সমললৈ যাওক

পৃষ্ঠা:সূতিকা পটল.djvu/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৪
সূতিকা পটল৷

কিংবা চাৰি পাঁচ দিন ধুৱাইল ক্রমে।
মধ্যে দুই দিন বিনা স্নানে ৰৈল ভ্রমে॥
ইতাে অনিয়মত হােৱয় জ্বৰ কাশ।
তদন্তৰে কি কঁও হােৱয় সর্ব্বনাশ॥
স্নান কৰাবাক জল শীতল প্রধান।
শীতকালে উষ্ণ কৰিবেক অল্পমান॥
যদি বালকৰ কাতৰতা দেখে প্রাণ।
তেন্তে প্রতি দিন তাক নকৰাব স্নান॥
যিতাে শিশু দুর্ব্বল অথচ ক্ষীণ নাই।
স্নানিবাৰ জল দিব লোণ মিশলাই॥
অল্প লোণা জ্বলে যদি কৰাৱয় স্নান।
দুর্ব্বলতা নাশ পক্ষে ঔষধ প্রধান॥
আৰু ক্ষীণ বালকৰ পুষ্ট দেহ হয়।
প্রমাণ বুঝাহা আত নাই বহুব্যয়॥

⸻⸻

শৌচৰ দুৰ্গুণ নাশন

হেতু।

যদি বালকৰ দেখা কোষ্ঠ বদ্ধ হৈল।
শৌচ নকৰয় দিন ৰাত্রি গত ভৈল॥
তেন্তে এৰণ্ডৰ তৈল দিবাহা খুৱাই।
শোচ হইবেক তাত কিছু ভয় নাই॥