সমললৈ যাওক

পৃষ্ঠা:সূতিকা পটল.djvu/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৮
সূতিকা পটল।

এতেকতে ৰাখিবা উদৰ পৰিষ্কাৰ।
নপড়িব ইতো বিপদৰ মহা ভাৰ॥

⸺⸺

শিশুক

শুবৰ সময়ত ৰৌদ্রত থােৱা দোষ।

বিনোদিনী সবিনয়, পুনশ্চ লক্ষ্মীক কয়,
 জিজ্ঞাসোঁহোঁ কোৱা ভাল কৰি ।
হিত বা হয় অহিত, শিশুক ৰৌদ্রে কাঁথিত,
 শুৱাৱয় শয্যাৰ উপৰি॥
লক্ষ্মী বোলে ভাল নহে, কোমল গাৱে নসহে,
 আধা ভাজা হয় তাৰ প্রাণ।
কি কৰবৰ নিৰুপায়, কহিবাক শক্তি নাই,
 মাতৃ তাৰ পৰম অজ্ঞান॥
ৰাখয় অনেক বেলা, কৰি তাক অবহেলা,
 গৃহকাৰ্য্য কৰে পাৰ্য্যমাণে।
ৰৌদ্ৰৰ কি গুৰুতাপ, সুমৰন্তে বাপ বাপ,
 মাতৃ আপনাৰ বেলা জানে॥
লাগে ৰৌদ্ৰ অল্প কাল,  দি কথা ভালতো ভাল,
 শীতলতা সদায় নসয়।
বহু ৰৌদ্ৰ বহু শীত, ই দুয়ো বহু অহিত,
 তাত বালকৰ ৰোগ হয়॥
অল্প কাল ৰৌদ্রে থৈব, তদন্তে ছায়াক লৈব,
 এই কথা সি পক্ষত সাৰ !