পৃষ্ঠা:সূতিকা পটল.djvu/৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


মুখে বােলা হৰি হৰি,
বিপদ হৰিব হৰি,
ৰূপ-গুণ-যুত সুত পাবা৷৷ (২৪ পৃষ্ঠা)
গােবিন্দ-পদাৰবিন্দ-মকৰন্দ-আশে৷
গােবিন্দ মধুৰ সুমধুৰ ভাষা ভাষে৷৷ (৪৭ পৃষ্ঠা)
গােবিন্দ গােবিন্দে ৰাখা পায়,
শ্যামলালে ৰক্ষ শ্যামৰায়,
চিদানন্দ কৰা চিদানন্দৰ কল্যাণ। (৫০ পৃষ্ঠা

 এনে হেন চৌধুৰীৰ নাম যদিও ইমান দিনে প্রখ্যাত হােৱা নাই, সি প্রখ্যাত হােৱাৰ বৰ যােগ্য!


 যাৰ নামে এই পুথিখন প্ৰকাশ কৰা গৈছে, আনৰ লাভা- লাভৰ ফালে নাচাই, কেৱল নিজৰ সন্তোষৰ অৰ্থে, সেই স্বর্গীয়া দেবীৰো অলপ কথা এইখিনিতে দিয়া হ'ল। ব্যথিত হৃদয়ে আনৰ লাভ-লােকচান-নোহােৱা কোনাে কাম কৰি যদি সন্তোষ পায়, তেনেহলে বিদ্ৰূপ আৰু উপেক্ষাৰ হাঁহিৰ তলত সেই বিষাদপূর্ণ সন্তোষক মাৰ খেদোৱা মহদন্তঃকৰণৰ কাম নহয়; বৰং উদাৰ চৰিত্রে সেই সন্তোষ মধুৰ আৰু শান্তিময় কৰিবৰ অর্থে তাক সহানুভূতি আৰু দয়াৰ অশ্রুজলেৰে কোমল আৰু পবিত্রহে কৰি দিয়ে। আমাৰো আশা, আমাৰ এই কাৰ্য্যৰ ওপৰত কাৰো নিৰ্দ্দয় উপেক্ষাৰ আৰু হৃদয়হীন সমালােচনাৰ ভাৰ নপৰে।