পৃষ্ঠা:সূতিকা পটল.djvu/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
সূতিকা পটল।


তাক প্ৰসৱৰ যিবা যিবা যত্ন আছে।
তোমাক বুঝাই ময় কহিবোঁহোঁ পাছে॥
জননীৰ পীড়াকালে যদি প্ৰসৱয়।
হস্তাদি নিৰ্গম পক্ষে সেইৰূপ হয়॥
প্ৰসৱৰ পীড়াৰম্ভে যদি অকস্মাৎ।
জলভাঙ্গে তেন্তে বাহিৰয় পাও হাত॥
গৰ্ভ পঞ্চ মাস গত হৈলে গৰ্ভৱতী।
দূৰস্থানে যাইবাক নাহি অনুমতি॥
তাতো সন্তান হস্ত পদ বাহিৰয়।
দেখিছোঁ প্ৰত্যক্ষ তুমি কৰিবা প্ৰত্যয়॥
তৃতীয় মাসৰ পূৰ্ব্বে পঞ্চ মাস পৰে।
নযাব গৰ্ভিনী দূৰে থাকিবেক ঘৰে॥

⸻⸻⸻

গৰ্ভত সন্তান মৃত্যুৰ লক্ষণ ও উপায়।

বিনোদিনী শোধয় লক্ষ্মীত ইতো কথা।
গৰ্ভে মৃত শিশু প্ৰসৱয় কিবা প্ৰথা॥
লক্ষীয়ে কহন্ত মৃত্যুমাত্ৰে মুক্ত নহে।
কিছুকাল পোৱাতি কষ্টৰ ভাৰ বহে॥
কিন্তু কৃপাময় প্ৰভু দয়াৰ নিদান৷
শীঘ্ৰ প্ৰসৱৰ কৰি আছয় বিধান॥
গৰ্ভে মৃত শিশু যদি থাকে কিছুদিন।
অতিকষ্ট পোৱাতিৰ হোৱে শক্তি হীন॥
এতেকে বিলম্ব নকৰিব আৰু জানি।
প্ৰসৱ কৰাব বিজ্ঞতমা ধাই আনি॥