পৃষ্ঠা:সূতিকা পটল.djvu/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৬
সূতিকা পটল।

শিশুৰ উদৰৰ পীড়াৰ

ঔষধ৷

তাতো যদি উদৰ-পীড়াৰ শাম্য নাই।
চূণৰ পানীক দুগ্ধ সমে মিশলাই॥
শিওক কৰাবা পৰিমাণ মত পান।
তুচ্ছ বস্তু বুলি নকৰিবা হেয় জ্ঞান॥
তাতে উদৰৰ পীড়া নথাকিব আৰ।
কিৰূপে কৰাবা পানী কথা শুনা তাৰ॥
আধাসেৰ পানী বোতলত পূর্ণ কৰি।
শামুকৰ আধা ভতোলা ভস্ম দিবা ভৰি॥
বােতলত সোপা দিয়া তাক হস্তে লবা।
জোকৰি জোকাৰি নিজঞ্জাল থলে থবা॥
তিনি প্ৰহৰক লাগি অলাৰে * থাকিব।
তদন্তৰে সিতো জল পাত্রে বাকি নিব॥
জল বাকিবাত কিন্তু হবা সাৱধান।
চূণ নেফালাবা জলে তিলার্দ্ধ প্ৰমাণ॥
সেই জল এক পােৱা দুগ্ধ তিনি পােৱা।
উপযুক্ত পাত্রে তাক মিশলাই লােৱা॥
বালকক দুগ্ধ পান কৰাবাৰ বেলা।
সেই দুগ্ধ খুৱাইবা নকৰিবা হেলা॥
এই ৰূপে কিছুদিন কৰাইলে পান।
উদৰৰ পীড়া মাত্ৰে হইবে নিৰ্যাণ॥

⸻⸺

  • অলাৰে—নালাৰা কৈ।