
উষ্ণ তৈল মৰ্দ্দিলে হোৱয় নিবাৰণ॥
লক্ষ্মীয়ে বোলয় মোৰ কথিত নিয়ম।
আচৰণ নকৰিলে হইব বিষম॥

অগম্য স্থান।

আৰু দুটী কথা কঁও শুনা বিনোদিনী৷
সাৱধান ৰূপে যেন থাকয় মোহিনী॥
একাকিনী মোহিনী নযাব ভয় স্থানে*৷
ভয় স্থানে গৈলে ভয় অৱশ্য সন্তানে।৷
মোহিনী একলে ভয় স্থানে নযাইব।
কোনো স্থানে কোনো ৰূপে ভয়ক পাইব।৷
বিনোদিনী বোলে ভয় পাইলে কিহয়।
লক্ষ্মী বোলে জড় সন্তানক প্ৰসৱয়॥

  • ভয়স্থান-অৰ্থাৎ যি ঠাইলৈ গ'লে মনত ভয় ওপজে। [ ২০ ]

পৰম বিপদ ইতো কথা তেনেহলে।
ই দেশত তাক “গৰ্ভ পামঙলী” বলে৷।
বসন্ত মাউৰ আদি খেদি ধৰা ৰোগ*।
অন্য কাৰো হই যদি কষ্ট কৰে ভোগ।৷
তাক দেখিবাক নযাইবেক মোহিনী।
নিবাৰণ কৰি ৰাখিবাহা বিনোদিনী।৷
ই-দুই ৰোগক বৈদ্য শাস্ত্ৰত কহয়।
স্পৰ্শজ দোষত আঁসি অন্যৰ হোৱয়।৷
গৰ্ভৱতী নাৰী যদি পড়ে ইতো ৰোগে।
মৃত শিশু প্ৰসৱিয়া নানা কষ্ট ভোগে৷।
আৰু এক কথা মনে পড়িলেক ভাল।
ইতো মধ্যে হৈলে কাৰো প্ৰসৱৰ কাল।৷
মোহিনীক দেখিবাক কৰিবা বাৰণ।
অন্তৰত ভয় পাইবেক অকাৰণ৷।

গৰ্ভনষ্টৰ আশঙ্কা।

গৰ্ভিণী পাৱয় শেষ ঋতু যিদিনত।
অসুখ জন্ময় মাস, মাস, সিদিনত +৷।


  • আই ওলালে বা হাজিয়া (মান্না) লাগিলে-সেইবোৰ ৰোগীৰ

ওচৰত নাযাব।
+ অৰ্থাৎ গৰ্ভিণীৰ শেষ ঋতু মাহৰ যি তাৰিখে হয়, তাৰ পাচত প্ৰসৱ নোহোৱালৈকে প্ৰত্যেক মাহৰ সেই তাৰিখে গৰ্ভিণীৰ অসুখ হয়। তেতিয়া বেছি শ্ৰম কৰিব নিদিব৷ [ ২১ ]

সি সময়ে বিস্তৰ শ্ৰমক নসহয়।
বহু পৰিশ্ৰমে গৰ্ভ নষ্টৰ সংশয়॥
প্ৰথমৰ তিনি মাসে ভয় অতিশয়।
এই তিনি মাসে বহু গৰ্ভ নষ্ট হয়॥
ইতো তিনি মাস সাৱধানৰ সময়।
পিছলিয়া যেন কোনোখানে নপড়য়॥
নীচ হৈতে উচ্চ, উচ্চ হৈতে নীচ ভাগে।
উঠা নামা পৰিশ্ৰম কৰিব নলাগে।৷
পদব্ৰজে কিংবা দোলা আদি ধানে চড়ি।
নাযাই দূৰক থাকিবেক ধৈৰ্য্য ধৰি॥
ইসব যুক্তিৰ বিপৰীতে চলা ভয়।
ইসবতে সেই গৰ্ভ নষ্টৰ সংশয়॥
বিনোদিনী বোলে লক্ষ্মী শুনা মোৰ কথা।
ছয়মাসী গৰ্ভনষ্ট দেখিলোহোঁ যথা॥
লক্ষ্মী বোলে কহিবাক নাহি প্ৰয়োজন।
সি বিষয় কহোঁ ময় তাত দিয়া মন৷।
তৃতীয় চতুৰ্থ পঞ্চ মাসৰ ভিতৰে।
তৃতীয় মাসক ধাইগণে * ভয় কৰে॥
চতুৰ্থ পঞ্চমে নষ্ট কদাচিত হয়।
ছয় মাস হৈলে গৰ্ভ নষ্ট নকহয়॥
ছয়মাসী সন্তান যতনে ৰক্ষা পায়।
মৰে শিশু যদ্যপি অযত্ন কৰে মায়।৷

  • ধাইগণে-ধাত্ৰী অৰ্থাৎ বি তিৰোতাই প্ৰসৱৰ ভাল বেয়া সকলো কথা জানে৷ সেইবোৰে আমাৰ দেশৰ ‘আশ্ৰেণী’। [ ২২ ]

সাত আঠ মাসত স্বচ্ছন্দে ৰক্ষা হয়।
তদৰ্থে নাহিক জানা তিলাৰ্দ্ধ সংশয়॥
ভৈলেক অধিক বেলা যোৱা নিজালয়।
মাতিবা আমাক যদি আৱশ্যক হয়।৷
সাৱধান সাৱধান থাকা সাৱধান।
মাভয়ী মাভয়ী বুলি কৰিও প্ৰস্থান।৷
নিজ গৃহে গৈলা লক্ষ্মীৰূপা লক্ষ্মীসতী।
ৰচিল গোবিন্দৰাম ভাবি লক্ষ্মীপতি।

প্ৰসৱৰ কাল নিৰূপণ।

কহে বিনোদিনী,  হে লক্ষ্মী ৰঙ্গিনী,
 মোহিনী আছয় ভাল।
কৰা সুবিধান,  সুশঙ্কিত প্ৰাণ,
 প্ৰসৱৰ তৈল কাল॥
সতী লক্ষ্মী কৈল,  নয় মাস ভৈল,
 আৰো ভৈল দশ দিন।
মনে নমানয়,  নকৰা সংশয়,
 কিয় হোৱা বুদ্ধিহীন॥
শেষ ঋতুদিন,  দ্বিতীয় আশ্বিন,
 যদি জানা সাৰ কৰা।
দ্বিতীয় আষাঢ়,  নয় মাস তাৰ,
 আৰু দিন দশ ধৰা॥
এই সংখ্যাসাৰ,  ন্যুনাধিক আৰ,
 প্ৰায়ন্ত্ৰীৰ নোহোৱয়।

[ ২৩ ]

হৈলে নীতিহীন, দুই চাৰি দিন,
 আগে পাছে প্ৰসৱয়॥
বিনোদিনী শুনি,  বোলে মনে গুণি,
 আছে দিন কিছু মান।
প্ৰসৱৰ ঘৰ,  বান্ধোঁ শীঘ্ৰতৰ
 আছয় কিবা বিধান॥

সূতিকা গৃহ।

লক্ষ্মী বোলে ঘৰ,  মুক্ত স্থানে কৰ,
 দুৰ্গন্ধ কাষে নথাকে।
পৰিষ্কাৰ স্থান,  ভিটি পৰিমাণ,
 ময় বোলোঁ শুনা তাকে॥
দৈৰ্ঘ্যে বাৰ হস্ত,  ছয় হাত প্ৰস্থ,
 উচ্চত হাত আড়াই৷
শুকান ভিটিত,  হোৱে বহু হিত,
 ভিজাত সকাম নাই॥
বেড়িবা চৌফালে,  মুছিবাহা ভালে,
 ৰাখিবা খিৰকী তাতে।
বেড়াতে মুঁ ধাৰ,  খিৰকীৰ দ্বাৰ,
 কাটা সম সূত্ৰপাতে★॥

★ অৰ্থাৎ মুধাৰ বেড়াত খিড়কি এনেকৈ কাটিবা যেন খিড়কীৰ ঠিক মুখামুখিকৈ আৰু এখন খিড়কি বা দুৱাৰ থাকে। [ ২৪ ]

এই অভিলাষ,  বিশুদ্ধ বাতাস,
 গমনাগমন কৰে৷
নাহিলে বাতাস,  হৱয় হতাশ,
 শিশুয়ে সহিব নৰে॥
শিশুৰ কা কথা,  ভিজা ভিঠা যথা,
 সি গৃহ যদি আঁধাৰ।
নযায় বাতাস,  দুৰ্গন্ধৰ কাষ,
 শক্তি কাৰ থাকিবাৰ॥
বিনোদিনী কয়,  যদি তেনে হয়,
 দুদিনত পীড়া হব।
কষ্ট সহ্য কৰি,  কোমল শৰীৰী,
 শিশু কেনমতে ৰব॥
লক্ষ্মী বোলে কথা,  দ্বাৰ হব যথা,
 কহোঁ মনে হৈল ভালে।
হৈলে বৰ্ষাকাল,  পূৰ্ব্বদ্বাৰ ভাল,
 তথৈবচ শীতকালে॥
শাস্ত্ৰ অভিমত,  গ্ৰীষ্ম সময়ত,
 দক্ষিণে দুৱাৰ কৰা।
সুযুক্তি বচন,  দিয়া আতমন,
 আক দৃঢ় কৰি ধৰা॥
ই কথা না মানি,  সন্তানৰ হানি,
 কৰে যিতো পাপমতি।
নযাওঁ তথায়,  দেখোঁ বিষ প্ৰায়,
 মিলয় তাৰ দুৰ্গতি॥

[ ২৫ ]

হেন জানি সতী,  নকৰা কুমতি,
 মোহৰ ক্ৰোধক ডৰা।
হুয়া সাৱধান,  কৰা সুবিধান,
 যি বুলিছোঁ তাক কৰা॥
কহিলোঁ যি কথা,  মানিবা সৰ্ব্বথা,
 নতুবা হব বিষম।
অন্য কথা নয়,  জানা সুনিশ্চয়,
 ঈশ্বৰৰ ই নিয়ম॥
এড়ি অন্য ভাৱ,  কৰি ভক্তি ভাৱ,
 ভাবা সেই চিদানন্দে।
ভাৱি শ্ৰীগোবিন্দ,  ৰচিল গোবিন্দ,
 যি কহিল চিদানন্দে॥

মাতৃহাৰ পাক কিয় হয়।

লক্ষ্মীক চাহিয়া বিনোদিনী বোলে বাণী।
গৃহদোষ ভিন্ন কি অন্যত নাই হানি॥
লক্ষ্মী বোলে আশ্ৰেণীৰ★ অশিক্ষা কাৰণ।
বহু প্ৰাণী হোৱে হানি নুবুঝি কাৰণ॥
বিনোদিনী বোলে তাক মোক শিক্ষা দিয়া।
দিবোঁ শিক্ষা মোহিনীয়ে প্ৰসৱে যেতিয়া॥


  • অশ্ৰেণী অৰ্থাৎ আশ্ৰয়িণী— যি তিৰোতাই কাষত থাকি গৰ্ভিণীক

প্ৰসৱৰ সময়ত সহায় কৰে। [ ২৬ ]

বিনোদিনী সম্মত হইয়া মৌনী ভৈলা৷
লক্ষ্মীয়ে বুঝাই তাক কহিবাক লৈলা॥
লক্ষ্মী বোলে জানা নাকি হেৰা বিনোদিনী।
দুগ্ধপোষ্য বালকৰ ৰোগৰ কাহিনী॥
ভয়ানক ৰোগ যাক “পেচুয়া” বোলয়।
সদ্যোজাত বালকৰ কি হেতু হোৱয়॥
বিনোদিনী বোলে জানোঁ ৰাম ৰাম ৰাম।
ঘৰত গৰ্ভিণী আছে নলইবা নাম॥
মোহিনী আছয় বুলি আগ পাছ চাই।
বিনোদিনী লক্ষ্মীৰ কৰ্ণত কৈল যাই॥
সিতো ৰোগ নহে সিতো ভৌতিক ব্যাপাৰ।
কোনে পাৱে তাৰ তত্ত্ব মহিমা অপাৰ॥
যাক বোলে মাতৃহা দুৰন্ত “মৰ্কু চিয়া”।
নামক শুনিলে থৰথৰে কম্পে হিয়া॥
যাৰ বংশে লাগিল সি কালৰূপী ভূত!
নিৰ্ব্বংশ হইল তাৰ নথাকিল সুত॥
হাস্য আস্যে লক্ষ্মী বোলে কিনু হাস্যাস্পদ।
ঈশ্বৰৰ কাৰ্য্য়ে ভূতে ঘটায়ে বিপদ॥
পঞ্চ ভূতে ভিন্ন ভূত বোলা কোন লাজে।
অজ্ঞানে বোলয় তাক বুলিবাক সাজে॥
মাতৃৰ অযত্নে সন্তানৰ হয় হানি।
পণ্ডিতে “মাতৃহা” নাম থৈল অৰ্থ জানি॥

[ ২৭ ]

ভূতথকা মিছা।

লক্ষ্মী বোলে বিনোদিনী ক্ৰোধ এড়ি শুন।
যাৰ বহু গুণ তাৰ দোষো বহু গুণ॥
যি সব পণ্ডিতে বহু শাস্ত্ৰক জানয়।
সি সব পণ্ডিতে ভূত আছে বুলি কয়॥
তেওঁলোকে সাধ্যপৰ কল্যাণ সাধয়।
আমাসাৰ মঙ্গলাৰ্থে ভূত বুলি কয়॥
সেই বাক্যে অসীম মঙ্গল সাধিচন্ত।
অন্ধকাৰে কুস্থানক যাইব নেদন্ত॥
আৰো যিবা যিবা ইবাক্যত উপকাৰ।
শক্তি মোৰ নাই সবিশেষে বৰ্নিবাৰ॥
ভূতপক্ষে পক্ষপাত কৰে বহুজনে।
এতেকতে প্ৰতিবাদ নকৰয় মনে॥
ভূত মিছা হোক ভূতে আছে বহু গুণ।
নকৈছোঁ পূৰ্ব্বত বহু দুৰ্গুণে সু গুণ॥
ভূতপতি ভব ভাবে যাৰ শ্ৰীচৰণ।
ভূত ভয় এৰি ভাবা সি ভূতভাবন॥

⸺⸺

‘মাতৃহাৰ’’ পাক হলে শিশুৰক্ষাৰ যত্ন।

প্ৰকৃত ভৌতিক কাৰ্য্য নহে সাৰে সাৰ।
বালকৰ হয় ৰোগ ধনুষ টঙ্কাৰ॥
কি হেতু হোৱয় ৰোগ হেতু শুনা তাৰ।
হবাৰ আছয় হেতু অনেক প্ৰকাৰ॥

[ ২৮ ]

গৰ্ভ হন্তে বালক ভূমিষ্ট হৈবামাত্ৰ।
উষ্ণ জলে সাবুনে * ধুৱাব তাৰ গাত্ৰ॥
প্ৰত্যহ শৰীৰ ৰাখিবেক পৰিষ্কাৰ।
নকৰিলে পৰিষ্কাৰ ৰোগ হৈব তাৰ॥
শীতল বাতাস যদি লাগে শিশু গাত্ৰে।
হোৱয় সেহিসে ৰোগ জানা ক্ষণ মাত্ৰে॥
কোৱা লক্ষ্মী শীতল বাতাস বোলে কাক।
বিশেষ কৰিয়া তাক বুঝায়ো আমাক॥
লক্ষ্মী বোলে মেঘাচ্ছন্ন দিনে বৃষ্টি দিনে।
শীতকালে প্ৰসৱিলে গ্ৰীষ্মকাল বিনে॥
শীত নিবাৰক বস্ত্ৰ শিশু গাত্ৰে দিব।
হিম বায়ু নিবাৰিয়া যতনে ৰাখিব॥
কিছুকাল উষ্ণ বস্ত্ৰে গাত্ৰ আচ্ছাদিয়া।
কিছুক্ষণ ৰাখে যদি উদলা কৰিয়া †॥
এই দুই কাৰণত সেই ৰোগ হয়।
মিথ্যা নাভাবিবা ইতো নিশ্চয় নিশ্চয়॥
আহাৰ বৈগুণ্যে ইতো ৰোগ উপজয়।
বাসী দুগ্ধ খুৱাইলে সেই ৰোগ হয়॥
পূৰ্ব্ব দিবসৰ অবশিষ্ট দুগ্ধ থাকে।
প্ৰভাতে নপাই দুগ্ধ খুৱাৱয় পাকে॥
সেই দুগ্ধ বালকৰ হলাহল সম।
বালক আৰোগ্য পক্ষে পৰম বিষম॥


  • সাবুন-চাবন।

† গাত কাপোৰ নোহোৱাকৈ। [ ২৯ ]

গাভী দুগ্ধ দিব মাতৃ দুগ্ধ অভাৱত।
আনিবেক গাভী দুগ্ধ সদ্যো দোহনত॥
হেন দুগ্ধক অল্প মাত্ৰ তপতাই।
দিব বালকক তাত কিছু দোষ নাই॥
অধিক নেদিব শীঘ্ৰে শীঘ্ৰে নেদিবেক।
দণ্ডৈক বিলম্বে পুনঃ দিবেক বাৰেক॥
বহু দিলে শীঘ্ৰে দিলে নহে পৰিপাক।
ভালক চাহন্তে পাছে মিলয় বিপাক॥
আৰ বিপৰীত আচৰিলে ৰোগ হয়।
ঔষধ নাজানি বৈদ্যা পিশাচ বোলয়॥
ভূমিষ্ঠ বালক যদি শৌচ নকৰয়।
সেই কাৰণত সেই ৰোগ উপজয়॥
ঔষধ খুৱই শৌচ কৰাইবা তাক।
কিৰূপে কিদিবা পাচে বুলিবোঁ তোমাক॥
নাড়ীচ্ছেদ কৰি শুখাবাৰ যত্ন নাই।
তাতো ৰোগ হোৱে সেই উপলক্ষ পাই॥
পৰিষ্কাৰ ৰাখিবাহা নাভি বোলা যাক।
বেদনা নাশন অল্প সেকিবাহা তাক॥
শীঘ্ৰ শুকাইলে “নাই” নাই কিছু ভয়।
কৰিবা ইসব কাৰ্য্যা নকৰি সংশয়॥
নচলে বাতাস যদি পোৱাতিৰ ঘৰে।
সিও দোষে বালকক সেই ৰোগে ধৰে॥
এই ছয় প্ৰকাৰত সেই ৰোগ হয়।
নাজানিয়া ওঝা সবে ভূত বুলি কয়॥

[ ৩০ ]

নুশুনি সি সব কথা অতি সাৱধানে।
মোৰ যুক্তি বিনোদিনী শুনিবাহা কাণে॥
বিনোদিনী বোলে শুনা মোৰ নিবেদন।
ৰোগ হইবাৰ কি সময় নিৰূপণ॥
লক্ষ্মী বোলে জন্মাবধি সাত দিন মাজে।
হোৱৈ সেই ৰোগ, হোৱৈ সাত দিন মাজে॥
পোন্ধৰ দিনক লাগি সেই ৰোগ হয়।
তাৰ পাছে হব বুলি নাই বড় ভয়॥
সাত দিন অন্তে হৈলে বড় শঙ্কা নাই।
সাত দিনে হৈলে ৰক্ষাপক্ষে নিৰুপায়॥
এতেকতে সাবধানে পালিব নিয়ম।
থাকিব নীৰোগে শিশু নুহিব বিষম॥
এই বুলি বিদায় লইল লক্ষ্মী সতী।
হাস্যমুখে বিনোদিনী দিল অনুমতি॥
লক্ষ্মী বোলে আবশ্যক হৈলে দিবা জান।
সময় সম্পূৰ্ণ প্ৰায় হবা সাৱধান॥
গোবিন্দৰ পদ, আৰু গোবিন্দ পদ।
ই দুই জানিলে গুছে প্ৰসৱ বিপদ॥

[ ৩১ ]

সূতিকা ঘৰত প্ৰবেশ কৰিবাৰ পুৰ্ব্বে

আৰু পৰে আশ্ৰেণীৰ কৰিব

লগা কৰ্ম্ম।

—:৹:—

প্ৰসব বেদনা সময়ত কৰ্ত্তব্য।

মোহিনী কহিলা বিনোদিনী প্ৰতি চাই।
আজি মোৰ কঁকাল বিষায় কিয় বাই॥
বিনোদিনী বোলে দশ মাসত বিষাই।
এই বুলি আনাইলা লক্ষ্মীক মতাই॥
লক্ষ্মী বোলে মোহিনী কিহেতু অন্যমনা।
হইল কি আই তোৰ প্ৰসৱ বেদনা॥
মোহিনীয়ে বোলে ময় নজানোহো তাক।
প্ৰসৱ বেদনা লোকে বোলয় কাহাক॥
ককাঁলত বিষায় বিষত ৰক্ষা নাই।
হেন মনে লয় বা ককাঁল ছিঙি যাই॥
লক্ষ্মী বোলে কিবা ভয় নকৰিবা ভয়।
হৌক বিষ, হয় বিষ বিষৰ সময়॥
এবে কি কৰিবা লক্ষ্মী বোলে বিনোদিনী।
সলাই পিন্ধাব বস্ত্ৰ পিন্ধাব তিয়নী॥
পূৰ্ব্ব বস্ত্ৰে বহুলোক সঙ্গে ছলা ফিৰা।
লাগিবাক শঙ্কা স্পৰ্শযুক্ত কিবা পীড়া॥

[ ৩২ ]

হাতৰ নখৰ ধাৰ কাটিব সুন্দৰে।
কিবা হাত দিব লাগে গৰ্ভৰ ভিতৰে॥
গৰ্ভে সন্তানৰ থিতিথল যি খণ্ডত।
নখাঘাতে পাৱৈ কষ্ট পোৱাতি অন্তত॥
তাৰ পৰে গৰ্ভিণীৰ গৰ্ত পৰীক্ষিব।
কি ভাঁজে সন্তান আছে তাহাক বুঝিব॥
অধঃ কিংবা উৰ্দ্ধে শিৰ কৰিয়া আছয়।
কিংবা পথালিয়ে আছে বুঝিব লাগয়॥
যদি গৰ্ভে অধোভাগে মস্তক থাকয়।
প্ৰথমে মস্তক বাহিৰিয়া প্ৰসৱয়॥
যদি বালকৰ শিৰ থাকে উৰ্দ্ধ ভাগে।
সিতো সন্তানৰ পদ বাহিৰয় আগে॥
পথালি থাকিলে হাত আগে বাহিৰয়।
দুৰ্ভাগ্যতে কাৰো কদাচিত হেন হয়॥

⸺⸺⸺

প্ৰথমে হাত ওলালে কি কৰ্ত্তব্য।

যদি পথালিয়া শিশু নুঘুৰে আপুনি।
হাত দিয়া ঘুৰাইয়া দিবো আচৰণী *॥
নকৰিলে ইতো কৰ্ম্ম পোৱাতি মৰয়।
পথালি শিশুৰ ইতো ভয়ঙ্কৰ ভয়॥
প্ৰথমে শিশুৰ যদি হাত বাহিৰয়।
গৰ্ভে নিয়া সেই হাত থৈবাক লাগয়॥


  • আচৰণী বা আশ্ৰেণী—প্ৰসৱৰ সময়ত পোৱাতীক সহায় কৰা তিৰোতা [ ৩৩ ]

আগে হাত বাহিৰাতো নহে নিৰুপাই।
দিব সেই হাত যত্নে গৰ্ভে প্ৰবেশাই॥
গৰ্ভৰ ভিতৰে তাৰ দুই পায়ে ধৰি।
ঘুৰাই আনিব অধঃ অনুক্ৰম কৰি॥
ই বিষয় বিস্তাৰিত কহিবোঁ পশ্চাৎ।
সবিস্তাৰে বুঝাইবোঁ বুঝিবাহা তাত॥

⸻⸻⸻

শিৰ পদ হস্ত কি আগে বাহিৰ হব

জানিবৰ উপায়।

বিনোদিনী বিনয়ে শুধিলা লক্ষ্মীপ্ৰতি।
আৰু এক কথা মোত কহা গুণৱতী॥
হাত পদ মস্তক কি বাহিৰিব আগে।
কিৰূপে জানাহা তাক কহিবাক লাগে॥
থাকে শিশু মাতৃৰ উদৰ অন্ধকূপে৷
উপৰত দিয়া হাত কৰাহা কিৰূপে॥
লক্ষ্মী বোলে অতি অল্প বুঝিবা ইহাক।
তুমি মোৰ প্ৰিয় ময় বোলোঁহোঁ তোমাক॥
প্ৰসৱৰ পূৰ্ব্বে শিশু গৰ্ভৰ ভিতৰে।
ঈশ্বৰ ইচ্ছায় প্ৰসৱৰ হেতু লড়ে॥
বাম কুক্ষি ভাৰ ডাহিনৰ কুক্ষি লড়ে।
মস্তক বাহিৰি শিশু পৃথিবীত পড়ে॥
বাম কুক্ষি লড়ে ডাহিনৰ কুক্ষি ভাৰ।
পাও বাহিৰিয়া শিশু জন্মে সাৰে সাৰ॥

[ ৩৪ ]

পথালিয়া শিশুকে হাতত বুঝি পাই।
তাতে হাত বাহিৰিব সম্ভব সদাই॥
দ্বিতীয় উপায় বুঝিবাৰ আৰু কঁও।
নাৰিকেল তৈলক হাতত ঘষি লও॥
বাম কিংবা ডাহিন নহৌক যি কি হাত।
প্ৰসৱ দুৱাৰে দেঁও বালকৰ গাত॥
তাতো বুঝি পাঁও দ্বাৰে আছে কোন অঙ্গ।
মস্তক পাইলে মনে পাঁও বড় ৰঙ্গ॥
হস্ত কিংবা পদৰো চিহ্নকো তাতে ধৰোঁ৷
যি কৰা উচিত তাক ক্ৰমে ক্ৰমে কৰোঁ॥
আগে হস্ত পদ কিবা হেতু বাহিৰয়।
পুনঃ বিনোদিনীৰ প্ৰশ্নত লক্ষ্মী কয়॥
ছয় মাস গৰ্ভ পূৰ্ণ হৈলে গভিনীৰ॥
বালকৰ হয় উৰ্দ্ধ পদ অধঃ শিৰ॥
অবশিষ্ট কাল শিশু এইৰূপে থাকে।
আৰ পূৰ্ব্বে উদৰত ঘুৰে পাকে পাকে॥
পদ বা মস্তক থিৰ যাৱে নথাকয়।
হাত কিংবা পাও বাহিৰিয়া প্ৰসৱয়॥
ছয় মাস অপূৰ্ণে প্ৰসৱে সূত যাৰ।
হস্ত নতু পদ ওলাই সন্তানৰ তাৰ॥
যিতো দুঃখিনীয়ে মৃত শিশু প্ৰসৱয়।
তাৰো হস্ত কিংবা পদ আগে বাহিৰয়॥
গৰ্ভে বালকৰ শিৰ জল দোষে ফুলে৷
হস্ত পদ ওলাই মাত্ৰ নোলাই সমূলে॥

[ ৩৫ ]

তাক প্ৰসৱৰ যিবা যিবা যত্ন আছে।
তোমাক বুঝাই ময় কহিবোঁহোঁ পাছে॥
জননীৰ পীড়াকালে যদি প্ৰসৱয়।
হস্তাদি নিৰ্গম পক্ষে সেইৰূপ হয়॥
প্ৰসৱৰ পীড়াৰম্ভে যদি অকস্মাৎ।
জলভাঙ্গে তেন্তে বাহিৰয় পাও হাত॥
গৰ্ভ পঞ্চ মাস গত হৈলে গৰ্ভৱতী।
দূৰস্থানে যাইবাক নাহি অনুমতি॥
তাতো সন্তান হস্ত পদ বাহিৰয়।
দেখিছোঁ প্ৰত্যক্ষ তুমি কৰিবা প্ৰত্যয়॥
তৃতীয় মাসৰ পূৰ্ব্বে পঞ্চ মাস পৰে।
নযাব গৰ্ভিনী দূৰে থাকিবেক ঘৰে॥

⸻⸻⸻

গৰ্ভত সন্তান মৃত্যুৰ লক্ষণ ও উপায়।

বিনোদিনী শোধয় লক্ষ্মীত ইতো কথা।
গৰ্ভে মৃত শিশু প্ৰসৱয় কিবা প্ৰথা॥
লক্ষীয়ে কহন্ত মৃত্যুমাত্ৰে মুক্ত নহে।
কিছুকাল পোৱাতি কষ্টৰ ভাৰ বহে॥
কিন্তু কৃপাময় প্ৰভু দয়াৰ নিদান৷
শীঘ্ৰ প্ৰসৱৰ কৰি আছয় বিধান॥
গৰ্ভে মৃত শিশু যদি থাকে কিছুদিন।
অতিকষ্ট পোৱাতিৰ হোৱে শক্তি হীন॥
এতেকে বিলম্ব নকৰিব আৰু জানি।
প্ৰসৱ কৰাব বিজ্ঞতমা ধাই আনি॥

[ ৩৬ ]

গৰ্ভত মৰিলে শিশু চিহ্ন কিবা হয়।
তাকো বিনোদিনীৰ প্ৰশ্নত লক্ষ্মী কয়॥
জীৱিত থাকিলে শিশু লড়ে উদৰত।
নলড়য় শিশু জানা মৃত্যু কাৰণত॥
আৰু এক চিহ্ন স্তন ম্লান হুয়া যাই।
দুগ্ধভাৰ থাকন সদৃশ পুষ্ট নাই॥
তৃতীয় স্তনৰ পৰা দুগ্ধ নপৰয়।
গৰ্ভত মৰিলে শিশু এই চিহ্ন হয়॥
বিনোদিনী বোলে ইতোকথা এৰিথোৱা।
কোনোৰূপে মোহিনী প্ৰসৱে তাক কোৱা॥
লক্ষ্মীয়ে দেখিয়া বুলিলন্ত ভয় নাই।
শিশুৰ মস্তক আগে বাহিৰিব পাই॥
এহি বুলি লক্ষ্মীৰূপা লক্ষ্মী মৌনী ভৈলা।
বিনোদিনী পুনৰপি কহিবাক লৈলা॥
অন্য কথা বৃথা সত্য গোবিন্দৰ পদ।
লক্ষ্মী বোলে বৃথা নহে গোবিন্দৰ পদ॥

প্ৰসৱৰ অবস্থা বিভাগ৷

বিনোদিনী বোলে ধাই,  কি কৰিবা কৰা যাই,
 অন্য কথা শুধিবোহোঁ পাছে।
লক্ষী বোলে আহা যাও, প্ৰসৱ অবস্থা চাওঁ,
 কোন ভাগ অৱস্থাত আছে॥
বিনোদিনী লক্ষ্মী দুই, চলিলন্ত সাৰি হুই,
 যুগল হংসিনী যেন চলে।

[ ৩৭ ]

লক্ষ্মী তৱ কথা শুনি,  নপাইছোঁ ভাবি গুণি,
 প্ৰসৱৰ ভাগ কাক বোলে॥

⸻⸻⸻

কি চিহ্নত প্ৰসৱ হয়।

লক্ষ্মী বোলে ভাগ কৰা, বেদনা অবধি ধৰা,
 ফুল পৰা পৰ্য্যন্ত সময়।
তিনি ভাগ আছে আত,  সংশয় নকৰা তাত,
 গণি চোৱা হয় কি নহয়॥
প্ৰথমে অল্প বেদনা, ক্ৰমে বৃদ্ধি ধৰি গণা,
 এক ভাগ গণিবাক লাগে।
দ্বিতীয়ত ভাঙে জল, বেদনা হোৱে প্ৰবল,
 সন্তান প্ৰসৱে সেই ভাগে॥
তৃতীয়ত ফুল পৰে, এই তিনি ভাগ ধৰে,
 কৰে গণ্য, গণ্য গুণিগণে।
হয় কি নহয় কথা, দেখিচাহা যথা যথা,
 ভাবি দেখা আপোনাৰ মনে॥
দ্বিতীয় অবস্থা হৈয়া,  ন প্ৰসৱি থাকে ৰৈয়া,
 তাতে শিশু ঘন শ্বাসকাৰে।
বিলম্বে অতীব নষ্ট,  পোৱাতীও পাৱে কষ্ট,
 সিতো কষ্ট সহিব নপাৰে॥
জল নভাঙয় মানে, নথাকিলে সাৱধানে,
 তাত কিছু নাহিকয় হানি।
ভাঙিল যদ্যপি জল, বেদনা হৈলা প্ৰবল,
 সাৱধান হৈব আক জানি॥

⸻⸻⸺

[ ৩৮ ]

সন্তান জন্মত তিৰোতাৰ সুখ।

ইতো কথা শেষ ভৈলা,  মোহিনী গৃহে গৈলা,
 মোহিনীয়ে বিনয়ে বুলিল।
বহাহা ভগিনীদ্বয়, বেদনা প্ৰাণে নসয়,
 পূৰ্ব্বাৰ্জ্জিত পাপে পৰশিল॥
লক্ষ্মী বোলে মোৰ আই,  পাপ নহে ভয় নাই,
 স্ত্ৰীজন্মৰ এই মুখ্য ফল।
সন্তান নভৈল যাৰ, মানসিক কষ্ট তাৰ,
 জন্মবন্ধ্যা জনম বিফল॥
যাগ হোম ব্ৰত কৰে, বৈদ্যৰ চৰণে ধৰে,
 কৰে কত কাকুতি মিনতি।
পাৱে কত মনোদুখ, নেদেখে সন্তান মুখ,
 মনস্তাপে কান্দে কত সতী॥
সন্তানৰ ইচ্ছা যাৰ, ইতো কষ্ট সঙ্গী তাৰ,
 আত কিছু নভাবিবা দুখ।
দেখিবা পুত্ৰৰ মুখ, স্বামীৰো জন্মিব সুখ,
 দুঃখ ঘুচি হৈব মহা সুখ॥
পৰীক্ষিয়া দেখোঁ ময়, আতুৰ নহবি তয়,
 কিছু কাল থিৰ হই থাক।
দুঃখহৰ্ত্তা সুখকৰ্ত্তা, যিজন জগত ভৰ্ত্তা,
 অন্তৰে প্ৰাৰ্থনা কৰা তাক॥
দুৰ্ম্মদ বিপদ কাৰী, হৰিনাম তাহে হৰি,
 মোহ পৰিহৰি তাক ভাবা।

[ ৩৯ ]

মুখে বোলা হৰি হৰি, বিপদ হৰিব হৰি,
 ৰূপ গুণ যুত সুত পাবা॥
গোবিন্দ-পদাৰবিন্দ,  ভাবি কহে শ্ৰীগোবিন্দ,
 লক্ষ্মী বিনোদিনীৰ সংবাদ।
শুনা সব নাৰীগণ, ইতো গ্ৰন্থে দিবে মন,
 প্ৰসৱত নোহয় প্ৰমাদ॥

প্ৰসৱৰ প্ৰথম অৱস্থা

⸻⸻

প্ৰসৱৰ

বেদনা হলে যি কৰ্ত্তব্য।

পৰীক্ষিয়া মোহিনীক লক্ষ্মী বুলিলেক।
প্ৰসৱৰ পক্ষে কাল আছয় অনেক॥
এতেকে মোহিনী উঠি বুলা * মোৰ আই৷
মোহিনী বোলয়ে আই মোৰ সাধ্য নাই॥
লক্ষ্মী বোলে বুলি ফুৰা ইতো দুঃখ কৰা।
সুশীঘ্ৰ প্ৰসৱ হল মোৰ বাক্য ধৰা॥
সাধ্য নাই তথাপিতো অনুৰোধ গুণে।
গৃহ ভিতৰতে ফুৰে ইপুনে সিপুনে॥
বিনোদিনী বোলে গ্ৰাম্য আচৰণী ছয়৷
পোৱাতীক সাৱধানে বসিবে কহয়॥


  • বুলা--খোজ কাঢ়ি ফুৰা। [ ৪০ ]

লক্ষ্মী বোলে সিতো মন্দ; ততোধিক কৰে।
বল দিয়া দিয়া বুলি হুকি ডাবি ধৰে॥
বল দিয়া কিংবা বহা যুক্তি নহে ভাল।
কোন সময়ৰ কাৰ্য্য নুবুজয় কাল॥
পোৱাতীৰ প্ৰথম অৱস্থা যত কাল।
তাত প্ৰসৱৰ যত্ন ই বড় জঞ্জাল॥
বল দিলে প্ৰসৱয় গৰ্ভিণীৰ সুত।
কোনে কোত শুনিছা হেনয় অদভুত॥
প্ৰথম অৱস্থা কালে দিয়া বহু বল।
অবলা গৰ্ভিণী আৰো হোৱয় দুৰ্ব্বল॥
দ্বিতীয় অবস্থা বল প্ৰকাশৰ কালে।
বল প্ৰকাশিতে আৰ নপাৰয় ভালে॥
সেই হেতু প্ৰসৱৰ বিলম্ব হোৱয়।
প্ৰথমে বলৰ এই কুফল ফলয়॥
এতেকতে প্ৰথম অৱস্থা যত কাল।
প্ৰসৱ হউক বুলি নকৰি জঞ্জাল॥
মাজে মাজে দেখিবেক জৰায়ুৰ দ্বাৰ।
বন্ধন মুকলি কোন অৱস্থা তাহাৰ॥
যদি বুজিলেক জৰায়ুৰ * দ্বাৰ মুক্ত।
তেৱে প্ৰসৱৰ যত্ন কৰা যুক্তিযুক্ত॥
জৰায়ুৰ দ্বাৰ মুক্ত জানিবেক যেৱে৷
দ্বিতীয় অৱস্থা বুলি মানিলেক তেৱে॥

  • জৰায়ু— গৰ্ভৰ যি ভাগত সন্তান থাকে সেই ভাগৰ নাম জৰায়ু৷ [ ৪১ ]

বিনোদিনী বোলে যদি ভাঙিলেক জল।
দ্বিতীয় অৱস্থা পক্ষে প্ৰমাণ প্ৰবল॥
লক্ষ্মী বোলে ইতো সত্য কিন্তু কদাচিত৷
নভাঙয় জল কাৰো হেন আচৰিত॥

⸻⸻

জল নভাঙি

আধাৰ সমে জন্ম।

জলৰ আধাৰ সমে প্ৰসৱয় সুত।
দেখিছোঁ প্ৰত্যক্ষ নভাবিবা অদভুত॥
তাতো বালকৰ জীবনৰ হানি নাই।
কি কৰোঁ কি হৈল বুলি নথাকিব চাই॥
অতি শীঘ্ৰ বালকক মুক্ত কৰি লব।
বিলম্ব কৰিলে জীৱনৰ হানি হব॥
মুক্ত কৰিবাৰো অন্য চিন্তা নকৰিব।
হস্ত দিয়া চৰ্ম্ম থলি যতনে ছিড়িব॥
কিংবা সাৱধানে অস্ত্ৰ দ্বাৰা ফালি লব।
অস্ত্ৰ চালনত অতি সাবধান হব॥
বালকৰ অঙ্গে অস্ত্ৰ যেন নলাগয়।
সেই পক্ষে সতত ৰাখিব মনে ভয়॥
বালক নেদেখি তাত অনভিজ্ঞ জনে।
ফেলাব পাৰয় অপদাৰ্থ জানি মনে॥
তাৰ মধ্যে সজীব সন্তান ফেলাইল।
যেন স্বৰ্ণ প্ৰতিমাক বিসৰ্জ্জন দিল॥

⸺⸺

[ ৪২ ]

জলভাঙাত বিপাক।

গৰ্ভে সন্তানৰ যি ভাগত বাসস্থান।
জৰায়ু তাহাৰ নাম শাস্ত্ৰৰ বিধান॥
সিতো জৰায়ুৰ দ্বাৰ মুক্ত নোহোৱাতে।
ভাঙে যদি জল, বহু ভয় আছে তাতে॥
প্ৰসৱতো বিলম্ব প্ৰসূতি পাৱে কষ্ট।
সি কাৰ্য্যত প্ৰায়শ সন্তান হয় নষ্ট॥
পূৰ্ব্বে কহি আছোহোঁ মনত আছে নাই।
আগে জল ভাঙিলত মস্তক নোলাই॥
হস্তাদি ওলাই ঘোৰ বিপদ ঘটয়।
ইতো কথা নিশ্চয় নিশ্চয় সুনিশ্চয়॥

⸺⸺

গৰ্ভত হাত দিব লাগিলে।

জৰায়ুৰ দ্বাৰ দেখিবাৰ প্ৰয়োজনে।
গৰ্ভৰ ভিতৰে হস্ত দিয়ে যিতোজনে॥
হাতৰ নখৰ ধাৰ নিধাৰ কৰিব।
তাৰ পাছে গৰ্ভিণীৰ গৰ্ভে হাত দিব॥
দিব কিন্তু সাৱধানে দিবেক তথাপি।
জলাধাৰে নখ যেন নেলাগে কদাপি॥

⸺⸺

শীঘ্ৰ প্ৰসৱৰ উপায়।

আৰো পুনঃ পুনঃ ময় কৰোঁ সাৱধান
অন্য ভাব এৰি ই কথাত দিয়া কাণ

[ ৪৩ ]

প্ৰসৱৰ প্ৰথম অৱস্থা যত কাল।
প্ৰসূতিয়ে বল দিয়া যুক্তি নোহে ভাল॥
জৰায়ুৰ দ্বাৰ যদি শীঘ্ৰ নোহে মুক্ত।
কহোঁ তাক শুনা কিবা কৰা উপযুক্ত॥
হেনয় উপায় কৰিবাহা ভাবি চাই।
আত পৰে অন্য ঔষধৰ কাৰ্য্য নাই॥
যি ৰূপে প্ৰসূতি উকিয়াৱৈ বাৰংবাৰ।
কিন্তু বান্ত নহৈ যেন চেষ্টা কৰা তাৰ॥
কুবস্তুক নুুখুৱাই ছিন্ন কেশ আনি।
পুৰি ঘ্ৰাণ লোৱাবা “ও”-কৰা হেতু জানি॥
ইত্যাকাৰ নানা যত্নে উকি হৈল যাৰ।
জৰায়ুৰ দ্বাৰ মুক্ত হইব তাহাৰ *॥
প্ৰথম অৱস্থা কালে হোৱৈ তাতে ফল।
তদন্তৰে দিলে হোৱৈ প্ৰসূতি দুৰ্ব্বল॥
দ্বিতীয় তৃতীয় অৱস্থাত আক জানি।
ইতো কাৰ্য্য কৰি নকৰিব বল হানি॥
আৰো কোন পোৱাতীয়ে দৈব নিবন্ধনে।
প্ৰথম অৱস্থাৰম্ভে উকিয়াৱৈ ঘনে॥
ভয় নাই শীঘ্ৰ জৰায়ুৰ দ্বাৰ খুলে।
নিশ্চয় জানিবা ভয় নাহিক সমূলে॥
প্ৰথম অৱস্থা কালে আছে এক যত্ন।
অবলা দুৰ্ব্বলা গৰ্ভিণীৰ পক্ষে ৰত্ন॥

  • সোণকালে জৰায়ুৰ দ্বাৰ মুক্ত নহ’লে উকি অহাৰ উপায় কৰিব লাগে।

কিন্তু যাতে বমি নহয় সেই বিষয় চকু দিব। তাৰ বাবে আন বেয়া বস্তু

নুখুৱাই চিঙা চুলি পুৰি তাৰ ধোঁৱাৰ গোন্ধ লব দিলেই হয়। [ ৪৪ ]

দুগ্ধ তপতাই খুৱাইব মাজে মাজে।
জৰায়ু খুলিব শীঘ্ৰে জানা সিতো কাজে॥
দুগ্ধ পান হেতু হইবেক বলাধান।
ইহাত সংশয় নকৰিবা কিছুমান॥
কিন্তু সাৱধান জল ভাঙ্গিবাৰ পাছে।
দুগ্ধ পান কৰাইলে দোষ তাত আছে॥

⸻⸻

যাৰ দুই তিন দিন প্ৰসৱ বেদনা হয়, তাক দিয়া আহাৰ।

আৰু এক কথা শুনিয়োক বিনোদিনী।
যিতোজনে কষ্ট ভোগে দিন দুই তিনি॥
সিজনীকো অনাহাৰে ৰাখে সিতো কাল৷
পৰম দুৰ্গুণ ইতো প্ৰথা নেহে ভাল॥
একে প্ৰসৱৰ বেদনাত যায় প্ৰাণ।
অনাহাৰে কি ৰূপে পাইব পৰিত্ৰাণ॥
আকে জানি লঘু পাক আহাৰক দিব।
তেবে সে প্ৰসূতি নিদানত প্ৰাণে জীৱ॥
দুগ্ধ ছাগু আৰাৰুট খই মণ্ড আনি।
চেষ্টা কৰি দিব প্ৰসূতিৰ কষ্ট জানি॥
আতো কিছু বিশেষ আছয় বুঝিবাক।
বিশেষি কহিছোঁ মনে ৰাখিবা ইহাক॥
প্ৰথম অৱস্থা জল নাভাঙয় মানে।
তপতাই আহাৰ দিবেক সাৱধানে॥
দ্বিতীয় অবস্থা হয় জল ভাঙিলাত।
শীতল আহাৰ দিব সেই অৱস্থাত॥

[ ৪৫ ]

হিম দুগ্ধ হিম জল * মহা উপকাৰী।
লিখিলে পুস্তক যায় মিছাতেহে বাড়ি॥
সি কালত তপত আহাৰ কৰাইলে।
প্ৰসৱৰ পক্ষে প্ৰসূতিৰ কষ্ট মিলে॥
তপত আহাৰ পালে ৰক্তস্ৰাৱ হয়।
সি সময়ে তপ্তাহাৰে কষ্টৰ সংশয়॥
প্ৰসূতি প্ৰসৱ কালে পিয়াসতে মৰে।
সজল নয়নে জল খুজি পাৱে ধৰে॥
নিষ্ঠুৰ নিৰ্দ্দয় ধাত্ৰী নেদেৱয় জল।
কাকুতি মিনতি কৰে পিয়াসে বিকল॥
সি সময়ে হিম দুগ্ধ কিংবা হিম জল।
দিবাহা নিৰ্ভয়ে বাঞ্ছা নকৰি বিকল॥
হিম দুগ্ধ দিলে দুই উপকাৰ তাত।
পিপাসা তো হৰে বলো পাৱয় তাহাত॥
ঈশ্বৰৰ মহিমাৰ কোনে পাৱে অন্ত।
এতেকে তেঁওৰ নাম দয়ালু অনন্ত॥
চিদানন্দে চিদানন্দ ৰাখহ সানন্দ।
চিদানন্দ যাৰ নাই সেই নিৰানন্দ॥
গোবিন্দৰ পদ চিন্তি গোবিন্দ দাস৷
ৰচিলে পয়াৰ ইতো, নহবা নিৰাশ


  * হিম দুগ্ধ, হিম জল-বৰফ মিহলোৱা গাখীৰক হিম দুগ্ধ আৰু বৰফৰপানীক হিম জল বুলিছে। গাওঁত এই দুই বস্তুৰ অভাৱ; তেনে থলত বৰ শীতল পানী আৰু তপত গাখীৰ ঠাণ্ডা কৰি দিব পাৰি। [ ৪৬ ]

প্ৰসৱৰ দ্বিতীয় অৱস্থা আৰু শিশু

ভূমিত পৰি ঘনশ্বাস কাঢ়িব

ধৰিলে যি যি কৰিব লাগে

সেই সেই কথা।

⸺⸺

প্ৰসৱৰ সময় কৰ্ত্তব্য।

পুনৰপি মোহিনীক লক্ষ্মী পৰীক্ষিলা।
বাম কক্ষ অধঃ ৰাখি * শুৱাইব দিলা॥
হইল জৰায়ু মুক্ত হোৱা সাৱধান।
প্ৰসৱৰ আছে কাল অল্প কিছু মান॥
বিনোদিনী বোলে তোৰ কাণ্ড আচৰিত।
সাধাৰণ জনৰ সম্পূৰ্ণ বিপৰীত॥
অন্যে বল দিয়াৱে পোৱাতি বহুৱাই৷
তোৰ কিয় মনত হেনয় বুদ্ধি নাই॥
লক্ষ্মী বোলে ময়ো দেখি শুনি আছোঁ আক।
পোৱাতিক বোলে উৰু দাঙি বহিবাক॥
আৰু বোলে পাৰ্য্যমাণে বল দিয়া দিয়া।
দু:খ দেখি পোৱাতিৰ মোৰ ফাটে হিয়া॥
দেখা সিতো কত বড় বিঘ্নৰ বিষয়।
শিশুৰ মস্তক যদি ভূমিত পড়য়॥

⸻⸺⸻⸺⸻⸺

বাম কক্ষ অধঃ ৰাখি—বাওঁ ফালে কাটি কৰি। [ ৪৭ ]

নবনী-পুতলী সম অতি সুকোমল।
নলাগিব নাকি শিৰে আঘাত প্ৰবল॥
বল দিলে শিশু আসে নেদিলে নাহয়।
পাগলত পৰে হেন জ্ঞানী নকহয়॥
বসিলে সে শিশু জন্মে শুইলে নহয়।
কোনো যুক্তি কোনো শাস্ত্ৰে হেন নকহয়॥
কত শত ৰূপৱতী নবীনা প্ৰসূতি।
শুইবাৰ অৰ্থে কৰে কাকুতি মিনতি॥
নিৰ্দ্দয় হুইয়া ধাই * অশিক্ষা কাৰণ।
মিনতি নুশুনি কৰে শুইবে বাৰণ॥
শুইলে নাহিক কিছুমাত্ৰ অপকাৰ।
শুইলে কি গুণ মৰ্ম্ম নজানয় তাৰ॥

⸻⸻⸻

গা-ছুৱা গলে যি কৰ্ত্তব্য।

বিনোদিনী বোলে যুক্তি তোমাৰ প্ৰবল।
দেখা দেখা মোহিনীৰ ভাঙিলেক জল॥
লক্ষ্মী বোলে মন্দ নোহে সাৱধান হোৱা।
বাম কুক্ষি অধঃ কৰি শুৱাইয়া থোৱা॥
জানুদ্বয় মধ্যত বালিশ † এটী দিয়া।
শিশুৰ মস্তক দেখা দিবেক এতিয়া॥
মস্তক বাহিৰ পক্ষে হব সুসঙ্গতি।
ইতো কষ্ট কালে সুখ পাইব প্ৰসূতি॥
সেই ৰূপে সি কাৰ্য্যক কৰি আচৰণ।
লক্ষ্মী বিনোদিনী কৰে কথোপকথন॥


† বালিশ— গাৰু

[ ৪৮ ]

হেন কালে মোহিনীয়ে উহু উহু কৰি।
বোলে মোৰ কঁকাল ফাটিল হৰি হৰি॥
লক্ষ্মী বোলে কঁকালত হাত পিহি দিয়া।
বেদনা সাশ্ৰয় কিছু পাইব এতিয়া॥
দিল সেই মতে কিছু সাশ্ৰয় হইল।
উৰু ভাঙি গৈল বুলি মোহিনী কহিল॥
তাতো সেই ৰূপে গৈয়া হাত বুলাইল।
বেদনাৰ পক্ষে অল্প সাশ্ৰয় মিলিল॥

⸺⸺

বালকৰ মুৰ দেখা পৰিলে।

বিনোদিনী বোলে হেৰা হেৰ লক্ষ্মীবাই৷
প্ৰসৱৰ দুয়াৰত শিৰ দেখা যাই॥
লক্ষ্মী বোলে সত্য কিন্তু এক কৰ্ম্ম কৰা।
উভয় দ্বাৰৰ * মধ্যে হাত দিয়া ধৰা॥
হেঁচা ঠেলা টিপা টাপী একো নকৰিবা।
হাত তলা পাতি মাত্ৰ ধৰিয়া থাকিবা॥
জল দ্বাৰ মলদ্বাৰ উভয়ৰ মাজে।
অস্থি নাহিকয় তাত চৰ্ম্ম মাংস বাজে॥
মস্তক নিৰ্গম কালে আছয় সংশয়।
মধ্য ভাগ ফাটি কাৰো এক ফাঁক হয়॥
অতএব এই কালে কৰা হস্য়াৰ্পণ।
বালকৰ স্কন্ধ নলাইব যতক্ষণ॥

  • উভয় দ্বাৰ—প্ৰসৱৰ দ্বাৰ আরু শৌচ দ্বাৰ।

[ ৪৯ ]

ক্ৰমে শিৰ পৰে গ্ৰীবা বাহিৰ হইল।
বিনোদিনী ইতো তত্ত্ব লক্ষ্মীক কহিল॥

⸻⸻

শিশুৰ গলত

নাড়ীৰ মেৰ থাকিলে।

লক্ষ্মী বোলে ময় বালকৰ দেখোঁ গ্ৰীবা।
গ্ৰীবা ভাগে নাড়ীৰ বন্ধনী আছে কিবা॥
বিনোদিনী বোলে থাকিলাত কিবা হানি।
শুনি তাৰ প্ৰতি লক্ষ্মী বুলিলেক বাণী॥
গৰ্ভবাস অৱস্থাত হানি নাহিকয়।
বাহিৰে থাকিলে হয় মৰণৰ ভয়॥
গ্ৰীবাৰ বন্ধনী প্ৰায় শ্বাসৰুদ্ধ কৰে।
শীঘ্ৰে দূৰ নকৰিলে শিশু প্ৰাণে মৰে॥
বিনোদিনী বোলে দেখা দেখা মোৰ আই।
লক্ষ্মী বোলে দেখিলোহোঁ সি জঞ্জাল নাই॥
বিনোদিনী বোলে থাকিলাত কৰা কিবা?
লক্ষ্মী বোলে মেৰ ভাঙি মুকুলাওঁ গ্ৰীবা॥
কিন্তু সাবধানে কাৰ্য্য কৰিব লাগয়।
অসাৱধানত হিতে বিপৰীত হয়॥
যদি কোন ক্ৰমে নাড়ীগছ ছিঙি যায়।
তাতো ভয় হই পাছে হয় নিৰুপায়॥
যদি বহু মেৰ দেখা-দেখা পাঁচ সাত।
কহোঁ শুনা কি উপায় কৰিবাঁহা তাত॥

[ ৫০ ]

যদি মেৰ ভাঙিবাত বিলম্ব হোৱয়৷
তাতো বালকৰ জানা প্ৰাণৰ সংশয়॥
এতেকে শিশুৰ নাভী পক্ষে বাঁধ দিবা
জননীৰ গৰ্ভ পক্ষে তাকেই কৰিবা॥
সূক্ষ্ম ৰজ্জু দিয়া সেই দুই বাঁধ দিলে।
উভয় পক্ষত কোন বিপত্তি নিমিলে॥
তীক্ষ্ণধাৰ কেচি * হাতে ধৰি সাৱধানে
গলত বেষ্টিত নাড়ী কাটিবা সন্ধানে॥
বিলম্ব নকৰি কাৰ্য্য সাধিব সত্বৰে।
সাধিবা সত্বৰে কিন্তু, অভ্ৰান্ত অন্তৰে

⸺⸺

মস্তক ওলালে।

বিনোদিনী বেলে কিয় হৈলে হেন গতি৷
মাথা বাহিৰিয়া শিশু ৰহিল সংপ্ৰতি॥
লক্ষ্মীয়ে বোলয় ইতো নিয়ম আছয়।
সহসা ভূমিষ্ট নোহে ক্ৰমে প্ৰসসৱ॥
বিনোদিনী বোলে লক্ষ্মী কথা শুধোঁ তোক
মাথা ধৰি টানিলে কি নাহে বাহিৰোক॥
হাঁৰে সৰ্ব্বনাশ বুলি হাহৈ লক্ষ্মী আই।
সিকথা কৰিলে বালকৰ ৰক্ষা নাই॥
স্বন্ধ অধোভাগে এক খণ্ড অস্থি আছে।
লগ্ন হুয়া এক শিৰা আছে তাৰ কাছে॥

মেখৰাজ৷

[ ৫১ ]

মস্তকত টান দিলে পৰৈ তাত টান।
ক্ষণমাত্ৰে বালকৰ নষ্ট হোৱে প্ৰাণ॥
যদি সম্ভবৰ অতিৰিক্ত ভৈল কাল।
মস্তক ওলাই ৰৈল নাভাঙে জঞ্জাল॥

⸺⸺

মস্তক ওলাই

প্ৰসৱৰ বিলম্ব হলে উপায়

আৰো তাতে প্ৰসৱৰ বেদনা এৰিল।
তেন্তে শীঘ্ৰ অন্য চেষ্টা কৰিব লাগিল॥
বিলম্ব কৰিলে শিশু অবশ্য মৰিব।
আকে জানি এই চেষ্টা অবশ্য কৰিব॥
বেছি অন্য চেষ্টা নাই সহজ উপাই।
গৰ্ভৰ উপৰে হাত দিবেক ফুৰাই॥
হাত ফুৰাইব ঘষি পিষি বাৰংবাৰ।
প্ৰসৱৰ বেদনা হইব পুনৰ্ব্বাৰ॥
গৈল বিষ, হৈল বিষ নহে অদভুত।
বেদনা হইলে শীঘ্ৰে প্ৰসৱিব সুত॥
যদি হাত ফুৰাইলে বিষ নধৰয়।
তেন্তে ইতো উপায় কৰিতে যুক্তি হয়॥
কি যুক্তি সি যুক্তি ময় কহোঁ সাৰ কৰা।
অন্য স্ত্ৰী হস্তে গৰ্ভে হেঁচা দিয়া ধৰা॥
নিজে ধৰা এক হস্তে বালকৰ ঘাড়।
হস্তাঙ্গুলি শ্বন্নে কাখতলি ধৰা তাৰ॥

[ ৫২ ]

উভয় স্থানত ধৰি টানা ধীৰে ধীৰে।
ক্ৰমে ক্ৰমে ক্ৰমে শিশু আসিব বাহিৰে*
সুত কিংবা প্ৰসূতি কাহাৰো কষ্ট নাই।
উভয়ক ৰক্ষা কৰে সুশিক্ষিতা ধাই॥
হস্তে উদৰক যদি হেঁচা দি নধৰে।
ৰক্ত স্ৰৱিবাৰ শঙ্কা প্ৰসৱৰ পৰে॥

⸻⸻

স্কন্ধ বাহিৰ হোলে।

ইতো মধ্যে বালকৰ স্কন্ধ বাহিৰিল।
লক্ষ্মী বিনোদিনী প্ৰতি আদেশ কৰিল॥
দুই দ্বাৰ মধ্যস্থলে ৰাখা আগহাত।
বামহাত উদৰ উপৰে নিয়া পাত॥
হেঁচা দিয়া উদৰ ৰাখিবা সাৱধানে।
নাদাঙিবা হাত ফুল নপড়য় মানে†॥
দুই হাত পাতি মই বালকক ধৰোঁ।
অন্য যি কৰ্ত্তব্য কৰ্ম্ম মই তাক কৰোঁ॥
ঘাৰ বাহিৰিলে উদৰত হেঁচা দিব।
ফুল নপড়য় মানে হাতক নেৰিব॥

 * এজনী তিৰোতাক গৰ্ভত হেঁচা দি ধৰিব দি, “আশ্ৰেণী” নিজে এক হাতেৰে শিশুৰ ঘাড়ত আরু আন হাতৰ দুই আঙ্গুলীৰে (বুড়া আরু তৰ্জ্জনী এই কামত সুবিধা হ’ব) কাখতলিত ধৰি লাহেলাহে টানিলে প্ৰসৱ হ’ব।

 † শৌচদ্বাৰ আরু প্ৰসৱৰদ্বাৰ দুয়োৰো মাজত আগহাতেৰে ধৰি, বাঁম

হাতেৰে পেটত হেচাঁ দি ধৰিব। আরু ফুল নপৰে মানে হাত নাদাঙিব। [ ৫৩ ]

ক্ৰমে ক্ৰমান্বয়ে অঙ্গ সবো বাহিৰিল।
মোহিনীৰ পুত্ৰ আসি ভূমিষ্ঠ হইল॥


ভূমিষ্ঠ হলে কৰ্ত্তব্য।

লক্ষ্মী বোলে লক্ষ্মীপতি ৰাখিলেক মান।
কৰিল জগত-পতি মোহিনীক প্ৰাণ॥
মোহিনীৰ পুত্ৰ দেখি সখী-সাজি গণে।
জোকাৰ পাৰিল সবে আনন্দিত মনে॥
লক্ষ্মী বোলে আছল কাৰ্য্যক নুভূলিবা।
উদৰৰ হাত বিনোদিনী নুতুলিবা॥
জননীৰ পাৰ্শ্বভাগে বালকক থওঁ।
শুনা কিয় থওঁ, তাৰ কাৰণক কওঁ॥
দ্বাৰৰ সম্মুখ ভাগ শঙ্কাৰ বিষয়।
প্ৰসৱৰ অন্তে কাৰো ৰক্তস্ৰাৱ হয়॥
যদি সেই দ্বাৰৰ সম্মুখে শিশু থয়।
নাকে মুখে কৰ্ণ ৰন্ধ্ৰে পড়িতে পাৰয়॥
মোৰ অনুকৰণ কৰিবা ভবিষ্যতে।
ইত্যাদি কথাক নুভূলিবা কোনমতে॥
বালকৰ মুখত অঙ্গুলি প্ৰৱেশাওঁ।
লাল জোল আছে নাই মই তাক চাঁও॥
যদি আছে তেন্তে ময় বাহিৰাওঁ তাক।
শিক্ষাৰ কাৰণে বিনোদিনী দেখি থাক॥

[ ৫৪ ]

নাড়ী-ছেদন।

তদন্তৰে শিশু যেবে কৰিল ৰোদন।
লক্ষ্মী বোলে কৰোঁ এবে নাড়ীক ছেদন॥
জন্মিয়া বালক নকান্দয় যত কাল।
সিকাল পর্য্যন্ত নাড়ীচ্ছেদ নােহে ভাল॥
জনম মৰণ দুই দুঃখ সমতুল।
যিবা দুঃখে জনমিছোঁ এবে ভৈল ভূল॥
সেই প্রাণান্তিক দুঃখে ঘন শ্বাস কাঢ়ে।
সি হেতু বালকে শীগ্ৰ কান্দিতে নপাৰে॥
ঘােৰ পৰিশ্রম সম বালকৰ কষ্ট।
সি কালে কাটিলে নাড়ী শিশু হােৱে নষ্ট॥
এতেকতে শিশু নকান্দয় যত কাল।
সি কালত নাড়ী কটিবাৰ নোহে ভাল॥
বিনাকষ্টে শীঘ্ৰ যি প্ৰসূতি প্ৰসৱয়৷
সিতো প্রসূতিৰ সুতে জন্মিয়া কান্দয়॥

⸻⸻

জন্মি নাকান্দিলে শিশুক কন্দুৱাবৰ উপায়।

যদি শিশু নকান্দে কান্দয় [ ৫৫ ]

এক-দুই-তিনিবাৰ জল ছিটা দিব।
সজোৰে পড়িব জল কান্দিয়া উঠিব॥
তাতো যদি শিশু ৰৈল ক্ৰন্দন নকৰি।
শীতল জলক লব চড়িয়াত ভৰি॥
তাতে নিয়া বালকৰ গল পৰিমাণে।
বেগে জোবৰাই তুলি লব সাৱধানে॥
তাতে সচকিত হুয়া কান্দিয়া উঠিব।
নাকান্দিলে তপ্ত জলে বহুৱাই দিব॥
পুনঃ নিয়া শীতল জলত বহুৱাব।
বাৰেক বা দুইবাৰ এইৰূপে চাব॥
তপ্তজল দিব মাত্ৰ নামত তপত।
মাংস পিণ্ড বালকে সহিব পাৰে যত॥
ইত্যাদি কাৰণে শিশু কালে সবাকাৰ।
যত্নৰ উপৰে দৈব মহাবল তাৰ॥

⸻⸻

সূতিকাগৃহৰ আবশ্যকীয় বস্তু।

সি কথা থাকোক প্ৰসৱৰ সময়ত।
গৃহে ৰাখিবাহা যিবা বস্তু যত যত॥
তপ্ত হিমজল দুই পাত্ৰে ভিনে থোৱা।
তীক্ষ্নধাৰ কেঁচি এক জোড়া আনি লোৱা॥
কপাহি কাপৰ একখান থৈবা আনি।
পাতল নিৰ্ম্মল এক খণ্ড ফটাকানি॥


এটি পাত্ৰত তপত পানী, আন এটিত (ঠাণ্ডা) ছেঁছা পানী থব লাগে৷ [ ৫৬ ]

লোমজ কোমল বস্ত্ৰ হাত দুই মানে।
দ্বিহস্ত সুতাৰ জৰি লোৱা সাৱধানে॥

⸻⸻

জনমি

নাকান্দিলে কি কৰ্ত্তব্য।

বিনোদিনী বোলে মনে ই কথা ৰহিল।
পূৰ্ব্ব উপায়তো যদি শিশু নকান্দিল॥
তেন্তে কি কৰিব লাগে দিয়াহা শিকাই।
কোনেও নজানে কিছু হোৱে নিৰুপায়॥
লক্ষ্মী বোলে কওঁ যিবা আছয় উপায়।
বালকক লব “চিতে’’ কোলাত শুৱাই॥
দুই হাতে দুই পাৰ্শ্বে ধৰি তদন্তৰে।
মুখে মুখ দিয়াফুক দিবেক ভিতৰে॥
তাতে শিশু উদৰত বায়ু পূৰ্ণ হব।
সেই কাৰণত শিশু নিশ্বাসক লব॥
বাৰ তিনি চাৰি এইৰূপ আচৰণে।
নকান্দিলে আশা এৰিবেক তাৰ মনে॥
কিন্তু এই শেষ যত্ন আগে নকৰিব।
আগে যি কহিছোঁ আগে কৰিয়া দেখিব॥
নকান্দিল শিশু আৰু নিশ্বাস নলৈল।
আক পূৰ্ব্ব বৰ্ণ গুছি নীল বৰ্ণ ভৈল॥
তেন্তে নাভি মূলে তিনি আঙ্গুল উপৰি।
ছেদিবেক নাড়ী তাক বন্ধন নকৰি॥

[ ৫৭ ]

যদি আঢ়ৈ তোলামান ৰক্ত পৰি গৈল।
নীলবৰ্ণ গুছিল পূৰ্ব্বৰ বৰ্ণ ভৈল॥
তেন্তে আৰু ভৰসা হইল জীৱনত।
নাকে মুখে জলছিটা দিব সেই মত॥
সেইৰূপে জলত বসাই জোবৰাই।
দেখিব পৰীক্ষা কৰি আয়ু আছে নাই॥
অপত্য সমান স্নেহ নাই ধৰাতলে।
নচ দৈবাৎ পৰং বলং সৰ্ব্ব জনে বুলে॥
আৰো বোলে নৌকা নুডুবয় মানে বাব।
ৰোগীক যত্নিব নমৰয় মানে চাব॥

⸺⸺

নাড়ী-ছেদ।

লক্ষ্মী বোলে নাড়ী বান্ধি যিৰূপে কাটিবা।
শিক্ষা দেওঁ বিনোদিনী মনত ৰাখিবা॥
বিনোদিনী বোলে ময় সি কৰণী জানো।
লক্ষ্মী বোলে কোৱাহা তেবেসে ময় মানো॥
বিনোদিনী বোলে বাঁশ-কৰ্ত্তনী∗ ধৰিয়া।
ৰেপাদিয়া নাড়ী খণ্ড ফেলাৱে কাটিয়া॥
নাভিৰ উপৰে ক্ষুদ্ৰ ৰজ্জুএ বান্ধয়।
বন্ধনী কাষত সেই কৰ্ত্তনে কাটয়॥
লক্ষ্মী বোলে ৰজ্জু যদি অতি ক্ষুদ্ৰ হয়।
বান্ধিলে নাড়ীত বাঁধ কাটিয়া বসয়॥

⸺⸺⸻⸺

∗বাঁশ-কৰ্ত্তনী অৰ্থাৎ বাঁহৰ ছোঁছ।

[ ৫৮ ]

সিতো বাঁধ নেদেখি কাটয় উপৰত।
ৰক্ত বহি ভয় জন্মে শিশু মৰণত॥
সেই দুৰ্গুণত ৰক্ত বহে ধাৰাসাৰ।
বাঁধৰ উপৰে বাঁধ দিব লাগে আৰ॥
এতেকতে সিতো ৰজ্জু অল্প বড় কৰা।
কিংবা ৰজ্জু এৰি ফিতা∗ ব্যৱহাৰ ধৰা॥
বাঁধৰ দুৰ্গুণ থাকিলেক এইমানে।
বাঁশৰ কৰ্ত্তনে শিশু দুঃখ পাৱে প্ৰাণে॥
বাঁশৰ কৰ্ত্তনী হলে ৰেপিব লাগয়।
দুঃখ পাৱে শিশু জানা তাতেসে কান্দয়॥
কৰ্ত্তনীত কৰি কেঁচি মহা উপকাৰী।
কেঁচিৰে কাটিলে শিশু নপাৱয় সাৰি॥
কৰ্ত্তনে কাটিব লাগে নাকাটিলে নয়।
কোন স্মৃতি ব্যবস্থা শাস্ত্ৰত নকহয়॥
পৰম্পৰা যি কৰে কৰয় মাত্ৰ তাক।
দোষ দেখাইয়া দিলে নুশুনয় হাক॥
এতেকে বিস্তৰ লিখিবাক নাই মন।
প্ৰাচীন সবাৰ পক্ষে অৰণ্যে ৰোদন॥
নবীনা সুমতি সতী সবাকো মিনতি।
ইসব নিয়ম চলাবাক দিয়া মতি॥
নাভিক এৰিয়া তিনি আঙ্গুল উপৰে।
নাড়ীক বাঁধিল লক্ষ্মী ধৰি নিজ কৰে॥


∗ফিতা—ইও এবিধ জড়ি। কিন্তু গোটালি ন হয়, চেপেটা হে

কাপোৰৰ পাৰীৰ দৰে। দোকানত কিনিব পায়। [ ৫৯ ]

পূৰ্ব্ব বাঁধ এৰি অৰ্দ্ধ অঙ্গুল উপৰি।
দ্বিতীয় বন্ধন দিয়া আসিল সুন্দৰী॥
আপন অঙ্গুলি দ্বয়ে তীক্ষ্ন কেঁচি লই।
উভয় বাঁধৰ মাজে কাটিলেক গই॥
নাকান্দিল শিশু কিছু দুঃখ নপাইল।
স্বাভাবিক ৰূপে শিশু চাহিয়া ৰহিল॥
অপদাৰ্থ ভাগে বাঁধ দিলোঁ কি কাৰণে।
নকইলে নুগুছিব শঙ্কা কাৰো মনে॥
যমজ সন্তান গৰ্ভে থাকিব পাৰয়।
নবান্ধিলে সি পক্ষত মহা বিঘ্ন হয়॥
এতেকে বন্ধন দিয়া উচিত উপাই।
নাই যদি সুত গৰ্ভে নাই, হানি নাই॥
অবহেলা কৰি যদি তাত নবাঁধয়।
ৰক্ত বাহিৰয় গৰ্ভে শিশু নষ্ট হয়॥
বাঁধদিয়া অতি অল্প কাৰ্য্যৰ কাৰণে।
কিয় থাকিবাক লাগে সুশঙ্কিত মনে॥
বাঁধ গোট দিয়াত নলাগে বহু বেলা।
এতেকতে বাঁধ দিবা নকৰিবা হেলা॥

ভূমিষ্ঠ সন্তানৰ যত্ন।

লক্ষ্মী বোলে বিনোদিনী অন্য কথা থোৱা৷
পৰিষ্কাৰ কৰি আগে বালকক ধোৱা॥
সাবুনে* তপত জলে ধুৱাইয়া দিয়া।
নিৰ্ম্মল কোমল বস্ত্ৰে গাও মুছিনিয়া॥


সাবুন—চাবন

[ ৬০ ]

বহুদিন ৰক্তে ক্লেদে ডুবিয়া আছয়।
সাবুন নিদিলে গাত্ৰ ক্লেদ নুগুছয়॥
গৰ্ভত আছিল সিতো স্থান উষ্ণ স্থান।
বাতাসে ওলাই শীতে কাপয় পৰাণ॥
এতেকতে শিশুক শয্যাক তুলি নিয়া।
ফ্ল্যানেল* কাপড় খণ্ডে গাত্ৰ ঢাকি দিয়া॥

⸺⸺⸺

ক্ষীণকায় বালকৰ পুষ্টকৰ।

ই পক্ষৰ এই কথা কহিব আছয়।
ভূমিষ্ঠ বালক যদি ক্ষীণকায় হয়॥
তেন্তে নাড়ী কাটিবাৰ পূৰ্ব্বে এই কৰা।
অকাটনে নাড়ী খণ্ড বাম হাতে ধৰা॥
মাতৃ পক্ষ পৰা নাড়ী দোহনক কৰি।
অল্প ৰক্ত শিশুৰ উদৰে দিয়া ভৰি॥
উদৰত প্ৰবেশিব নাভি মূল দিয়া।
সেই পথ মাত্ৰ গৰ্ভে আছিল যেতিয়া॥
সি উপায়ে গৰ্ভে ৰক্ত নিলে কিছুমান।
বালক হইব পুষ্ট হৈব বলাধান॥
গৰ্ভ-বাস কালে জননীৰ ৰক্ত-বলে।
অনাহাৰে শিশু ৰক্ষা পায় কেবলে॥
এতেকতে সি কাৰ্য্যক সত্য বুলি ভাবা।
অসত্য বুলিলে তাৰ প্ৰতিফল পাবা॥


  • এক ৰকম গৰম কাপোৰ, বজাৰত কিনিব পায়। [ ৬১ ]

যদ্যাপি বালক দেখা নিৰ্জীবৰ প্ৰায়।
কঁও কি কৰিলে সিতো শিশু ৰক্ষা পায়॥
নাড়ীচ্ছেদ কৰি তাৰ ৰক্ত টোপা চাৰি।
খুৱাইব সিতো ৰক্ত বহু উপকাৰী॥
তেজস্বী হইব শিশু হৈব পুষ্টকায়।
পৰীক্ষা প্ৰমাণ কাৰ্য্য কৰিবা ত্বৰায়॥

মায়া-মোহ।

গৰ্ভ-বাস যন্ত্ৰণাক হই বিস্মৰণ।
মদে মত্ত হই বিষয়ত দিলোঁ মন॥
কাম ক্ৰোধ লোভ মোহ হইল প্ৰবল।
ধৰ্ম্ম চিন্তিবাৰ চিন্তা কৰিল বিফল॥
সিত গৈল গৈল, ভৈল যি ভৈল সি ভৈল৷
অসাৰ সংসাৰে আশা পূৰ্ণ নাহি হৈল॥
আকে জানি দেশৰ সাধন কৰা হিত।
নকৰিবা ইতো যুগুতিৰ বিপৰীত॥
গোবিন্দ-পদাৰবিন্দ-মকৰন্দ-আশে।
গোবিন্দ মধুৰ সুমধুৰ ভাষা ভাষে॥
পৰ উপকাৰ হেতু কৰিলোঁ ই পদ।
পৰকালে পাওঁ যেন পৰাৎপৰ পদ॥

[ ৬২ ]

প্ৰসৱৰ তৃতীয় অৱস্থা,

পোৱাতিৰ শুশ্ৰূষা।

বিনোদিনী বোলে কিবা হয়,  এতক্ষণে ফুল নপড়য়,
 চিন্তাতে আকুল লক্ষ্মী ভৈল মোৰ মন।
লক্ষ্মী বোলে তুমি ভাবা কিবা,  উদৰৰ হাত নুতুলিবা,
 ফুল পড়িবাৰ আছে মাত্ৰ অল্পক্ষণ॥
বিনোদিনী বোলে আছে হাত,  অন্যথা নকৰোঁ কিছুতাত,
 নুবুলিবা মানে নুতুলিবোঁ কদাচিত।
প্ৰসৱৰ ভৈল বহুকাল,  নপড়িলে ফুল নোহে ভাল,
 তোমাত কি মিছা, অন্তৰে হইছোঁ ভীত॥
প্ৰসৱৰ অল্পক্ষণ পাছে,  দেখে ফুল নপড়িয়া আছে,
 আচৰণী হাত প্ৰবেশাই আনে টানি।
যি কৰা উচিত তাকে কৰা,  কিন্তু মোৰ ইতো যুক্তি ধৰা,
 শীঘ্ৰে ফুল পড়িবাৰ কাৰ্য্য কৰা জানি।
লক্ষ্মী বোলে কিনু সৰ্ব্বনাশ,  কথা শুনিলাত আসে হাস,
 পোৱাতিক হত্যা কৰিবাক বোলা মোক।
ফুল টানি আনা মহাভয়,  তাতো বহু ৰক্তস্ৰাৱ হয়,
 নকৰে সংশয় কেৱলে অজ্ঞানী লোক॥
গৰ্ভৰ ভিতৰে নিয়া হাত,  জৰায়ুত কৰে নখাঘাত,
 ফুলৰ কিঞ্চিত ছিঙি থাকে জৰায়ুত।
যদি হোৱে ইতো বিসঙ্গতি,  তেন্তে নাই আৰ ৰক্ষাগতি,
 সুতিকা জ্ববত পাৱে কষ্ট অদভূত॥

[ ৬৩ ]

ফুল নপড়িব কিবা ভয়,  ভয়মাত্ৰ তাত নাহিকয়,
 অকাৰণে কিয় টানিয়া আনয় তাক।
প্ৰসৱৰ দণ্ডমান পৰে,  যিবেলি বেদনা পুনঃ ধৰে,
 আপনি পড়িব চিন্তাহীন হুই থাক॥
যদিবা দণ্ডৈক হৈয়া গৈল,  নপৰি ফুল গৰ্ভে, ৰৈল,
 নাড়ীত ধৰিয়া টানা লাস লাস কৰি।
উদৰত বিষ নাই যেবে, নাভীধৰি নাটানিব তেবে,
 টানিবে লাগয় আসে যেবে বিষ ধৰি॥
এই ৰূপে দুই চাৰি বাৰ,  টানিলাত ফুল পড়ে সাৰ,
 যদি বিষ নাসে নটানিব নটানিব।
উদৰক হাতে পিষিবেক,  বিষ ধৰি ফুল পড়িবেক,
 ভালৰূপে হাত ঘষি পিষি মাত্ৰ দিব॥
দেখা যদি সিদ্ধি নাই তাত,  নাৰিকেল তৈলে ঘষি হাত,
 উদৰ ভিতৰে অতি সাৱধানে নিয়া।
ফুলত ধৰিয়া মৃদুবলে,  ঘুৰাইয়া পাকদিয়া চলে,
 বাহিৰে আনিবা ধীৰে ধীৰে টানদিয়া॥
ফুল টানাৰ সময়ত, পোৱাতি জনীৰ উদৰত,
 হাত দিয়া হেঁচি ধৰা সমুচিত হয়।
তাত হোৱে এই মহা গুণ,  কহোঁ ময় ইতো পুনঃ পুন,
 ফুল মাত্ৰ আসে ৰক্ত মাত্ৰ নপড়য়॥
পাকদিয়া ফুল আনিলাত,  নথাকয় আৰ কিছুতাত,
 প্ৰসূতিক নধৰয় সূতিকাৰ জ্বৰে।
প্ৰসূতিৰ যদি ভৈল জ্বৰ,  বালকৰ ভৈল অথান্তৰ,
 আকে জানি জ্ঞানী ধাই সবে আকে কৰে॥

[ ৬৪ ]

লক্ষ্মী বোলে একো চিন্তানাই,  ফুল আসিবেক থাকা চাই,
 সমস্তৰে নোহে, কাৰো মাত্ৰ সি জঞ্জাল।
বিনোদিনী বোলে সত্য ভৈল,  মোহিনীৰ ফুল পড়ি গৈল,
 ৰাম ৰাম বোলা চিন্তা গৈল, ভৈল ভাল॥
পুত্ৰ মুখ দেখিল মোহিনী,  আনন্দিতা লক্ষ্মী বিনোদিনী,
 বন্ধুগণ মিলি কৰে সুমঙ্গল গান।
গোবিন্দ গোবিন্দে ৰাখা পায়,  শ্যামলালে ৰক্ষ শ্যামৰায়,
 চিদানন্দ কৰা চিদানন্দৰ কল্যাণ॥

⸺⸺

প্ৰসৱ অন্তত “বাঘিনী-প্ৰসূতি”

ন’হাৰ উপায়।

বিনোদিনী বোলে লক্ষ্মী কি কৰিবোঁ এবে
উদৰৰ হাত তোলোঁ তুমি বোলা যেবে॥
লক্ষ্মী বোলে অল্প কাল ৰাখা মাত্ৰ হাত।
কাপড় বেষ্টন কৰিবাক আছে তাত॥
কপাহি কাপড় খণ্ড দীৰ্ঘ ভাঁজে ধৰি।
আপনি লক্ষ্মীয়ে লৈল দুই ভাঁজ কৰি॥
উদৰৰ অধঃ উৰ্দ্ধ উভয় ভাগত।
মেৰাই ৰাখিল মেৰ আটিলেক যত॥
টানিয়া বাঁধিল আৰু ৰাখিল যতনে।
পোৱাতিও সুখ মানিলেক মনে মনে॥
মেৰাই বাঁধিলে তাক দুই গুণ হয়।
ৰক্ত ভাঙিবাৰ আৰ নাথাকে সংশয়॥

[ ৬৫ ]

অগৰ্ভিণী কালে উদৰৰ যি আকৃতি।
সেই ৰূপ হৈয়া থাকে নহয় বিকৃতি॥
বস্ত্ৰে নবাঁধিলে চর্ম্ম উলমিয়া যাই।
উপমা বিচাৰি নেলেখিলোঁ লজ্জা পাই॥
আকে জানি বস্ত্ৰে গর্ভ বাঁধিব মেৰাই।
যদি বৃকোদৰী হুইবাৰ ইচ্ছা নাই॥
এই বন্ধনক দশ দিন নেমেলিবা।
শুইয়া থাকিব উঠি ফুৰিব নেদিবা॥

⸺⸺⸺

প্ৰসৱ অন্তত ৰক্ত নভাঙি-

বৰ উপায়।

বিনোদিনী বােলে দেশী আচৰণী দলে।
প্ৰসৱ অন্তত উঠি বসিবাক বলে॥
আৰো বুঝাইয়া বােলে উপদেশ দিয়া।
অবশিষ্ট ৰক্ত যাক নিঃশেষ হুইয়া॥
লক্ষ্মী বােলে সর্ব্বনাশ প্রাণৰ সংশয়।
মূৰ্চ্ছা হুয়া পড়য় আছয় তাত ভয়॥
সেই মুৰ্চ্ছ নভাঙি যাইবে পাৰে প্রাণ।
সি সবত কৰিয়া অহিত ইটি টান॥
নুবুঝি নাজানি বধে কৰে ছল-ছুতা।
বােলে ওঝা আনা, হৈল “বাঘিনী-প্রসূতা’’॥
লক্ষ্মীবোলে আৰু ভয় ৰক্ত ভাঙিবাক।
দিন দশমান নুবুলিব দিলোঁ হাক॥

[ ৬৬ ]

প্ৰসৱৰ অন্তে ৰক্ত ভাঙয় নিশ্চয়।
ইতো ৰীতি বুলি লােকে জানিয়া আছয়॥
কিন্তু ইতো ৰীতি নোহে অযত্নৰ ফল।
ৰক্ত ভাঙি প্ৰসূতিয়ে হোৱয় দুর্ব্বল॥
কথিত নিয়ম যদি আচৰণ হয়।
প্রসূতিৰ কিছুমাত্র ৰক্ত নপড়য়॥
এতেকে প্রসূতি সেই দিন সেই ৰাতি।
উঠা বহা নকৰি সহিব ইতাে দাতি *॥
অন্য কাৰ্য্যে থাকোক প্রস্রাব প্রয়ােজনে।
নুঠিব উঠিলে দুঃখ মিলিব সঘনে॥
অন্য নৱ দিন উঠিবাক বহিবাক।
অল্প অল্প পাৰে, বহু পক্ষে আছে হাক॥
সাৱধানে ৰাখিলে হােৱয় শীঘ্ৰে ভাল।
পূৰ্ব্বাকৃতি হইব নলাগে বহু কাল॥
ৰক্ত ভাঙি নিস্তেজ দুর্ব্বল হই যাই।
তাতে শীঘ্ৰে ভাল কৰা হয় নিৰুপাই॥

⸻⸻

পথ্য৷

ইসব কথাক এহিমানে এড়ি থওঁ।
পোৱাতি-পথ্যৰ ব্যৱস্থাক এবে কওঁ॥
পোৱাতি-গর্ভৰ পৰিপাক শক্তি হীন।
লঘুপাক আহাৰ দিবেক কিছু দিন॥

⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻

  • দাতি-নিকাৰ, বিৰক্তি। [ ৬৭ ]

দুগ্ধ আৰু সাগু দিব প্ৰথমে দু’দিন।
খই মণ্ড দিব যদি সাগু হয় হীন॥
অল্প কৰি দিব পেট নেদিব পূৰাই।
দিনত দুবাৰ দিব তাত দোষ নাই॥
তৃতীয় দিনত লাহি চাউলৰ ভাত।
দুগ্ধ সঙ্গে দিব দোষ নাহিকয় তাত॥
ক্ৰমে ক্ৰমান্বয়ে পূৰ্ব্ব আহাৰক দিব।
শিশু দুগ্ধ খাই মানে বাছিয়া খাইব॥
মাতৃ-দুগ্ধে বালকৰ প্ৰাণ ৰক্ষা হয়।
মাতৃৰ কু-পথ্যে বালকৰ পক্ষে ভয়॥
আকে জানি দুগ্ধ-পোষ্য শিশুৰ জননী।
কু-পথ্যক এৰিব বিঘ্নৰ হেতু গণি॥

⸺⸺

ঝাল খুৱোৱা।

বিনোদিনী বোলে পথ্য কৰিলোঁহোঁ সাৰ৷
ঝাল খুৱাবাৰ পক্ষে কিবা বোলা আৰ॥
লক্ষ্মী বোলে ঝাল খুৱাৱাত নাই গুণ।
শুনা তাক কওঁ, আছে বৰঞ্চ দুৰ্গুণ॥
প্ৰসৱত প্ৰসূতিৰ যত কষ্ট নাই।
ঝাল খুৱালাত জানা তত দুঃখ পাই॥
অতিশয় ঝালপানে অগ্নিমান্দ্য হয়।
পেট জ্বালা কৰে ৰক্ত আমাশয়ে ভয়॥

⸺⸺

[ ৬৮ ]

বালকক সেঁক দিয়া।

তাতো ক্ষান্ত ভৈলোঁ বালকক সেঁকিবাৰ।
লক্ষ্মী বোলে শুনিও ব্যৱস্থা কওঁ তাৰ॥
বালকৰ গাত্ৰে জল আছে অনুমানি।
বালকক সেঁকয় অগ্নিৰ পাশে আনি॥
তাতে আধা পোড়া হয় কাৰো জলা বাধে।
কহিবে সহিবে নৰে দুঃখে শিশু কান্দে॥
সেই অগ্নি উত্তাপত জ্বৰ উপজয়।
নানা অপকাৰে ধৰে জীৱনৰ ভয়॥
এতেকতে সৰ্ব্ব অঙ্গ সেঁকা অনুচিত।
নাভি মাত্ৰ সেঁকিবাৰ কেবল বিহিত॥
বৃদ্ধাঙ্গুলি প্ৰদীপ-অগ্নিত তপতাই।
সেই অঙ্গুলিয়ে হেঁচি হেঁচি সেঁকে “নাই”॥
প্ৰদীপ-শিখাৰ কালী তৈল সমন্বিত।
লাগিয়া থাকয় সেই বৃদ্ধ অঙ্গুলিত॥
সিতো অঙ্গুলিক ষেবে নাভিত হেঁচয়।
সেই তৈল-কালী নাভি-মূলে প্ৰবেশয়॥
বালকৰ নাড়ী পকে সেই তৈল গুণে।
ইসব অহিত হয় ধাত্ৰীৰ দুৰ্গুণে॥
এতেকতে সিতো কৰ্ম্ম কৰা অনুচিত।
সি কৰ্ম্মত হয় জানা হিতে বিপৰীত॥
কিছুমান অঙ্গাৰত অগ্নিক লগাই।
কানিৰ টোপলা সেঁকি সেঁকিবেক “নাই”॥
ইতো নিয়মত মহা উপকাৰ হয়।
কদাচিতো বালকৰ নাভি নপকয়॥

⸺⸻

[ ৬৯ ]

নাভিপকা ঔষধ।

যদি নাভি পকে কোনো অসাৱধানত।
ঔষধ যতন কওঁ ৰাখিবা মনত॥
অন্য যত্ন নলাগে ঔষধে বহু নাই।
তপ্ত জলে ধোৱা নিত্য, যাইব শুখাই॥
তিসিৰ * বাকল পিষি লথৰি সিজাই।
দিব নাভি উপৰত যাইব শুখাই॥
নিত্য চাৰি পাঁচ বাৰ দিবাহা সিজাই।
যাইব শুখাই নাই কিছু চিন্তা নাই॥
ঔষধত কৰি ধোৱাতে সে গুণ হয়।
পচা মাংস উঠি যাই পুনঃ নপাকয় †॥

⸻⸻

পোৱাতিৰ ককাল সেঁক।

বিনোদিনী বোলে পুনঃ শোধোঁ ইতো কথা।
পোৱতিৰ কঁকাল সেঁকাৰ আছে প্ৰথা॥
তোমাৰ মনত তুলি ললা স্বভাৱতে।
সেঁকিবোঁ কি নেসেঁকিবোঁ কোৱা ভালমতে॥
লক্ষ্মী বোলে সেঁকিলে নাহিক অপকাৰ।
পোৱাতিয়ে সুখ পাৱে কৰোঁহোঁ স্বীকাৰ॥
উদৰত কাপড়ৰ বেড় আছে যাৰ।
অকাৰণ নাই প্ৰয়োজন সেঁকিবাৰ॥

⸺⸺

  • বেহাৰ বা সৰিয়হৰ নিচিনা এবিধ শস্য। দোকানত কিনিব পায়।

† “নাই” পকিলে নিতৌ তপত পানীৰে ধু'ব লাগে। ঔষধ দিব

খুজিলে তিসিৰ বাকলি সিজাই দিব। কিন্তু ধুলেহে বেছি উপকাৰ। [ ৭০ ]

প্ৰসূতিৰ শুশ্ৰূষা।

বিনোদিনী প্ৰতি লক্ষ্মী কহিল বুঝাই।
প্ৰসূতি-শুশ্ৰূষা ময় শিক্ষা দিয়া নাই॥
সি বিষয় যি উচিত কহোঁ শুনাতাক।
নিদ্ৰা কৰাইব চেষ্টা লাগে কৰিবাক॥

⸻⸻⸻

প্ৰসৱান্তে নিদ্ৰা।

যদি ফুল পৰিল নাড়ীও কাটা ভৈল।
সৰ্ব্বৈব জঞ্জাল নথাকিল ভাঙি গৈল॥
ই সময়ে প্ৰসূতিৰ নিদ্ৰা যদি হয়।
প্ৰসৱৰ দুঃখ শৰীৰত নথাকয়॥
নিদ্ৰা কৰাবাৰ অন্য নলাগে উপায়।
প্ৰতি-গৃহৰ গুছাইয়া দিবা হাই॥

⸻⸻⸻

দ্বাৰৰ যত্ন।

আৰু এক খণ্ড মলহীন সূক্ষ্ম কানি।
চাৰি ঝাপ কৰি অগনিত সেঁকি আনি॥
প্ৰসৱৰ দুয়াৰক আবৰিয়া থৈব।
নুগুছয় মানে বিষ দিনকত* লৈব॥
শীতল হুইলে বস্ত্ৰ খণ্ড সেঁকি লৈব।
পুনৰপি সিতো দুৱাৰক ঢাকি থৈব॥
দাগ-ছেক লাগে যদি বস্ত্ৰ সলাইব।
সলাই সলাই সেঁকি সেঁকি লগাইব॥

⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻

  • দিনকত — দিনে-দিনে, নিতৌ। [ ৭১ ]

সুকোমল নির্ম্মল কানিৰ মূল্য কত।
তাৰ গুণে দুৱাৰ হইব পূৰ্ব্ববত॥
আৰু বিষ-বেদনা গুছিব হৈব সুখ।
কৰিব সি কাৰ্য্য নাভাবিব তাত দুখ॥
তপ্ত দুগ্ধ তপ জল সমে মিশলাই।
ধুইবে প্ৰসৱ দ্বাৰ তাত দোষ নাই॥
দিন কতমান ধুইবেক দুই বেলা।
পৰিষ্কাৰ হব দেহ নকৰিব হেলা॥
তাত শীঘ্ৰে হইবেক বেদনা সাশ্রয়।
এতেকতে ইতো কৰ্ম্ম কৰিবে লাগয়॥
ইতো কথা জানা কি নাজানাহা সংশয়।
সেই দ্বাৰে অল্প অল্প ৰক্তস্ৰাৱ হয়॥
এক কুৰি এক বা বহয় দুই দিন।
চাৰি পাঁচ দিন অন্তে বর্ণ হয় হীন॥
ক্ৰমে মলাকীর্ণ জল যেন বর্ণ হয়।
বহিবে লাগয় নবহিলে মহাভয় *॥
হঠাৎ হইলে বন্ধ কষ্ট হয় বড়।
তলপেট বিষাই বিষত হয় জ্বৰ॥

⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻

  • প্ৰসৱৰ পাচত প্ৰসৱৰ দ্বাৰেৰে অলপ অলপ তেজ ওলাই থাকে। চাৰি পাচ দিনৰ মুৰত তাৰ বৰণ ৰঙা গুচি ময়লা পানীৰ নিচিনা হয় আৰু সেই দৰে ২১|২২ দিনলৈ ওলাই থাকে। এই পানীযোৱা ভাল, নব’লেহে ভয়ৰ কথা। প্ৰসৱৰদ্বাৰ, উৰত বা পেটৰ কোনো ঠাইত ঠাণ্ডা পানী লাগিলে এই স্ৰাৱ বন্ধ হয় । সেই দেখি যাতে ঠাণ্ডা পানী নালাগে তাৰ যত্ন কৰিব। [ ৭২ ]

প্ৰসৱৰ দ্বাৰ ঊৰু উদৰৰ ভাগে।
যদি কোন প্রকাৰত কাঁচা পানি লাগে
সিতো ৰক্ত বন্ধ কৰে শীতলতা গুণে।
পাইবেক কষ্ট যদি ই কথা নুশুনে॥

⸺⸺


স্নান-ব্যৱস্থা।

পােৱাতি শীতল জলে নকৰিব স্নান।
তপ্তজলে স্নানিবেক একমাস খান॥
হিমজলে স্নান আৰ্দ্ৰ বস্ত্ৰ পৰিধান ।
নিষেধিলোঁ আক নকৰিবা পার্য্যমান॥
শৌচ প্ৰস্ৰাৱতো যিবা জল ব্যয় হয়।
সিও জল তপ্ত লাগে নহৈলে নহয়॥
শীতকালে একমাস পক্ষৈক গ্রীষ্মত।
সমস্ত কাৰ্য্যত জল লাগিব তপত *॥
আক কহোঁ পূর্ব্বে যিবা কহিবে আছিল।
ভাবি দেখিলাত এবে মনত পড়িল॥

⸻⸻

ৰেচক।

প্ৰসৱৰ অন্তে এক ৰাত্ৰি এক দিন।
শৌচ নােহে প্রসূতিৰ শৌচ-ক্রিয়া-হীন॥

⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺

  • পোৱতি জহৰ দিনত এক পখ আৰু জাৰৰ দিনত এক মাহলৈকে সকলো কাজতে তপত পানী

ব্যৱহাৰ কৰিব। [ ৭৩ ]

নহয় দুৰ্গুণ সিতাে সুগুণত গণ্য।
ততােধিক দিবস হইলে, মন্দ জন্য *॥
দুই দিনমান যদি কোষ্ঠ বদ্ধ ৰৈল।
ৰেচক ঔষধ সেবনৰ কাৰ্য্য ভৈল॥
এৰণ্ডৰ তৈল † দুই তােলামান লৈব।
খুৱাইব তাত নিয়মিত শৌচ হৈব॥
উদৰো নিৰ্ম্মল হব ক্ষুধা উপজিব।
শৰীৰৰ গ্লানি কিছু মাত্র নথাকিব॥
আৰু প্ৰসূতিৰ গৃহ ৰাখা পৰিষ্কাৰ।
বালকৰ পক্ষে আছে বহু গুণ তাৰ॥

⸻⸻

পৰিধেয় বস্ত্র ।

প্রসূতিয়ে পিন্ধে অতি ঘৃণিত বসন।
দুর্গন্ধত সদা ঘৃণা-যুক্ত থাকে মন॥
বস্তুৰ দুর্গন্ধে বালকৰ পীড়া হয়।
বস্ত্ৰৰ দুর্গন্ধে জনময় মহাভয়॥
বস্ত্ৰৰ দুর্গন্ধে ভোজনত ঘৃণা হয়।
বস্ত্ৰেৰ দুর্গন্ধে খাদ্যে অৰুচি জন্ময়॥

  • প্ৰসৱৰ পাচত এক দিন এক ৰাতি শৌচ নহয় থাকে; সি একো বেয়া লক্ষণ নহয়। তাৰ বেছিদিন

নহলেহে বেয়া। তেতিয়া তলত লেখা ঔষধ খুৱাব।

† এৰণ্ডৰ তৈল—আগতকৈ অহা “ক্যাষ্টেৰ অইল“ বা এড়াৰ গুটিৰ তৈল । [ ৭৪ ]

বস্ত্ৰৰ দুর্গন্ধে থাকে অনাহাৰ প্রায়।
বস্ত্ৰৰ দুর্গন্ধে দুগ্ধ-বিহীন ত্বৰায়॥
বস্ত্ৰৰ দুর্গন্ধে বালকৰ ক্ষীণকায় ।
বস্ত্ৰৰ দুর্গন্ধে বালকৰ প্রাণ যায়॥
এতেকতে নির্ম্মল বসন পৰিবেক
প্রসূতিৰ গাত্ৰ পৰিষ্কাৰ কৰিবেক॥
বিনােদিনী বােলে বস্ত্ৰ নথাকয় ভালে।
ৰক্তাদি লাগিয়া নষ্ট হয় তত কালে॥
লক্ষ্মী বােলে বিস্মৰণ হইছা আপুনি।
কি কহিছোঁ পূর্ব্বে ময় তাক চোৱা গুণি॥
খণ্ড-বস্ত্র অগনিত সেঁকি তপতাই।
প্রসৱ-দুৱাৰ ঢাকি ৰাখিবে সদাই॥
সেই বস্ত্রখণ্ড সলাইব বৰংবাৰ।
পৰিধান কাপড়ত কি সম্পর্ক তাৰ॥
বিনােদিনী বােলে স্মৃতি হইল আমাৰ।
সি বিষয়ে আপত্তি নকৰোঁ আৰ বাৰ॥

⸻⸻⸻

দেহ-পৰিষ্কাৰ।

কিন্তু দেহ পৰিষ্কাৰ ৰাখা নিৰুপায়।
দশদিন স্নান কৰিবাক বিধি নাই॥
লক্ষ্মী বােলে উষ্ণজলে বস্ত্ৰক ভিজাই ।
গাও ঘষি নির্ম্মল কৰাত দোষ নাই॥
নকৰিলে পৰিষ্কাৰ অসুখ লাগয় ।
নিজে বুঝি চাবা কথা হয় কি নহয়॥

⸺⸻

[ ৭৫ ]

গৃহত ধোঁৱা মন্দ।

ভাল কথা আৰু ভাল পড়িলেক মনে।
ধোঁৱা নকৰিয়া অগ্নি ৰাখিবা যতনে॥
ধুম গুণে বালকৰ চক্ষুঃ ৰোগ হয়।
কোমল চক্ষুত ধোঁৱা সমূলে নসয়॥
অঙ্গাৰত অগ্নি জালি চৰুত ভৰিয়া।
পােৱাতিৰ অনতিদূৰত থােৱা নিয়া॥
অগনিৰ গুণে কৰে বাতাস শোধন।
অগ্নি ৰাখিবাৰ পক্ষে কৰিবা যতন॥
আমি জনমাতো আমালোকৰ জননী।
যিবা কষ্ট সহিলে বুঝাহা মনে গুণি॥
অজ্ঞান আছিলোঁ হেতু মনত নৰৈল।
এবে বুঝি-শুনি কিয় জ্ঞান হীন ভৈল ॥
কিবা আশা ভৰসায়ে পালিলেক মােক।
পাহৰিলোঁ সমুলে কিঞ্চিত নাই শোক॥

নিন্দা।

আৰু দেখা কলিকালে পুৰুষ সকলে।
অন্যৰ কা কথা যাক বিদ্যাৱন্ত বলে॥
বৃদ্ধা জননীয়ে কল্যাণৰ হেতু চাই।
এটা টকা খুজিলে বোলয় নাই নাই॥
গৃহিণীয়ে সুবর্ণৰ নুপুৰ যদি চাৱে।
ঋণী হৈও দিয়ে আনি অবিলম্বে পাৱে॥

[ ৭৬ ]

জননীয়ে পূৰ্ব্ব দুঃখ স্মৰি কৰে ক্ৰোধ।
সি কই ফুৰয় “মোৰ জননী নিৰ্ব্বোধ”॥
তাৰ নিজ দোষে দুই পক্ষে হাই লাগে।
শাহু-ব’ৰী উভয়ৰ কলহ নভাগে॥
বিছানাত গৃহিণী মাতৃৰ খল কয়।
পুৱা গালি খাই বুড়ী পৰাজিতা হয়॥
কান্দি কাটি লঘনে থাকয় শোক কৰি।
পুত্ৰে বোলে বুড়ী কিয় আছয় নমৰি॥
গৃহিণীয়ে বোলে বহু নিষ্ঠুৰ বচন।
কান্দি কান্দি কৱে বুড়ী কোনে দিয়ে মন॥
ভেকাহি মাৰিয়া বোলে তয় জানো ভাল।
ধন্য ধন্য ধন্যৰে কি ধন্য কলিকাল॥
শ্ৰীগোবিন্দে বোলে গৃহিণীৰো সেই গতি।
ব’ৰী নহোৱয় মানে আছয় সংপ্ৰতি॥
বৌড়ী হলে শাহুক দেখিব তৃণসমা।
যিবা মনোদুঃখ পাব নহয় উপমা॥
এতেকতে দ্বন্দ্ব-হাই এড়ি কৰা কৰ্ম্ম।
ব’ৰী-বেটী সবে মনে মনে চিন্তা ধৰ্ম্ম॥

[ ৭৭ ]

শিশু পালন।

⸻⸻

ভূমিষ্ঠ সন্তানৰ ৰেচক।

লক্ষ্মী বোলে অল্প কিছু এড়ণ্ডৰ তৈল *
বালকক খুৱাইবে প্ৰয়োজন ভৈল॥
বিনোদিনী বোলে হৰি হৰি সৰ্ব্বনাশ।
সদ্যোজাত শিশু, তাক খুৱাইবে চাস॥
লক্ষ্মী বোলে পূৰ্ব্ব কথা হৈল বিস্মৰণ।
দুঃখিনী হইলোঁ তোৰ দেখি হেন মন॥
নিৰ্ব্বোধে কৰয় ভয় কৰিবে পাৰয়।
দ্ৰব্য-গুণ জানি তোৰ কিহেতু সংশয়॥
বিষ নোহে খাইলে শিশুৰ প্ৰাণ যাব।
কুড়ি টোপা তৈল মধু সমন্বিতে খাব॥
অঙ্গুলি লগাই মুখে দিবা প্ৰবেশাই।
চুষিয়া খাইব তাক শিশু মিষ্ট পাই॥
আমি খাঁও নমৰো শিশুৰ কিবা হানি।
পৰিহৰি ভয়ক, খুৱাই দিয়া আনি॥

⸻⸻

মৰ্কুচিয়া।

ভূমিষ্ঠ বালক যদি শৌচ নকৰয়।
কুলক্ষণ ঘটে দেখি “মৰ্কুচিয়া’’ কয়॥

⸻⸺

এড়ণ্ডৰ তৈল—“ক্যাষ্টেৰ অইল’’ বা এড়াৰ গুটিৰ তৈল [ ৭৮ ]

নতুন নিয়ম

লোৱাৰ কাৰণ।

যদি বোলা এতকাল আক কৰা নাই।
এতিয়া কিয়বা ধৰোঁ ইসব উপাই॥
নৰক অসুৰ ই দেশৰ পূৰ্ব্ব ৰজা।
আসুৰিক দাৰু খাই আছিলেক প্ৰজা॥
পাছে সভ্য ৰজা হলে নিদান চলিল।
নিদানৰ ঔষধত প্ৰজা প্ৰবৰ্ত্তিল॥
যি কালত যিবা ৰজা যি ঔষধ খাই।
তাত পৰে অন্য ঔষধত গুণ নাই॥
ৰজাৰ প্ৰশংসা হেতু বৈদ্যৰ যতন।
পূৰ্ব্ব বৈদ্য সকলৰ নষ্ট হোৱে মন॥
ৰাজা নকৰয় শ্ৰদ্ধা যি ঔষধ প্ৰতি।
সি ঔষধ সি বৈদ্যৰ হৱয় দুৰ্গতি॥
“বৈদ্য শাস্ত্ৰ জানো” বুলি কোন লোকে কয়
ৰজাৰ নাইকে চেষ্টা দ্ৰব্য নিমিলয়॥
ইদানীন্তু ইংৰেজ ভূপতি পৃথিবীত।
তাসম্বাৰ ঔষধতো সাধিবেক হিত॥
এতেকতে ভেৰেণ্ডাৰ* তৈলে প্ৰয়োজন।
শিশুক খুৱাব নকৰিব অন্য মন॥

⸻⸻

  • ভেৰেণ্ডাৰ তৈল — এড়াৰ গুটিৰ তৈল। [ ৭৯ ]

“মৰ্কুচিয়াৰ” চিকিৎসা।

কোনো জননীৰ দুগ্ধ পানে বালকৰ।
হৱে তাতে ৰেচক * নলাগে তাত পৰ॥
প্ৰথম দিনত মাত্ৰ সি গুণ থাকয়।
হয় কি নহয় শৌচ জানিবে লাগয়॥
যদি দুগ্ধ খাৱাতো শোওচ নহৱয়।
তেন্তে ভেৰেণ্ডাৰ তৈল দিবাক লাগয়॥
প্ৰথম দিনতে শৌচ লাগে কৰাবাক।
অতীব কৰ্ত্তব্য মনে ৰাখিবাহা আক॥
স্তনে দুগ্ধ হয় প্ৰসৱান্তে তিনি দিনে।
নহৈলে নোহয় সেই তিনি দিন বিনে॥
প্ৰথম দিনত স্তনে দুগ্ধ যাৰ নাই।
দুগ্ধে শৌচ হব ভাবি নথাকিব চাই॥
ভেৰেণ্ডাৰ তৈল পান কৰাব নিশ্চয়।
দুৰ্গুণ দৰ্শিব তাত নাহিকয় ভয়॥

⸻⸻

গাভী দুগ্ধ দিবৰ ব্যৱস্থা।

যদি মাতৃ দুগ্ধে শিশু পালন নযাই।
গাভী দুগ্ধ দিব তাত জল মিশলাই॥
মাতৃ দুগ্ধ অপেক্ষা গাখীৰ দুগ্ধ ঘন।
জীৰ্ণ কৰিবাক নপাৰয় শিশুগণ॥

  • ৰেচক— শৌচকৰাবৰ ঔষধ [ ৮০ ]

এতেকতে জল আৰু দুগ্ধ সম ভাগে।
তপতাই চিনি মিশলাই দিবলাগে॥
কিন্তু সেই চিনি অল্প মিঠা যেন হয়।
অধিক মিষ্টতা বালকক নাহিসয়॥
তপতাব কিন্তু হব ঈষৎ তপত।
উতল নানিব মোৰ এই মাত্ৰ মত॥
জল সমভাগে দিব নলাগে সদাই।
আজি কালি কৰি জল নিবেক কমাই॥
ক্ৰমে ক্ৰমে বালকৰ বয়স বাড়য়।
দুগ্ধৰ অধিক ভাগ পৰিপাক হয়॥
কিন্তু যত বাৰ দুগ্ধ কৰাইব পান।
সঞ্চিত দুগ্ধক তপতাব অল্প মান॥
মাতৃ দুগ্ধ থাকিলে ইসব নলাগয়।
স্তন্য দুগ্ধ পানত শিশুৰ ৰক্ষা হয়॥
এক দুই দাত বালকৰ নুঠে মানে।
বালকক ৰাখিবেক মাতৃ-দুগ্ধপানে॥
সুখীয়া গৃহস্থে দেয় ঘন দুগ্ধ কৰি।
‘বাবু-লোকে” সাগু দিয়া কৰয় ডাক্তৰী॥
দুঃখিনী জননী দেয় লথৰি সিজাই।
তিনিও পক্ষৰ একো আবশ্যক নাই।

  • মাকৰ পিয়াহত কৈ গরু গাখীৰ ঘন। সেই দেখি একভাগ গৰুৰ গাখীৰৰ লগত একভাগ পানী মিহলাই তাতে অলপ চিনি দিব আৰু অলপ তপত কৰিহে শিশুক সেই পানীমিহলোৱা গাখীৰ খুৱাব। [ ৮১ ]

মাতৃ দুগ্ধে উদৰ পূৰিত থাকে যাৰ।
দুগ্ধ সাগু লথৰি অহিত কৰে তাৰ॥
ভোজনৰ উপৰে ভোজন বিষসম।
নিজে বুঝি আছা কিবা বিশেষিয়া কম॥

⸻⸻

কান্দেকিয়?

যিবা বালকৰ হয় মাতৃ দুগ্ধ হীন।
জলহীন গাভী দুগ্ধ দিলে কিছু দিন॥
উদৰৰ পীড়া উপজয় হয় ক্ষীণ।
ক্ষীণতা বাড়য় বালকৰ দিন দিন॥
দুগ্ধসমে ছেকুৰা ছেকুৰি শৌচ কৰে।
পেট কামড়ায় কান্দি উঠিবাক ধৰে॥
সি সময়ে শিশুৰ আৰোগ্য নকৰিলে।
বহুভাগ মৰে কেও জীৱ পাৰে জী’লে॥
যদি দেখিলাহা হৈল সিতো বিষঙ্গতি।
গাভী দুগ্ধ খুৱাবাক এড়িবা সংপ্ৰতি॥
অন্য প্ৰসূতিৰ দুগ্ধ কৰাইবা পান।
উভয় শিশুৰ লাগে বয়স সমান॥
নুন্যাধিক বয়সৰ শিশু যদি হয়।
ঘন তৰলৰ পক্ষে দুগ্ধ সমনয়॥
বয়োধিক বালকৰ জননীৰ স্তন।
স্বভাৱতঃ ঘন দুগ্ধ কৰয় ধাৰণ॥
ঘন দুগ্ধ ক্ষুদ্ৰ বালকৰ জীৰ্ণ নহে।
ঘনতা হেতুকে তাক উদৰে নসহে॥

[ ৮২ ]

বালকৰ পিতৃ যদি হয় ধন হীন।
সি সঙ্গতি কৰিবাক অবশ্য কঠিন॥
এতেকতে গৰ্দ্দভৰ দুগ্ধ খুৱাইব।
সিও নিমিলয় যদি গাভী দুগ্ধ দিব॥
তাতে কৰিবেক সেইৰূপে জলযোগ।
সাৱধানে খুৱাব শিশুৰ নোহে ৰোগ॥

⸻⸻

অনিয়ম আহাৰ।

অনিয়মে দিলে মাতৃ দুগ্ধ বিষ প্ৰায়।
বালকৰ মৃত্যু ৰোগ হৱয় ত্বৰাই॥
বিনোদিনী বোলে অনিয়ম বোলা কাক।
লক্ষ্মী বোলে বিষম ভোজন বোলে যাক॥
দিনে দুই বেলি সন্তানক স্তন্য দিয়া।
কৰ্ম্মে ব্যগ্ৰ কেও থাকে তাঁতত বসিয়া॥
কৰ্ম্ম অবসৰে স্তন মুখে প্ৰবেশাই।
কক্ষে লই বালকক মাতৃ নিদ্ৰা যাই॥
অজ্ঞান বালক অহৰ্নিশি পান কৰে।
অজীৰ্ণ হোৱয় ৰোগে ধৰে কিংবা মৰে॥
নিয়ম কৰিয়া দুগ্ধ দিবাক লাগয়।
অৰোগী থাকয় শিশু ক্ৰমে পুষ্ট হয়॥
বয়স হইল আসি দশ দিন যাৰ।
দিবা ৰাত্ৰ মাজে দুগ্ধ দিব আট বাৰ॥
প্ৰহৰৈক ৰাত্ৰি গত হই যেবে যাই।
বালকক দুগ্ধ খুৱাবাৰ বিধি নাই॥

[ ৮৩ ]

শিশু কক্ষে লই যদি জননী শোৱয়।
স্তন মুখে লই শিশু আপুনি পিৱয়॥
মাতৃৰ শয্যাত শিশু থৈব ব্যবধানে।
স্তন ঢাকি জননী শুইব পাৰ্য্যমাণে॥
প্ৰথম অভ্যাসে শিশু কান্দিয়া উঠিব।
কান্দয় কান্দোক তবু স্তন্যক নেদিব *
অল্প কান্দিবেক মাত্ৰ দিন দুই চাৰি।
তাৰ পৰে নকান্দিব নপাইব সাৰি॥
অহৰ্নিশি বালকক স্তন দেই যাৱে।
জননী দুৰ্ব্বল ক্ষীণ শিৰঃপীড়া পাৱে॥
যদি জননীৰ শোক দুঃখ ক্ৰোধ হয়।
সিতো দুগ্ধ পানে বালকক নসৱয়॥
বিকৃতি পাৱয় দুগ্ধ ইতো তিনি গুণে।
উদৰৰ পীড়া বালকৰ হয় পুনে॥
সম্মুখৰ দুই দন্ত হৈলে বালকৰ।
দুগ্ধ পান সংখ্যা নূন্য কৰা শ্ৰেয়ঃতৰ॥
সি সময়ে অল্প সাগু দুগ্ধত সিজাই।
বালকক পান কৰাইব হানি নাই॥

⸻⸻

  • আমাৰ আচাৰমতে শিশুক বেছি পৰিমাণে মাকৰ পিয়াহ খুৱালে একো দোষ নাই বুলি ভাবে।

কিন্তু আচলতে তাৰে পৰা বহুত ৰোগ জন্মে। সেই বাবে মাকে সেই বিষয় সাৱধান হ’ব আরু এই পদকেই ফাঁকিত দিয়া উপদেশ অনুসৰি চলিবৰ চেষ্টা কৰিব। [ ৮৪ ]

শিশুক ভাত দিবৰ

সময় ও নিয়ম।

অগ্ৰদন্ত সমস্ত উঠিল যতক্ষণ।
দুগ্ধপান কৰাবাক নাই প্ৰয়োজন॥
দুগ্ধ ভাত ব্যঞ্জন দিবেক বেলাত।
ইতো উপযুক্ত ভক্ষ্য হানি নাই তাত॥
বালকৰ পক্ষে ইতো ৰোগৰ সময়।
আকে জানি পিতৃ মাতৃ সাবধান হয়॥
যি দ্ৰব্য খাইলে উদৰৰ পীড়া হয়।
কদাচিতো পিতৃ মাতৃ তাক নিবদিয়॥
মাতৃগণে আকে মাত্ৰ জানে সাৰকৰি।
বহু ভক্ষ্যে বালকৰ আসে গাও ভৰি॥
আকে ভাবি দিনত খুৱায়ে বাৰে সাত।
হৃষ্টপুষ্ট নোহে আৰু ৰোগ হয় তাত॥
উদৰ পূৰণ কৰি কৰায় আহাৰ।
উদৰৰ পীড়া শীঘ্ৰে উপজয় তাৰ॥
দিবা ৰাত্ৰ মধ্যে খুৱাইব তিনিবাৰ।
তাত বাজে কদাচিতো নুখুৱাব আৰ॥
বহুতৰ ভোজনত ঘটে এই ফল।
উদৰ ডাঙৰ হয় চিচা হয় গল॥
শ্ৰীহীন বিগতকান্তি গাত্ৰে নাই বল।
তাতে পৰিষ্কাৰ হীন গাৱে বহুমল॥

⸺⸺

[ ৮৫ ]

আলনিৱাৰ দুৰ্গুণ।

এড়িৰ ভিতৰ বহু অবস্তুক ভৰি।
ওঝাগণে দেয় বাঁধি আলনিৱা কৰি॥
গল ভৰা এড়ি সুতা ভিজি পচি যাই।
তাৰ দুৰ্গন্ধত বালকৰ ৰক্ষানাই॥
সুকুমাৰ কুমাৰো কুৎসিত হই যায়।
কোলে লই স্নেহ কৰিবাক সাধ্য নাই॥
ইংৰাজৰ শিশু দেখি আছা যত যত।
আলনিয়া নাই দেখা এটীৰ গাৱত॥
বিশেষতঃ ফুৰে আলি বাটে ঘাটে লই।
তাসম্বাৰ গাৱে আলনিয়া আছে কই॥
ভূত প্ৰেতে কিবা ভয় কৰে তাসম্বাক।
সি সকলে শুনে নাকি ইংৰাজৰ হাক॥
পালনৰ সুনিয়মে ৰাখিছে কুশলে।
ঔষধ খুৱায় কদাচিত ৰোগ হলে॥
আকে নুবুঝিয়া সবে হৈলোঁ হীন বল।
অজ্ঞানতা দুৰ্গুণৰ অধীনতা ফল॥

⸺⸺

মিষ্টবস্তুদিয়া বেয়া।

এড়িলোঁ সি সব দুঃখ উপদেশ শুন।
মিষ্ট ফলে মিষ্ট দ্ৰব্যে কৰয় দুৰ্গুণ॥
শিশুৰ উদৰ পীড়াজন্মে সাৰে সাৰ।
ভবিষ্যতে দাঁতৰো দুৰ্গুণ হয় আৰ॥

[ ৮৬ ]

বোলে সবে তাম্বুলৰ চূর্ণে দাঁত খাই।
পূর্ব্ব দুৰ্গুণৰ পক্ষে বােধাবােধ নাই॥

⸺⸺

শিশুৰ ৰক্ষাৰ যত্ন।

গ্রীষ্ম কালে বহু বস্ত্রে শিশু নাঢাকিব।
শুৱাবাৰ কালে ৰাত্রে এক বস্ত্র দিব॥
বিনা বস্ত্রে শুৱাইলে কফ কাশ হয়।
পেটে পীড়া হইবাৰ তাত আছে ভয়॥
যদি কফ কাশ উদৰৰ পীড়া হয়।
লােমজ বা গাঢ় বস্ত্রে * ঢাকিবে লাগয়॥
শিশুৰ আবাস গৃহ লাগে পৰিষ্কাৰ।
আৰো ৰাখিবেক তাত খিড়কীৰ দ্বাৰ॥
দিবসৰ ভাগে মুক্ত ৰাখিব দুৱাৰ ।
বন্ধনত দুৰ্গুণ কহিলোঁ সাৰে সাৰ॥
বিশুদ্ধ বাতাসে গৃহ শােধন কৰিব।
তেবে শিশু সি দোষে ৰােগত নপড়িব॥
ৰজনীৰ আগমনে দুৱাৰ বাঁধিব।
কিন্তু অল্প বতাসক প্রবেশিব দিব॥
বালকৰ শয্যা হয় গৃহৰ যি ভাগে।
সি কক্ষাৰ† দ্বাৰ সব বাঁধিবাক লাগে॥
বিপৰীত কক্ষাৰ খিড়কী দ্বাৰ যত।
নির্ভয়ে ৰাখিব মুক্ত সদা দিবসত॥

⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺

  • লোমজ বা গাঢ়বস্ত্ৰে—লোম থকা গৰম কাপােৰ (যেনে ফ্ল্যানেল) বা ডাঠ কপাহী কাপোৰেৰে।

† কক্ষা—কক্ষ বা পুলি। শােৱাঁ কুঠৰী। [ ৮৭ ]

তেবেসে বাতাস আসি গৃহে প্রবেশিব।
শিশুৰ গাৱত বহু ভাগ নলাগিব॥
বহু বাতাসত বহু দুৰ্গুণ আছয়।
কফ, কাশ, উদৰৰ পীড়া জনময়॥
যদি গ্রীষ্ম গুণে শিশু কৰয় ৰোদন।
বিচনীয়ে বিচিবাহা হইব দমন॥
বর্ষাকালে শিশুক ৰাখিবা সাবধানে।
পঙ্কে ভ্ৰমিবাক নেদিবাহা পাৰ্য্যমানে॥
সূৰ্য্যৰ কোমল ৰশ্মি, মৃদুবায়ু গুণে।
বালকৰ হয় কান্তি নুবুঝয় কোনে॥
দশ বাৰ দিবস বয়স ভৈল যেবে ।
কোলত কৰিয়া লই ফুৰাইৰ তেবে॥
পৰিষ্কাৰ বস্ত্ৰে আবৰিয়া লই যাব।
দশদিন ফুৰাইলে প্রমাণক পাব॥
ক্রমে খােজ কাৰিবাৰ শক্তি উপজিব।
হাতত ধৰিয়া অল্প অল্প বুলাইব॥
সায়ং প্রাতঃ এইৰূপে নিত্য দুইবেলা।
বিশুদ্ধ স্থানত শিশু কৰিবেক খেলা॥

স্নান ব্যৱস্থা।

প্রতি দিন একবাৰ কৰাইব স্নান।
বুঝিবা তােমাক কৰিলোঁহোঁ সাবধান॥
একদিন স্নান কৰাইল ইচ্ছা ভৈল।
আৰু চাৰি পাচ দিন অস্নানত ৰৈল॥

[ ৮৮ ]

কিংবা চাৰি পাঁচ দিন ধুৱাইল ক্রমে।
মধ্যে দুই দিন বিনা স্নানে ৰৈল ভ্রমে॥
ইতাে অনিয়মত হােৱয় জ্বৰ কাশ।
তদন্তৰে কি কঁও হােৱয় সর্ব্বনাশ॥
স্নান কৰাবাক জল শীতল প্রধান।
শীতকালে উষ্ণ কৰিবেক অল্পমান॥
যদি বালকৰ কাতৰতা দেখে প্রাণ।
তেন্তে প্রতি দিন তাক নকৰাব স্নান॥
যিতাে শিশু দুর্ব্বল অথচ ক্ষীণ নাই।
স্নানিবাৰ জল দিব লোণ মিশলাই॥
অল্প লোণা জ্বলে যদি কৰাৱয় স্নান।
দুর্ব্বলতা নাশ পক্ষে ঔষধ প্রধান॥
আৰু ক্ষীণ বালকৰ পুষ্ট দেহ হয়।
প্রমাণ বুঝাহা আত নাই বহুব্যয়॥

⸻⸻

শৌচৰ দুৰ্গুণ নাশন

হেতু।

যদি বালকৰ দেখা কোষ্ঠ বদ্ধ হৈল।
শৌচ নকৰয় দিন ৰাত্রি গত ভৈল॥
তেন্তে এৰণ্ডৰ তৈল দিবাহা খুৱাই।
শোচ হইবেক তাত কিছু ভয় নাই॥

[ ৮৯ ]

বালকৰ পক্ষে ইতো তৈল গুণকৰ।
বহু ৰােগ নাশি ভাল কৰয় উদৰ॥
যদি বালকৰ শৌচ বিকৃতি পাইল।
চেকুৰা চেকুৰি শৌচ হইবে ধৰিল॥
তাতো সেই তৈল খুৱাইব সাৰে সাৰ।
ৰােগ উপশম হব নথাকিব আৰ॥
কান্দয় থাময় আৰু কঁপিয়া কান্দয়।
পেটে তাপ দিলে কিংবা পিষিলে থাময়॥
ইতো লক্ষণত জানা পেট কামড়য়।
তাতো সেই তৈল নুখুৱালে নহােৱয়॥
তৈল খুৱালাত যদি শোঁচ নোহোৱয়।
সুগুণ নভৈল বুলি নকৰিবা ভয়॥
সেই তৈল শিশুৰ উদৰে ঘষি দিব।
অল্পক্ষণ মাত্রে শিশু শৌচক কৰিব॥
সকল বিষয়ে মর্দ্দনত শৌচ হয়।
অবিশ্বাস নকৰিবা নিশ্চয় নিশ্চয়॥
তৈল খুৱাবাত যদি শৌচ নেহােৱয়।
তেবেসে পেটত তৈল ঘষিবে লাগয়॥
তৈল খুৱাবৰ আছে বহু পৰিমাণ।
পৰিমাণ পক্ষে হইবাহা সাবধান॥
অতি শিশু হৈলে দুই চাৰি আনাভৰ।
মাসকীয়া বালকৰ আট আনা ধৰ॥
ততােধিক বৰ্ষৈক যাহাৰ বয়ঃক্রম।
কতো শিখাইবোঁ দিবা আছে যি নিয়ম॥

[ ৯০ ]

শিশুৰ উদৰৰ পীড়াৰ

ঔষধ৷

তাতো যদি উদৰ-পীড়াৰ শাম্য নাই।
চূণৰ পানীক দুগ্ধ সমে মিশলাই॥
শিওক কৰাবা পৰিমাণ মত পান।
তুচ্ছ বস্তু বুলি নকৰিবা হেয় জ্ঞান॥
তাতে উদৰৰ পীড়া নথাকিব আৰ।
কিৰূপে কৰাবা পানী কথা শুনা তাৰ॥
আধাসেৰ পানী বোতলত পূর্ণ কৰি।
শামুকৰ আধা ভতোলা ভস্ম দিবা ভৰি॥
বােতলত সোপা দিয়া তাক হস্তে লবা।
জোকৰি জোকাৰি নিজঞ্জাল থলে থবা॥
তিনি প্ৰহৰক লাগি অলাৰে * থাকিব।
তদন্তৰে সিতো জল পাত্রে বাকি নিব॥
জল বাকিবাত কিন্তু হবা সাৱধান।
চূণ নেফালাবা জলে তিলার্দ্ধ প্ৰমাণ॥
সেই জল এক পােৱা দুগ্ধ তিনি পােৱা।
উপযুক্ত পাত্রে তাক মিশলাই লােৱা॥
বালকক দুগ্ধ পান কৰাবাৰ বেলা।
সেই দুগ্ধ খুৱাইবা নকৰিবা হেলা॥
এই ৰূপে কিছুদিন কৰাইলে পান।
উদৰৰ পীড়া মাত্ৰে হইবে নিৰ্যাণ॥

⸻⸺

  • অলাৰে—নালাৰা কৈ। [ ৯১ ]

বান্তৰ ঔষধ।

যিতো শিশু খৰিচা দুগ্ধেৰে বাতিয়ায়।
খুৱাইলে তাকে * তাৰ উপকাৰ পায়॥
মধ্যে মধ্যে বালকক খুৱাইব তিতা।
সুমিষ্ট সামগ্রী দিব লবণ মিশ্রিতা॥
যি সময়ে বালকৰ দন্ত বাহিৰয়।
সি সময়ে বালকৰ বহু ৰোগ হয়॥

⸻⸻

অচৈতন্য হলে উপায়।

দেখি আছা বালক আছয় খেলা কৰি।
অচৈতন্য হৈয়া পৃথিবীত যায় পড়ি॥
চক্ষুঃ উলটিয়া উঠে মুখ ম্লান হয়।
নলড়ে নচড়ে কাষ্ঠ প্রায় হৈয়া ৰয়॥
সি সময়ে চক্ষে মুখে জল ছিটা দিবা।
হাত-বিচনীক ধৰি সঘনে বিচিবা॥
সিতো কাৰ্য্য কৰন্তে চৈতন্য পাই যায়।
কেওবা চৈতন্য পায় কেওবা নপায়॥
নহলে চৈতন্য তাতো তুলি উৰ্দ্ধ শিৰে৷
শিৰে জল ধাৰা কৰিবেক ধীৰে ধীৰে॥
ইতো দুই ক্রিয়াত হোৱয় উপকাৰ।
অজীর্ণৰ গুণে হয় জানিবাহা সাৰ॥

  • অর্থাৎ ওপৰত কোৱা চূণৰ পানীমিহলোৱা গাখীৰ। [ ৯২ ]

এতেকতে ৰাখিবা উদৰ পৰিষ্কাৰ।
নপড়িব ইতো বিপদৰ মহা ভাৰ॥

⸺⸺

শিশুক

শুবৰ সময়ত ৰৌদ্রত থােৱা দোষ।

বিনোদিনী সবিনয়, পুনশ্চ লক্ষ্মীক কয়,
 জিজ্ঞাসোঁহোঁ কোৱা ভাল কৰি ।
হিত বা হয় অহিত, শিশুক ৰৌদ্রে কাঁথিত,
 শুৱাৱয় শয্যাৰ উপৰি॥
লক্ষ্মী বোলে ভাল নহে, কোমল গাৱে নসহে,
 আধা ভাজা হয় তাৰ প্রাণ।
কি কৰবৰ নিৰুপায়, কহিবাক শক্তি নাই,
 মাতৃ তাৰ পৰম অজ্ঞান॥
ৰাখয় অনেক বেলা, কৰি তাক অবহেলা,
 গৃহকাৰ্য্য কৰে পাৰ্য্যমাণে।
ৰৌদ্ৰৰ কি গুৰুতাপ, সুমৰন্তে বাপ বাপ,
 মাতৃ আপনাৰ বেলা জানে॥
লাগে ৰৌদ্ৰ অল্প কাল,  দি কথা ভালতো ভাল,
 শীতলতা সদায় নসয়।
বহু ৰৌদ্ৰ বহু শীত, ই দুয়ো বহু অহিত,
 তাত বালকৰ ৰোগ হয়॥
অল্প কাল ৰৌদ্রে থৈব, তদন্তে ছায়াক লৈব,
 এই কথা সি পক্ষত সাৰ !

[ ৯৩ ]

শিৰে ঘাড়ে ৰৌদ্র লাগে  ছায়া পড়ে অন্য ভাগে,
 মস্তিষ্ক গলিত হয় তাৰ॥
দেখিলে কফৰ চিন, হৈয়া মাতৃ বুদ্ধি হীন,
 অগনিত মস্তক সেঁকয়।
বুদ্ধি নাই জননী, তৈলে ভিজাৱয় শিৰ,
 দুৰ্গুণতো দুৰ্গুণ হোৱয়॥
অঙ্গ নোহে পৰিষ্কাৰ, সর্ব্বাঙ্গে মলৰ ভাৰ,
 ঘাও ফোড়া টোপাখহু হয়।
মস্তক সেঁকাৰ গুণে, তৈল দিয়াৰ দুৰ্গুণে,
 হই উঠে প্ৰাণৰ সংশয়॥

⸻⸻

অজীর্ণৰ চিহ্ন আৰু উপায়।

লক্ষ্মী বোলে বিনােদিনী শুনা মােৰ বাণী।
নির্ম্মল ৰাখিবা বালকৰ কাঁথা-কানি॥
প্ৰস্ৰাৱৰ বস্ত্ৰ প্রতিদিন ধুই দিবা।
প্রস্ৰাৱত আৰ্দ্ৰ বিছানাত নথইবা॥
যদিবা বালকে উকিয়ায় ঘন ঘন।
জানিবা অজীর্ণ অগ্নিমান্দ্যৰ লক্ষণ॥
গুৰুপাক খাদ্য দুগ্ধ বর্জ্জিবা তাহাৰ।
শীঘ্ৰে দিবা সাগু আদি পাকৰ আহাৰ॥
প্রতি দিন বালকৰ জিহ্বা পৰীক্ষিব।
দইসৰা বান্ধি আছে যি দিন দেখিব॥
সেই দিন উদৰ অসুখ অজীর্ণত;
সেই দিন বালকক খুৱাইব যত

[ ৯৪ ]

বান্তহই নৰইব উদৰত তাৰ।
নতুবা বইব পেট * ইতো কথা সাৰ॥
আতো সেই ৰূপ লঘু আহাৰ সে সাৰ।
লঘু আহাৰত হব জিহ্বা পৰিষ্কাৰ॥
আৰু দেখিবেক যদি কোষ্ঠবদ্ধ নাই।
তেবেসে দিবেক পূৰ্ব্ব আহাৰ যােগাই॥
যদি কোষ্ঠবদ্ধ পূর্ব্বে আছিল তাহাৰ।
সম্প্রতি পূৰ্ব্বৰ তাক নিদিব আহাৰ॥
ভেৰেণ্ডাৰ তৈল সেই যোখায় খুৱাই।
শৌচ নােহােৱয় মানে থাকিবেক চাই॥
শৌচ নহইলে তৈল ঘষিবে উদৰে।
অবশ্য হইবে শৌচ তাৰ কিছু পৰে॥

⸺⸺

জিহ্বাত দইসৰা পৰা।

কি গুণত জিহ্বাত বান্ধয় দইসৰা।
ময় লেখি দেঁও তুমি আঙ্গুলিত ধৰা॥
অজীর্ণৰ গুণে এক, দ্বিতীয়ত জ্বৰে।
দুগ্ধ খাই জল নেখাইলে মল ধৰে॥
দিনে জিহ্বা নুচুছিলে দইসৰা পড়ে।
সিতে দোষে জিহ্বাৰ উপৰে ঘাও কৰে
শিশুৰ শৌচত দৃষ্টি ৰাখিব লাগয়।
তাতে শৰীৰস্থ পীড়া অনুভব হয়॥

⸻⸻⸺⸻⸺⸻⸻⸺⸻⸺⸻⸺⸺⸺⸻⸺⸻⸺⸺⸻⸻

  • বইব পেট — বা পেট ব’ব অৰ্থাৎ হাগনী হ’ব।

[ ৯৫ ]

আৰােগীৰ চিহ্ন অল্প হালদীয়া মল।
অতি টানো নােহে অতি নহয় পাতল॥

⸻⸻

সাকনীয়া শৌচৰ দাৰু।

যদি বর্ণ ভেদ ভৈল, দৃঢ় বা তৰল।
শাকনীয়া বৰণ দুর্গন্ধ ভৈল মল॥
চূৰ্ণ কৰিবেক ৰেওচিনি জোলাফাৰ*।
ন্যূনাধিক নাই সমভাগ জানা তাৰ॥
এক দেড় বৎসৰ বয়স যি জনৰ।
তাক খুৱাইবে লাগে দুই ৰতি ভাৰ॥
আৰ অল্প অধিক বয়স অনুমানে।
ন্যূনাধিক পৰিমাণে দিব সাৱধানে॥

⸻⸻

বগা শৌচৰ দাৰু।

যদি বালকৰ মল শুক্লবর্ণ ধৰে।
পেটৰ অসুখ হব অল্প দিন পৰে॥
দিন দুই ৰাখিবেক লথৰি খুৱাই।
দুগ্ধত চূণৰ জল দিব মিশলাই॥
চূণ জল দুগ্ধ মিশলাবা যিবা ভাগে।
খুৱাইব যিবা ৰূপে কহি আছোঁ আগে॥
চিৰতাক জলত ভিজাই তাৰ পানি।
বালকক খুৱাইব অগ্নিকৰ জানি॥

⸻⸺⸻⸺⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻

  • ৰেওচিনি আৰু জোলোফা—দুয়োকো দোকানত কিনিব পাৰি। দুইবিধ মশলা৷

[ ৯৬ ]

আমাশয়৷

দেখা যদি শৌচৰ অন্তত বল পড়ে।
আমাশয় পীড়াৰ লক্ষণে তাক কৰে॥
গুৰু পক্ক বস্তু সমুদায় নুখুৱাই।
লথৰিকো নেদিব দুগ্ধত মিশলাই॥
সাগু আৰাৰুট ভক্ষ্য নিয়ম উত্তম।
লথৰিও ভাল কিন্তু গুণে নুই সম॥
সঘনে সঘনে অল্প অল্প শৌচ কৰে।
গুটী বান্ধা মলে শৌচ বন্ধ কৰি ধৰে॥
এৰণ্ডৰ তৈলক খুৱাব সি কালত।
বাহিৰ হইব পেটে মল আছে যত॥
শৌচে বসি বালকে দেয়য় বহু বল।
চক্ষুঃ মুখ ৰঙা হয় নােলৱয় মল॥
মলৰ লগত গুহ্য কাটি ৰক্ত পড়ে।
অতি কঠিনতা মলে ই দুৰ্গুণ কৰে॥
শীঘ্ৰে যদি নিবাৰণ চেষ্টা নকৰয়।
পেটে পীড়া, আৰ্শঃ ৰোগ, হোৱে আমাশয়॥
গন্ধকৰ চূর্ণ আট ৰতি পৰিমাণ।
দুগ্ধ মিশলাই ৰাত্ৰে কৰাইব পান॥
গন্ধকৰ গুণে মল পাতল পড়িব।
ঢিলা হই মল সব ওলাই পড়িব॥
শুইবাৰ সময়ে খুৱাব কিছু কাল।
দিন চাৰি পাঁচ খুৱাইলে হব ভাল॥

⸺⸻

[ ৯৭ ]

পেটত কেছে হলে।

নিদ্ৰাত শিশুৰ দন্ত কড় কড় কৰে।
বালকে শৌচৰ দ্বাৰ খুজাইবে ধৰে॥
আৰু যদি সর্ব্বদায় নাক খোঁচৰয় ।
উপৰৰ ওঠ কাৰো ফিকিয়া উঠয়॥
মলৰ লগত কৃমি কাৰাে বাহিৰয়।
উদৰে জন্মিলে কৃমি ই লক্ষণ হয়॥
এৰণ্ডৰ তৈলত টাৰ্পিণ মিশলাই।
মাজে মাজে খুৱাইলে কেচুয়া ওলাই॥
ছয় মাস বয়সীয়া বালকৰ প্রতি।
আধা তোলা তৈল দিব আছে অনুমতি॥
দশ বিন্দু টাৰ্পিণক তত মিশলাই।
তপ্ত দুগ্ধ সমে তাক দিবেক খুৱাই॥
বয়সৰ নূনাধিক্য নূনাধিক্যে তাৰ।
পড়িব ধৰিব কৃমি নথাকিব আৰ॥
আৰু দাড়িম্বৰ শিফা জলত সিজাই।
দুই বেলা কিছুদিন থাকিব খুৱাই॥
অল্প বস্তু বুলি আৰু নুতুলিবা হাস।
সঞ্চিত কৃমিক ইও কৰয় বিনাশ॥
তাৰ পাছে মিষ্টান্ন আহাৰ নিষেধিব।
অল্প মিষ্ট দিলে তাত লোণ ছিটা দিব॥
বাসি দুগ্ধ বাসি ভাত বাসিয়া ব্যঞ্জন।
খাইবাক শিশুক নেদিবা কদাচন॥

[ ৯৮ ]

ইতো সাৱধানত নহব কৃমি আৰ।
যত্নিবেক জননী নিয়মে ৰাখিবাৰ ॥
জননী নেদিব মিষ্ট আপােন সন্তানে।
ইতাে কথা কেতিয়াও গােবিন্দে নামানে॥

⸻⸻

মূত্ৰৰ দুৰ্গুণ।

যদি শিশু প্ৰস্ৰাৱ কৰিলে ভূমিভাগে।
চুণ ঘোলা জলৰ সমানে দাগ লাগে॥
সিতো বালকৰ নােহয় পুষ্ট কায়।
আহাৰ নোহয় জীর্ণ, বৃথা যিবা খায়॥
তাৰ ভােজ্য বিষয়ত হব সাবধান।
পেটে ক্ষুধা ৰাখি খুৱাইব অল্প মান॥
দুগ্ধ ভাগ ঘটাইব ঘন নকৰিব।
মিষ্ট বস্তু কিছুদিন খাবাক নেদিব॥
প্ৰহৰৈক ৰাত্ৰি অন্তে আহাৰ বর্জিত।
খুৱাইলে হইব হিতত বিপৰীত॥
প্রভাতত নিদ্রা ভাগি তুলিব জগাই।
দিব শুদ্ধ অল্প কাঁচা পানীক খুৱাই॥
কিছুদিন খুৱাইলে হব উপকাৰ।
অগ্নি বৃদ্ধি কৰিবাক শক্তি আছে তাৰ॥
বিপৰীত প্রস্রাবৰো কৰে বহুগুণ।
দ্ৰাবক ঔষধ কাক বােলে কওঁ শুন॥

⸺⸻

[ ৯৯ ]

অজীর্ণ নাশন।

বহুবিধ দ্রাবকৰ তিনি বিধ সাৰ।
গন্ধক দ্ৰাবক আৰু দ্ৰাবক য’খাৰ॥
লবণ দ্রাবক আৰু এই সমে তিনি।
কৰিবে নােৱাৰি আনিবাক লাগে কিনি॥
গন্ধকৰ পৰা জানা যি দ্রাবক হয়।
তাক সর্ব্ব লােকে মহা দ্রাবক বােলয়॥
দ্রব কৰি কৰে দেখি দ্রাবক বােলয়।
যাকে তাত ফেলাৱয় সেই দ্ৰব হয়॥
কোনো এক দ্রাবকত সোনা নগলয়।
অন্য অন্য ধাতু মাত্রে গলিয়া পড়য়॥
লবণ দ্রাবক আৰু দ্রাবক য’খাৰ।
লগাইবা লগ সমভাগে আৰ তাৰ॥
তাত সুবৰ্ণৰ পত্ৰ দিবাহা ফেলাই।
পানী হই পড়িবেক অন্য কথা নাই॥
লবণ দ্ৰবক আৰু য’খাৰ দ্ৰাবক।
জীর্ণ কৰিবাৰ পক্ষে সাক্ষাৎ পাবক॥
অগ্নি যিবা ৰূপে সর্ব্ব দ্রব্য ভস্ম কৰে।
সেইৰূপে দ্রাবকেও অজীর্ণক হৰে॥
ই দুই দ্ৰাবক মাঝে প্রাপ্ত যিবা হয়।
খুৱাইব বালকক নকৰি সংশয়॥
এক টোপা লবণৰ দ্ৰাবকক লব।
সাত টোপা পানী সমে মিশলাই থব॥

[ ১০০ ]

তাৰে এক টোপা চিৰতাৰ জল সমে।
দিন দশ খুৱাব গােধূলি পুৱা ক্ৰমে॥
য’খাৰ দ্রাবক হৈলে তাতো সেই ফল।
এক টোপা সমে একাদশ টোপা জল *॥
চিৰতাৰ জল দিব পূর্ব্ব পৰিমাণ।
তুল্য উপকাৰ আত নাই ব্যৱধান॥
প্ৰস্ৰাৱ দুৰ্গুণ গুছিবেক সুনিশ্চয়।
অজীর্ণ থাকিলে জানা আতে জীর্ণ হয়॥
ইংৰেজী ঔষধ বিক্রেতাৰ স্থানে গই।
কিনিবাহা “হাইড্ৰো ক্লোৰিক” বুলি কই॥
লবণ দ্রাবক বুলি বাত † নুবুঝিব।
নাই বুলি ইতো দাৰু নুবুঝি নিদিব॥
যবক্ষাৰ দ্ৰাবকৰ ভিন্ন নাম হয়।
দোকানিয়ে “নায়ট্ৰিক এসিড” বুলি কয়॥

⸻⸻⸻

ৰঙা প্রস্রাৱ।

যদি প্রস্রাব বর্ণ হয় ৰাঙচিয়া।
জ্বৰ হয় বুলি তাক জানিবা তেতিয়া ॥

⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻

  • লবণদ্ৰাবক আৰু য’খাৰ দ্ৰাবক বৰ চোকা বস্তু। তাক এনেই খুৱালে অন্যায় কৰিব। সেই দেখি

একটোপা লবণদ্ৰাবকৰ লগত সাত টোপা পানী মিহলাব। এতিয়া এই পানী আৰু লবণদ্ৰাবক মিলি ৮ আঠ টোপ হ’ল। এই মিহলি ঔষধৰ নিতৌ পুৱা আৰু গধূলী বেলা একো টোপ দেড় তোলামান ছিৰটাৰ পানীত খুৱাব। এনেকৈ দহদিন মান খুৱালে অজীর্ণ নাশ হ’ব। লবণ দ্ৰাবক নহই, য’খাৰ দ্ৰাবক হ’লে তাৰ এক টোপত ১১ এঘাৰ টোপা পানী দিব। আৰু আগৰ নিচিনা ছিৰটাৰ পানীত খুৱাব৷

† বাত—কথা; অৰ্থ৷ [ ১০১ ]

বাবলা গাছৰ আঠা গোঁধ বোলে যাক।
ক্ষুদ্র কৰি কাটি বস্ত্ৰে বাঁধিবাহা তাক॥
দিবা ৰাত্র হিম জলে ভিজাই ৰাখিবা।
মিশ্রিত * মিলাই তাক খুৱাইয়া দিবা॥
লঘুপক্ক আহাৰ দিবাহা ধার্য্য কৰি।
সাগু আৰাৰুট দিবা দুগ্ধ পৰিহৰি॥
ঔষধৰ ওজন প্রমাণ একো নাই।
দিন পাঁচ ছয় দেখা ঔষধ খুৱাই॥
দুই তিনি বাৰ দিনে ঔষধ খুৱাব।
অবহেলা নকৰিলে উপকাৰ পাব॥

⸺⸺

পেট ফিকা।

যদি বালকৰ পেট উফন্দি ধরয়।
তাতে কোষ্ঠবদ্ধ তেসে প্রাণান্তিক ভয়॥
মৌৰি নামে মশলাক জলত ভিজাই।
সেই জলে ভেৰেণ্ডাৰ তৈল মিশলাই॥
তাতে নিয়া টার্পিণ তৈলক যােগ কৰা।
চাৰি চাৰি দণ্ড পিছে খুৱাইবে ধৰা॥
মৌৰি কিংবা জলৰ নাহিক পৰিমাণ।
বালক বুঝিয়া দিব হই সাবধান॥
বাৰ টোপা ভেৰেণ্ডাৰ তৈল মিশলাই।
ছয় টোপা টার্পিণ অধিক আৰ নাই॥

⸻⸻⸻⸺⸻⸻⸻⸻⸻⸻⸻⸺⸺⸺⸺⸻⸺⸻⸻⸺⸻

  • চিনিৰ দৰে মিঠা যি মিশ্ৰি। [ ১০২ ]

এই দ্রব্য পান কৰিলাত শৌচ হয়।
ইতো কাৰ্য্যে উদৰ উফন্দা নিৰাময়॥
শৌচ হই থাকে কিন্তু উফন্দে উদৰ।
নিদিব ভেৰেণ্ডা তৈল টার্পিণত পৰ॥
এক টোপা টার্পিণত অল্প মৌৰি জল।
মিশলাই খুৱাইব মিলিব সুফল॥
বালকৰ ৰােগ ঘােৰ বিপদৰ বেলা।
দণ্ডে দণ্ডে খুৱাইব নকৰিব হেলা॥
আৰু এক পৰম উপায় কওঁ সাৰ।
পেট উফন্দাৰ কৰে মহা উপকাৰ॥
লােমজ কাপড় উষ্ণ জলে ভিজাইব।
নিগড়ি ফেলাব জল কিছু নৰাখিব॥
সহিবাৰ উপযুক্ত উষ্ণ থাকিলাত।
অল্প কিছু টাৰ্পিণ সিঞ্চিয়া দিব তাত *॥
সেই টার্পিণৰ ভাগ লগাই উদৰে।
সেই উষ্ণ বস্ত্র যেন উদৰত ধৰে ॥
শীতল হোৱয় মানে বস্ত্ৰ নদাঙিব।
শীতল হইলে তুলি পুনৰ্ব্বাৰ দিব॥

⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻

  • লোম থকা গৰম কাপােৰ (যেনে ফ্লানেল বা পৰিষ্কাৰ কমলিৰ কানি) তপত পানীয় ভিজাই পানীবোৰ আটি পেলাব। সেই কাপোৰখন তেতিয়াও অলপ তপতে থাকিব। তপতে থাকোঁতে তাত অলপ টার্পিণ তেলৰ ছিটা দি তাৰেই পেটত সেঁক দিব। সেই কাপোৰখন ঠাণ্ডা হলে পুনৰায় তেনেকৈ সেঁক দিব। টার্পিণ তেল এবিধ পানীৰ নিচিনা বস্তু। দোকানত কিনিব পোৱা যায়৷ [ ১০৩ ]

একবাৰ দুই বাৰ দিব বাৰংবাৰ।
সৰ্ব্ব দোষ শান্তি হব কহিলোঁহোঁ সাৰ॥

⸻⸻

গাৱত ৰঙা দাগ হলে।

শিশুৰ শৰীৰ স্থলে স্থলে ৰঙা পড়ে।
নানা অঙ্গে লড়ি ফুৰে গাৱত জ্বৰ ধৰে॥
চক্ষুঃ মুখ নেমেলয় শব্দ নকৰয়।
ভৰসা এড়য় তাকে ভাবে মহা ভয়॥
অশৌচৰ মধ্যে জানা সেই ৰোগ হলে।
নির্ব্বোধ ওঝায় “মৰ্কুচিয়া’’-মায়া বলে॥
ৰোগ উপজয় কিয় নজানয় তাক।
নজানে নুশুনে প্রসূতিকো নেদে হাক॥
স্থানৰ দুর্গন্ধে আৰু বিছানাৰ মলে।
গৃহ মধ্যে বায়ু সূৰ্য্য-কিৰণ নগলে॥
ইসব কাৰণে ইতো ৰোগ উপজয়।
আলনিয়া দিয়ে আৰু দেখুৱায়ে ভয়॥
যিজন নির্ব্বোধ কথা নলবাহা তাৰ।
“টীংচৰ ষ্টীলক’’ জানা ঔষধ ইয়াৰ॥
ইংৰেজী ঔষধ বিক্রেতায় বেচে আক।
অতি অল্প মূল্যে পাইবাহা কিনিবাক॥
যদি ইতাে দুৰ্গুণত পেট ফিকা নাই।
তাৰে তিনি বিন্দু হিম জলে মিশলাই॥

[ ১০৪ ]

দুই দুই দণ্ডে খুৱাইবা একবাৰ।
“কাষ্টীকৰ’’ জলে ৰঙা দাগ যাব গাৰ॥
যবক্ষাৰ দ্রাবকত ৰূপা যােগ কৰি।
কৰে দ্রাবকৰ কাঠী যি জানে ডাক্তৰী॥
তাকো বিক্ৰী কৰে সেই বিক্রেতা সকলে।
কেবল দ্রবয় মাত্র সিতো বৃষ্টি জলে॥
সেই জল ৰঙা দাগ বেড়ি মুছি দিব।
কলা পড়ি যাব ৰঙা বেশ নথাকিব॥
য’ত ৰঙা ৰঙা দেখা তাত আগে দিয়া।
ৰঙাৰ উপৰে জল দিবাহা মুছিয়া॥
কিন্তু তিনি চাৰি বাৰ সেই ৰূপে দিব।
তেবেসে ৰঙাৰ লেশ মাত্র নাথাকিব॥
কাষ্টিক পােনৰ ৰতি আড়ৈ তোলা পানী।
তাকে মুছি দিবাহা শলাত বান্ধি কানি॥
কাৰ্য্যক বুঝিয়া ন্যূনাধিক যিবা লাগে।
ইচ্ছা অনুসাৰে কৰা কৰা এই ভাগে॥
সি ঔষধ দুর্লভ সহজ কথা এই।
ইয়াক দিবেক তাক নপাৱয় যেই॥
অল্প মাত্র আফিঙক জলত সিজাই।
লোমজ বসন সেই জলত ভিজাই॥

  • “কাষ্টীক’’— ই এবিধ ঔষধ; তলৰ পদকেইফাঁকিৰ কথামতে ইয়াক প্ৰস্তুত কৰে৷ ঘৰত সেইবােৰ কৰা

টান ; দোকানৰপৰা কাষ্টীক কিনি আনিলে বা ডাক্তাৰৰখানাৰ পৰা খুজি আনিলে হয়। কিন্তু এই দৰৱ দিয়াত

অলপ হেজাম; সেই দেখি ইয়াৰ পাছৰ পদকেই ফাঁকিত কোৱা নিয়মমতে আফিং দিলেই হয়৷ [ ১০৫ ]

সহ্য উষ্ণ সমন্বিতে জল নিগড়িয়া।
ৰঙা দাগে জাপিবেক সিতাে বস্ত্ৰ নিয়া॥
দুই দণ্ড মুতুলিব থাকিবেক ধৰি।
পুনঃ সেঁক দিব লাগে সেই ৰূপ কৰি॥
দিবা ৰাত্ৰ মধ্যত সেঁকিব বাৰ ছয়।
যেন কোনোমতে সংখ্যা অল্প নকৰয়॥
তাৰ অন্তে কপাসী তুলাৰ চাকা কৰি।
সেকি উঠিলাত জাপি থব তদুপৰি॥
ফটা কানি সংযোেগত বান্ধিয়া ৰাখিব।
সিতো দাগ এড়ি তুলা পড়িব নেদিব॥
নুগুছয় মানে কৰিবাহা এই ক্রম।
নকৰিলে ৰােগ বাড়ি ঘটিব বিষম॥
যদি তাৰ সঙ্গে পেট উফন্দি আছয়।
মৌৰি জল টাৰ্পিণক খুৱাবে লাগয়॥
তাৰ যোঁখা মাখা ক্ৰম কহি আছোঁ আগে।
সেই অনুসাৰে আতো খুৱাইবে লাগে॥
পথ্যাপথ্য পক্ষে এই বিবেচনা সাৰ।
সাগু আৰাৰুট খই মণ্ডই আহাৰ॥
যদি পেট নােফন্দয় দুগ্ধসমে দিব।
উফন্দি থাকিলে পেট দুগ্ধক নেদিব॥
পাঁচ ছয় টোপা ব্ৰাণ্ডী* তাত মিশলাই।
ঔষধার্থে সুৰাপান তাত দোষ নাই॥

  • ব্ৰাণ্ডী—মদ৷ [ ১০৬ ]

ৰাতি দিনে দশবেলি দিবেক খুৱাই।
প্রতি বাৰে পাঁচ টোপা ব্ৰাণ্ডী মিশলাই॥
সাগু আদি পথ্যতো তাকেসে দিব লাগে।
অধিক নিদিব মাত্র দিব সেই ভাগে॥
পাৰাবত মাৰি তাৰ মাংস বাছিলব।
পানীত নুধুব ৰক্ত সমন্বিতে থব॥
এক সেৰ জলত সিজাব লাগে তাক।
একপােৱা অবশিষ্ট লাগে ৰাখিবাক॥
সেই জল অল্প অল্প কৰাব আহাৰ।
দুর্ব্বল নাশন পক্ষে মহা উপকাৰ॥


বালকৰ কাশ।

শীতল বতাস কিংবা শীত স্থানে বাস।
ই দুই কাৰণে বালকৰ হয় কাশ॥
গাওত নাহিক জ্বৰ বুকত ঘাগাৰ ।
লােমজ কাপড়ে অঙ্গ আচ্ছাদিব তাৰ॥
উষ্ণজলে “বাইনম ইপিকা’’* মিশলাই।
মধু যােগে মিষ্ট কৰি দিবাহা খুৱাই॥
দিন পাঁচ ছয় দিন-ৰাত্রে পাঁচ বাৰ।
খুৱালে গুছিব কাশ নথাকিব আৰ॥
বান্ত হই হব কিছু শ্লেশ্মাৰ পতন।
বান্ত নিবাৰণ পক্ষে নকৰা যতন॥

  • বাইনম্ ইপিকা—ইয়াকো ঔষধৰ দোকানত বা ডাক্তাৰখানাত পাব পাৰি৷ [ ১০৭ ]

পাঁচ ছয় টোপা খুৱাইলে নােহে বান্ত।
কফ পাতলয় ৰােগ হয় উপশান্ত॥
যদি হৃদয়ত বহু কফ চিহ্ন পাই।
বান্ত কৰাবাক লাগে ঔষধ খুৱাই॥
আট দশ টোপা ক্ৰমে চাৰি পাঁচ বাৰ।
খুৱাইলে বান্ত হইবাক পাৰে তাৰ॥
প্রভাত কালত বুকে শ্লেশ্মা গােট জয়।
সেই সময়ত বান্ত কৰাব লাগয়॥
সাঁত সোঁত কৰে বুক কাশি ঠৰ পড়ে।
চক্ষুঃ মুখ ৰঙা পড়ে তাতে জ্বৰ ধৰে॥
চক্ষুঃ মুজি থাকে জ্ঞান শৰীৰত নাই।
ঔষধ খুৱাব শীঘ্ৰে নথাকিব চাই॥
তপজল মধুসমে “বাইনম্ ইপিকা’’।
“বাইনম্ ইপিকা’’ পৰিমাণ এক সিকা॥
জল, মধু, বাইনম্ ইপিকা” মিশলাই।
তিনি চাৰি বাৰ তাঙ্ক দিবাহা খুৱাই॥
বান্ত হই শ্লেশ্মা পড়ি দূৰ হব কাশ।
খুৱাইব পাঁচ দিন বৰোগ হৈব নাশ॥
নুগুছয় মানে পুৱা পুৱা খুৱাইব।
ঘষণী ঔষধ বুকে পৃষ্ঠে ঘষি দিব॥
ভূর্জ্জপত্র তৈল* সৰিষাৰ তৈল সমে।
সমভাগে বোতলে ৰাখিব যত্ন ক্ৰমে॥

⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺

  • ভূৰ্জ্জপত্রতৈল—“ক্যাজুপট অয়েল’’—ঔষধৰ দোকানত বা ডাক্তাৰখানাত পোৱা যায়৷ [ ১০৮ ]

তাতে অল্প মাত্রায় টার্পিণ যােগ দিলে।
অতি শীঘ্ৰে ঔষধৰ উপকাৰ মিলে॥
দিবা ৰাত্রে পাঁচ বাৰ ঘষিবে লাগয়।
প্রতিবাৰ একদণ্ড ঘষিলেসে হয়॥
জোকাৰিয়া লব পাত্ৰ তৈল মিশলিব।
সেই তৈল লই বুকে পৃষ্ঠে ঘষি দিব॥
ভূর্জ্জপত্ৰ তৈল ই দেশত নিমিলয় ।
ইংৰেজি ঔষধ বিক্রেতায়ে সে বেচয়॥
ভূর্জ্জপত্র তৈল “ক্যাজুপট ঐল” বলে।
সেই নাম লব কিনিবৰ অৰ্থে গলে॥
আত পৰে আৰু এক আছয় উপাই।
মুখ বান্ধি টেকেলিত জল তপতাই॥
টেকেলিৰ মুখৰ বন্ধন মেলি দিব।
সাৱধানে বালকক কোলাত তুলিব॥
টেকেলিৰ পৰা তাপ উঠিব বিস্তৰ।
বালকৰ মুখ নিব ভাপৰ উপৰ॥
নাকে মুখে ভাপ লগাইব কিছু কাল।
মস্তকৰ ভাৰ গুছি হইবেক ভাল॥
দিনে চাৰি পাঁচ বাৰ দিব এই ক্ৰমে।
পথ্য দিব উষ্ণ দুগ্ধ চাগু মণ্ডসমে॥

[ ১০৯ ]

দাঁত উঠিবৰ সময়।

দাঁত ফুটিবাৰ সময়ত বালকৰ।
বাৰে বাৰে শৌচ হয় অসুখ পেটৰ॥
শৌচ হয় দিনে যদি আঠ দশবাৰ।
একোভয় নাই আৰু মঙ্গলেসে তাৰ॥
শৌচ বন্ধ কৰিলে হোৱয় অন্য ৰােগ ।
অচৈতন্য হই পৰে কৰে কষ্টভােগ॥
সি সময়ে শৌচ বন্ধ কৰা নোহে ভাল।
বন্ধ নকৰিয়া দেখিবেক কিছু কাল॥
মলে অল্প জলভাগ যেবে বৃদ্ধি ভৈল।
কিংবা জলবত শৌচ চলিবাক লৈল॥
সি কালত বন্ধ নকৰিলে হয় ভয়।
ঔষধ খুৱাই বন্ধ কৰিবে লাগয়॥
পাঁচ তােলা বৃষ্টি জল বােতলত ভৰা।
তাতে আদৰতি কাষ্টিকক যােগ কৰা॥
একাদশ টোপা বৃষ্টিজল ভিন্ন কৰি।
যবক্ষাৰ দ্রাবক দিবাহা তদুপৰি॥
একটোপা ভিন্ন নিদিবাহা বহু ভাগ।
ইতো ঔষধৰ জানা ভয়ঙ্কৰ ৰাগ*॥
তাৰে দশ টোপা কাষ্টিকৰ জলে দিয়া।
উভয় জলক ৰাখা একত্ৰ কৰিয়া॥

  • ৰাগ— অর্থাৎ তেজ। এই ঔষধটি বৰ চোকা। [ ১১০ ]

গোঁধ আঠা বৃষ্টিজলে ভিজাইয়া লােৱা।
তাৰে তিনি তোলা জল কাষ্টীকত থোৱা॥
চিনি ভিজাইয়া তাৰো তিনি টোপা পানী।
সিও পানী কাষ্টীক পানীত দিয়া আনি॥
সবাকো একত্র কৰি বাৰ ভাগ কৰা।
প্রহৰে প্ৰহৰে তাকে খুৱাইবে ধৰা॥
অতি শীঘ্র শৌচ বন্ধ হইব নিশ্চয়।
বালকৰ ৰক্ষা হৈব গুছিব সংশয়॥
শৌচ দোষে যদি শিশু হয় শক্তিহীন।
ব্ৰাণ্ডী খুৱাইব এক ৰাত্ৰি এক দিন॥
হিমজলে * ব্ৰাণ্ডী টোপা চাৰি মিশলাই।
দুই দুই দণ্ড ক্ৰমে থাকিব খুৱাই॥
ইতো মহৌষধি তাক কৰাইব পান।
দ্রব্য গুণ গুণে শিশু হৈব শক্তিমান॥
দুৰ্ব্বলতা হই যদি হয় তালুক্ষীণ।
তাতো ব্ৰাণ্ডী খুৱাব সিৰূপে কিছুদিন॥
তালুপূর্ণ হই হৃষ্টপুষ্ট হৈব কাই।
ঔষধত সুৰা বিধিমতে দোষ নাই॥
বালকৰ অভোখ অজীর্ণ থাকে যেবে।
খুৱাৱয় সি সময় জীর্ণ হয় তেবে॥
যদি শ্ৰদ্ধাৰূপে শিশু নকৰে আহাৰ।
জানিবাহা উদৰে অসুখ আছে তাৰ॥

⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻

  • এই পুথিত য’ত হিমজল দিব বুলিছে তাত বৰ ঠাণ্ডা পানী দিলে চলিব। [ ১১১ ]

আৰু যদি খুৱাইলে বান্ত হই পৰে।
অল্প খুৱাইলে যদি দেখা ওক ধৰে॥
ই লক্ষণে আহাৰ নিদিব কদাচিত।
খুৱাইলে হয় জানা হিতে বিপৰীত॥

⸺⸺⸻

শিৰকোব।

শিৰকোব ভৈলে স্তনে ভৈল অনুমান।
বালকক নকৰাইবে সিতাে স্তনপান॥
তপ্তজলে স্তন প্ৰক্ষালিব বাৰম্বাৰ।
সুকোমল হৈব স্তন নথাকিব ভাৰ॥
ম্লান নভৈলে স্তন টীপি দুগ্ধ পেলাইব।
নির্দ্দোষ নভৈলে বালকক নুখুৱাব॥

⸻⸻⸻

উকী।

উকিয়াই কিংবা শিশু ঘনে বান্ত কৰে।
খাদ্য বস্তু কিছুমাত্র নাথাকে উদৰে॥
হিমজলে তিনি টোপা ব্রাণ্ডী মিশলাই৷
দিব এক টোপা “ক্লোৰিক ইথৰ’’ পেলাই ॥
দুই দুই দণ্ডৰ অন্তৰে খুৱাইব।
দুগ্ধপান নিবাৰি কেৱল চাগু দিব॥
তিনি চাৰি পাল খুৱাইলে হৈব ভাল ।
শীঘ্ৰে ভাল হৈব নুভুগিব বহু কাল॥

[ ১১২ ]

পেটৰ দুৰ্গুণ হলে।

অম্ল গুণ বালকৰ হইলে অন্তৰে।
চেকুৰা চেকুৰি দুগ্ধে শিশু বান্ত কৰে॥
চূণৰ বিশুদ্ধ জল অল্প পৰিমাণে।
গাঠি নলগাই তাক খুৱাব সন্ধানে॥
পেটৰ সহজ দুৰ্গুণৰ গুণাকৰ।
যাক বােলে “কম্পাউণ্ড চক্ পাউডৰ’’*॥
ইতো পাউডৰ আমাসাৰ হাতে হয়।
তাৰ উপযোগী বস্তু দ’কানে মিলয়॥
ডালচিনি আৰু সৰু এলাইচৰ দানা।
সমভাগে দিব প্রত্যেকৰ চাৰি অনা॥
জাইফল, জাফৰান বাৰ বাৰ অনা।
ছয় আনিভৰ লবঙ্গৰ লাগে জানা॥
পৃথকে কৰিয়া চুর্ণ মিশলাই লােৱা।
ছয় তােলা চাৰি অন! পাকা চিনি খােবা।
সমস্ত দ্রব্যক তিনি ভাগে জুখিচাই।
তাৰে এক ভাগ খড়িমাটী মিশলাই॥
খড়িমাটি চুর্ণ চিনি অন্য চূর্ণসমে।
মিশলাইব সমস্তকে অভিন্নতা ক্ৰমে॥

⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻

  • কম্পাউণ্ড চক্ পাউডাৰ— ডালচিনি— ৷৹ আনা।

                          জাইফল —৸৹ আনা
                            লং — ৷৵৹ আনা
                         সৰু এলাচিদানা—৷৹ আনা
                         জাফৰান — ৷৹ আনা
                         খড়িমাটি— ৷৶৹ আনা

[ ১১৩ ]

বােতলত ভৰি মুখ বন্ধ কৰি থব।
“কম্পাউণ্ড চক্‌ পাউডৰ” বুলি তাক কব॥
এক দুই তিনি ৰতি বয়সানুসাৰে।
খুৱাইব তাক হিমজল সমত্যাৰে॥
খড়িমাটী চূর্ণ হিমজলে মিশলাই।
খুৱাইলে উদৰৰ ক্ষুদ্ৰ ৰােগ যাই॥
যদি বালকৰ উদৰৰ চিৰৰোগ।
নুগুছয় কোনো ৰূপে কষ্ট কৰে ভােগ॥
তুতিয়া বাখৰে কৰে মহা উপকাৰ।
গোঁধ আঠা সমে বড়ি বান্ধিবেক তাৰ॥
এককুৰি চাৰি ৰতি গোঁধ আঠা সমে।
এক ৰতি তুতিয়া পিসিবা যোগ ক্ৰমে॥
বটি বটি ধূলা জেন চূর্ণ কৰি লবা।
এককুৰি চাৰিভাগ কৰি বান্ধি থবা॥
প্রতি দিনে পুৱা দুপৰিয়া সন্ধ্যাকালে।
আৰােগ্য হুইব এই ক্রমান্বয়ে খালে॥

⸻⸻

শৌচ দুর্গন্ধ হলে।

বালকৰ শৌচ যদি দুর্গন্ধ গােন্ধাই।
ৰোগ হৈব নিশ্চয় সংশয় আত নাই॥
খড়িমাটি দুই জোখা কিস্তীত পিশিৰ।
তাতে শীব বিৰ্য্যপাৰা এক জোখা দিব॥
ঘঁহিবা দেখিবা ঘঁহিবাহা পুনৰ্ব্বাৰ।
কৃষ্ণবর্ণ বৰ্ণ যদি হইল তাহাৰ॥

[ ১১৪ ]

তাৰ চূর্ণ আধাৰতি কিংবা এক ৰতি।
হিমজলে শিশুক খুৱাব নিত্য প্রতি॥
মলৰ দুৰ্গন্ধ গুছি ৰঙো ভাল হব।
ধন্য মান্য অগ্রগণ্য ওঝা বুলি কব॥
ৰস ৰস সাগৰ সুত অঙ্ক।
গােবিন্দ চৌধুৰী শঁক বলয় নিশঙ্ক॥

দুটামান আবশ্যকীয় ঔষধ।

সন্তান হােৱাৰ পিছে ৰক্ত

ভাঙাৰ দাৰু।

 প্ৰসৱ হলে শয্যাত পড়ি নথাকি শীঘ্রে বহিলে উঠিলে ৰক্ত ভাঙে। ৰাইৰ গুড়া * ১০ বা ১৫ ৰতি কেঁচা পানী ৫ তােলাত গুলি একে বাৰে খুৱাব, ৰক্ত বন্ধ হব। বন্ধ নহলে পুনৰ এক বেলি খুৱাব।

 প্ৰসৱৰ দ্বাৰত শীতল জলৰ ধাৰা দিব। ফুল পড়াৰ পাছেহে ৰক্ত ভাঙে এতেকে ফুল পড়িল মাত্ৰকে সেই ঔষধ সেইরূপে খুৱাব। ৰক্ত ভাঙাৰ শঙ্কা নথাকিব। এক বেলি সন্তান হােৱাত ৰক্ত ভাঙিলে পুনঃ সন্তান হােৱাতো ভাঙে, এতেকতে ৰক্ত নভাঙোতেই সেই ঔষধ খুৱাব।

⸻⸻

  • স্বেতসৰপ বা শেয়া বেহাৰৰ দ্বাৰা কাজ চলে। ৰাইৰগুড়া ডাক্তাৰখানাত পোৱা যায়৷ [ ১১৫ ]

ফুল পড়িবাৰ ঔষধ।

 সন্তান জন্মৰ এক দণ্ডমান বিলম্বতো যদি ফুল নপড়ে, বিষও নধৰে, তেন্তে সেই ঔষধ অর্থাৎ ৰাইৰ গুড়া ১০ বা ১৫ ৰতি কেঁচা পানী ৫ তােলাত গুলি খুৱালে ফুল পড়িব। এক বেলি খুৱালে যদি ফুল নপড়ে, ২ দণ্ডবাদে আকৌ খুৱাব। পেটত হাতেদি ঈষৎ হেঁচা দি ধৰি থাকিব, বিষ হই ফুল পড়িব। ফুল পড়িলে পেটত কাপড় মেৰাই থব, ৰক্ত নভাঙে উদৰ ও পূৰ্ব্ববৎ হব।

⸻⸻

সন্তান হবৰ বাধক

ৰোগৰ ঔষধ।

 ঋতুৰ সময়ত তল পেট বিষায়, হানা খােচা কৰে, ৰক্ত অল্প ভাঙে৷ সন্তান হই গােলেও কাৰো কাৰো সেই ৰূপ হয়, ইয়াৰ ঔষধ।

 অহিফেণ অর্থাৎ আফিঙৰ আৰক ১০ বা ১৫ টোপা শীতল পানী ২ তোলা সহিতে ঋতু অবস্থাত এক দিন বাদে এক দিন খুৱাব। এইৰূপে ৪। ৫ বেলি ঋতু সময়ত খুৱাব, ব্যথা যাব, সন্তান হব।

 দ্বিতীয়। ৪ ৰত্তিকা পৰিমিত কৰ্পূৰ অল্প আটা গুড়ী সহিতে বড়ী পকাই সেই বেদনা নুগুছে মানে সেইৰূপে বড়ী কৰি মাজে মাজে খুৱাই থাকিব। ব্যথা গুছিব, সন্তান হব। ঋতু হবাৰ ৪৷ ৫ দিন পূৰ্ব্বৰ পৰা দুই দুই ঘাগৰী তপত পানী গাসোয়া তপতে তপতে কঁকালৰ চাৰিও মেৰে ঘটীত ভৰি ভৰি ঢালিব, পুৱা গােধূলা। [ ১১৬ ]  শীঘ্ৰে গা মুচিব, মুখসোৱা গৰম দুধ এক পোৱা খাব, ডাঠ কাপৰ উৰি শুই থাকিব। ঋতু সময়ত ৰক্ত অধিক ভাঙিব। বেদনা যাব সন্তানাে ক্রমে হব।

 সেই সময় শৌচ বন্ধ থাকিলে জুলাপ কৰাব সেই কেই দিন অশুচিৰ স্নান পর্যন্ত তপত পানী ব্যবহাৰ কৰিব—গাধুব তপত পানীত। খাব তপত পানীক।

 ঋতু স্নান হৈগলে ১ ৰতি হিড়াকশ ২ ৰতি মুসম্বৰ এটী এটী বড়ী কৰি পুৱা গোধুলা খাব, পুনঃ ঋতু নহব মানে। ঋতু অবস্থাত এই বড়ী খুৱাৱৰ বিশেষৰূপে নিষেধ এইটী ভালকৈ মনত ৰাখিবা।

⸻⸻

স্বভাৱতঃ গাৰসত যোৱা

(ৰক্তভাঙা )।

 এক ৰতি হিড়াকশৰ গুড়া, এক ৰতি শুঁঠৰ গুড়া , এই দুইকো জিয়াৰ * আঠা ৪ ৰতি দি ঢিলাবড়ী কৰি পুৱা গোধুলা গলত ফেলাই কেঁচা পানী দি গিলি খাব। ২১ দিন খাব ৪২ দিন খালেও ভাল দুর্ব্বলতা গুছে পথ্য দুগ্ধাদি ভাল হব লাগে ।

 ঋতুৰ সময় অধিক ৰক্ত ভাঙিলে।—গাঁজাৰ আৰক ( গাঁজা সিদ্ধ কৰি আঠাধৰা ক্কাথ )—৬৷ ৭ টোপা আফিমৰ আৰক ৮। ৯ টোপা ৰাইৰ গুঁড়া ৩ ৰতি ১॥ তোলা শীতল পানীত মিহলাই খুৱাব। এক বেলিত বন্ধ নহলে দিনত ১ বেলি ৰাতি ১ বেলি খুৱাব বন্ধ হব। শীতল পানীত গাধুব, সুসিদ্ধ পথ্য আহাৰ কৰিব৷

 সেই ৰােগ গলে ১ ৰতি হিড়াকশ ২ ৰতি মুসম্বৰৰ এটী এটী

⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻

  • জিয়া—ইয়াক কোনো কোনো ঠাইত কহিমালাও বোলে। [ ১১৭ ] বড়ী কৰি পুনঃ ঋতু নহয় মানে খাব। গর্ভিণী থাকিলে ৰক্ত ভাঙি যদি গর্ভ ৰক্ষা পৰে তেন্তে এই বড়ী

খুৱাব নালাগে।

⸻⸻

গর্ভ নষ্ট হয় কিয় ?

১। বড় জ্বৰ হােলে, ২। পেটৰ নৰিয়া হােলে, ৩। বসন্ত হােলে, ৪। লুতি ওলালে, ৫। আফাল খাই পৰিলে, ৬। বহু পৰিশ্ৰম কৰিলে, ৭। বেগদি বহু বাট বুলিলে, ৮। বড়কৈ কাঁহিলে, ৯। বড়কৈ হাঁহিলে, ১০। বড় খঙ কৰিলে, ১১।বড় ৰঙ পালে, ১২। অমঙ্গলৰ সম্বাদ হঠাৎ শুনিলে।

⸻⸻

(গর্ভ ৰক্ষাৰ উপায়)।

 যি স্ত্ৰীৰ ২। ৩ বাৰ গৰ্ভ নষ্ট হইছে সেই স্ত্ৰীৰ গৰ্ভ ৰক্ষাৰ অন্য ঔষধ নালাগে। ১ এক বছৰ স্বামী সহবাস নকৰিব, এক বৎসৰ গর্ভ নহই থাকি তদন্তে গর্ভ ধাৰণ হলে সেই গর্ভ ৰক্ষা পৰিব। প্ৰথম বাৰ গৰ্ভ নষ্ট হলে ৪ মাহ স্বামী সহবাস নকৰিব, তদন্তে যি গর্ভ হব সি গর্ভ নষ্ট নহব।

⸺⸺

গর্ভ নষ্ট হব ধৰাত ৰক্ষাৰ উপায়।

 অধিক ৰক্ত ভাঙিলে ঘনে ঘনে পেটৰ বেদনা হব ধৰিলে গর্ভ ৰক্ষা নপৰিব। অল্প ৰক্ত ভাঙিছে, অল্প মাত্ৰ পেট বেদনা হইছে তেন্তে ৰক্ষাৰ যত্ন কৰিব।

 মাটীত এটী পাটী বা এখনী কপাহি পাতল কাপৰ পাৰি শুৱাই থোবা; শৌচাদিৰ কাৰণো বহিব উঠিব নেদিবা। গাত [ ১১৮ ] ডাঠ কাপৰ লব নেদিবা ; শীতল পানী খাব দিব, সেই গৃহত এক জনত অধিক লােক থাকিব নেদিবা।

 আফিমৰ আৰক ১০ টোপা ২॥ তােলা শীতল পানীত মিশলাই খুৱাব, পেটৰ বিষ নুগুছে মানে মাজে মাজে বহু বিলম্বে অল্প অল্প খুৱাব, অধিক নুখুৱাব, আফিম এক প্ৰকাৰ বিষ, অধিক খালে মানুহ মৰে। ইয়াতেই গর্ভ ৰক্ষা হব, কিন্তু ৭ দিন উঠিব নেদিবা।

⸻⸻

মৃত বৎসা।

 তাতো এক বৎসৰ স্বামী সহবাস ত্যাগ কৰিব সেই কালতে সেই দোষ নির্দোষ হব। তদন্তে গর্ভাধান হলে সেই গৰ্ভৰ সন্তান নমৰে নিশ্চয় ৰক্ষা পৰে।

⸺⸺

ভেদালীৰ কামৰ।

 স্ত্রীৰ এইটো কামৰ হােৱা মন্দ নহয়। তাৰে গতিকে ৰক্ত ভাঙা ৰােগ নহয় জৰায়ুত যি অবশিষ্ট ৰক্ত থাকে সি ও নির্গত হৈ যাই । পৰিষ্কাৰ হয় সন্তান হবৰ ১ দণ্ডমান পিছতে পেটত বিষ হয় সেই বিষ এক দিন দেড় দিন থাকি আপুনিই গুছে । যদি নুগুছে অসহ্য হয় গুছাব খোজা তেন্তে ১০ টোপা আফিমৰ আৰক ৫ তােলা টেকী * পানীত মিহলাই খুৱাই দিবা। জুইত পানী দিয়াৰ ন্যায় বেদনা শীঘ্ৰ নিৰ্ব্বাণ হব।

সমাপ্ত।

  • টেকী— ঠাণ্ডা, শীতল৷ [ ১১৯ ]

শ্ৰীশ্ৰীৰাধাকৃষ্ণ স্তোত্র।

⸺⸺⸺

শ্ৰীশ্ৰীৰাধা স্তোত্র।

দেখ, শ্ৰীমতী, ৰাধিকা, কৃষ্ণসনে।
যদা, শােভিত, বিদ্যুত, নব ঘনে॥
ঘন, বিদ্যুত, নিন্দিত, অস্থিৰতা।
ৰাধা, শ্রীমতী, শ্রীপতি, শ্ৰীধিৰতা॥
বপু, নিশ্চল, বিদ্যুত, কান্তিধৰং।
ঘন, লম্বিত, কেশ নিতম্ব পৰং॥
শিৰে, শােভন, ভূষণ লঘুভাৰা।
বহু, ৰতণ, উজ্জ্বল, মালাকাৰা॥
তাহে, যোজিত, মুকুট, নাগফণী।
ফণী, যতনে, জড়িত, নানামণি॥
শ্ৰুতি, বেষ্টিত, ৰঞ্জিত, স্বর্ণবালা।
গণ্ডে জুলিত, জজ্জলিত, অংশুমালা॥
ভালে, সিন্দুৰ, সদৃশ, বিন্দু শােভে।
সখী, দেৱত, সেৱত, কৃষ্ণলােভে॥
তাহে, উন্নত, বঙ্কিম, ভ্ৰুব ৰেখা।
অক্ষি, পটলে, অঞ্জন, দেখা দেখা॥
অক্ষি, ৰক্তিম স্বশ্ছল, পূর্ণ মায়া।
মণি, মধ্যগ, উজ্জ্বল, কৃষ্ণ ছায়া॥

[ ১২০ ]

যব, পলক, পাৰত, জাত, কাঁহা।
তব, ৰাধিকা, হৃদয়, পদ্ম জাঁহা॥
নাসা, শ্ৰীমুখ, শ্ৰীকৰ, ৰূপধৰে।
জুলী, ভ্ৰমৰী, কেৰশ, শােভাকৰে॥
জুলী, ৰক্তিম, অধৰ, উচ্ছভাগে।
ষেন, পঙ্কজ, চুম্বত, অনুৰাগে॥
ভাব, গম্ভীৰ, শ্ৰীমুখ, হাস্যে শোভে৷
হেৰে, শ্যামল, সুন্দৰ, প্রেম লোভে॥
কণ্ঠা, গােলাপ, হেৰত, ভক্ত ভ্ৰমে৷
ফুল, হীৰক, মাণিক, শ্রেণী ক্রমে॥
নহে, পিশাচ পিশাচী, প্রেমৰিতী।
এক, হৃদয়, নিঃস্মৃত, শুদ্ধ প্ৰীতি॥
নীল, কৌষেয়, কাচলি, বক্ষস্থলে।
মণি, মাণিক, জ্বৰিত, হাড়জ্বলে॥
যব, হেলত, দোলত, হাৰাবলী।
তব, বিদ্যুত, চকিত, বক্ষস্থলি॥
মায়ী, উৰণী, উৰত, সূক্ষ্ম অতি ।
তদ, উপৰ, শোভত, হাৰ জ্যোতি॥
বাম, অঞ্চল, দক্ষিণ, স্কন্ধোপৰে।
বামে, দক্ষিণ, অঞ্চল, শােভা কৰে॥
দোন, অঞ্চল, লম্বিত, পৃষ্ঠ ভাগে।
ব্রজ, বালিকা, হেৰত, অনুৰাগে॥
কটী, সিংহীক, সদৃশ, শােভনীয়া।
নীল, ঘাগৰা, জৰিত, পাহৰীয়া॥

[ ১২১ ]

তাহে, উজ্জ্বল, চন্দ্ৰমা, হাৰাবলী।
গোট, শোতন, ঘাগৰি, মে বিজলী॥
মল, সচ্ছল, উজ্জ্বল, পাদপৰে।
নখ, হীৰক, সদৃশ, শােভাকৰে॥
অধ, ৰক্তিম, কোমদ, বর্ণ ধৰে।
ভাব, শ্ৰীপদ, বিপদ, ভয় হৰে॥
মণি, কাঞ্চন, সংযুত, বালা কৰে।
ভুজ, লতিকা, বিদ্যুত, কান্তি ধৰে॥
আধ, ফুটিত, গোলাপ বামকৰে।
ভুজ, দক্ষিণ, মাধৱ, স্কন্ধপৰে॥
পতি, পত্নীক, ভাবনা, দুৰমতি।
হৰি, মাধৱ, কল্পনা, জগপতি॥
আদি, শক্তিৰ, শক্তিৰ, অবতাৰ।
মিথ্যা, সাকাৰ, আকাৰ, দেহভাৰ॥
তোকে, দর্শনে, ছায়াৰূপে দৰশু।
ময়ী, সূক্ষ্ম, শৰীৰে, পাদ, পৰশু॥
কৰ, লগ্নকৃতা, গল বাস যুতা।
মুজে, কৃপাকৰ বৃকভানুসুতা॥
বৃকভানুসুতা-বৃকভানুসুতা॥

⸺⸺

শ্রীকৃষ্ণ স্তোত্র।

বপু, সুন্দৰ, সুন্দৰ, বৰ্ণধৰং।
নীল, কোমদ, নিন্দিত, কান্তিধৰং

[ ১২২ ]

অতি, উজ্জল, নীল, সুকান্তি যুতং।
নহে, নিৰ্ম্মিত, সংযুত, পঞ্চভূতং॥
যেই, ব্ৰহ্মা সৃষ্টি কৰে, সৃষ্টি কৰে।
সেই, দৈবকী, নন্দন, ৰূপ ধৰে॥
ধ্বজ, পঙ্কজ, শ্রীপাদ, শােভা কৰে।
ব্রজ, ভূতল, ভূষিত, চিহ্ন ধৰে॥
পদ, নখৰ, প্ৰখৰ, দীপ্তি কৰে।
ধৰো, হৃদয়ে, হৃদয়, অন্ধহৰে॥
পীত, বলুশু,বস্ত্রশু কান্তি ধৰে।
ধােতি, লম্বিত, শ্রীপাদ পৃষ্ঠোপৰে॥
কোচ, কুঞ্চিত,কুসুম, গুচ্ছ সমা।
পদ, নিৰখি, নিৰখি, হৰ্ষৰমা॥
শ্বেত, চন্দন, কুঙ্কুম, যুক্তফুলে।
পদে, বৃষ্টি কৰে, ব্রজবালা কুলে॥
ভাব, শ্ৰীপদ, শ্ৰীপদ, লাভ হবে।
ভব, ভাবনা, ভাবােনা, মিথ্যাভবে॥
হেৰ, আজানুলম্বিত, পীত ধৰা ।
অতি, উজ্জ্বল, জৰিত, কাজ ভৰা॥
মতি, অঞ্চলে, চঞ্চলে, বাত ভৰে।
মতি, জমকে, চমকে,শোভাকৰে॥
নব,ৰতন, জৰিত, সাতলৰী।
বক্ষে, লম্বিত, লম্বিত, জানুপৰি॥
নব, নীৰদে, বিদ্যুত, জ্যোতি সমা।
সে, যে, ব্ৰহ্ম জ্যোতি, তাৰ কি উপমা

[ ১২৩ ]

ভুজ, বিদ্যুত, লতিকা, ভােগে।
ইহ, ৰক্ষিণী, ৰক্ষায়, অনুৰাগে॥
কাণে, কুণ্ডল, কপােত, ৰূপধৰে।
নানা, বৰণ, প্ৰস্তৰে, জ্যোতি কৰে॥
তাহে, উজ্জ্বল, উজ্জল, ক্ষুদ্ৰমতি।
সদা, জুলত, দুলত, সূক্ষ্মগতি॥
মুখ, সুন্দৰ, সুন্দৰ, ৰক্তাধৰং।
মৃদু, ঈষত, ঈষত, হাস্যকৰং॥
ভ্ৰুব, উজ্জ্বল কজ্জল, কে উপমা।
অক্ষি, ৰক্তিম, পঙ্কজ, পত্রসমা॥
নাসা, ভাবুক, ভাবোক, ভাবমত।
কবি, কল্পনা, কল্পিত, কতশত॥
শিৰে, কেশৰী, কেশৰ, কুণ্ডলয়া।
যদা, নিৰ্ম্মল, সচ্ছল, ভ্ৰমৰয়া॥
মাথে, অশ্চূত, বিদ্যুত, কুণ্ডলিনী।
তাহে, কিৰিটী, ৰঞ্জিত, জ্যোতিজিনী॥
বামে, বঙ্কিম, ৰাধাৰ, মান ৰাখি।
তাহে, ময়ুৰ, বঙ্কিম, নীলপাখী॥
কৰে, বেণু, বিনির্ম্মিত, ৰাধাবাঁশী।
কিৰে, অদ্ভুত, আমােদ, পায় হাসি॥
মই সালােক্য, নির্ব্বাণ, নাহি চাই।
তব, যুগল, ৰূপক, ধ্যানে, পাই॥
শত, ৰতন, নামক, মন্দিৰ যো।
মণি, মন্দিৰ, গােলক, মে দৰশো॥

[ ১২৪ ]

তুহু, মুকুৰে, মুদ্ধত,বিষাকাৰা।
ময়ী, সাকাৰা, আকাৰা, দিশাহাৰা।
কৰো,দৰ্শন,পৰ্শন, সুক্ষ্মহয়ী।
গোবিন্দ, তুহু, দাসকু-দাসময়ী॥
  তুহু, দাসময়ী,
   তুহু, দাসময়ী,
    তুহু, দাসময়ী।

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২২ চনত ১ জানুৱাৰী ১৯৬২ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )