পৃষ্ঠা:সূতিকা পটল.djvu/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৫
সূতিকা পটল।

নাভিপকা ঔষধ।

যদি নাভি পকে কোনো অসাৱধানত।
ঔষধ যতন কওঁ ৰাখিবা মনত॥
অন্য যত্ন নলাগে ঔষধে বহু নাই।
তপ্ত জলে ধোৱা নিত্য, যাইব শুখাই॥
তিসিৰ * বাকল পিষি লথৰি সিজাই।
দিব নাভি উপৰত যাইব শুখাই॥
নিত্য চাৰি পাঁচ বাৰ দিবাহা সিজাই।
যাইব শুখাই নাই কিছু চিন্তা নাই॥
ঔষধত কৰি ধোৱাতে সে গুণ হয়।
পচা মাংস উঠি যাই পুনঃ নপাকয় †॥

⸻⸻

পোৱাতিৰ ককাল সেঁক।

বিনোদিনী বোলে পুনঃ শোধোঁ ইতো কথা।
পোৱতিৰ কঁকাল সেঁকাৰ আছে প্ৰথা॥
তোমাৰ মনত তুলি ললা স্বভাৱতে।
সেঁকিবোঁ কি নেসেঁকিবোঁ কোৱা ভালমতে॥
লক্ষ্মী বোলে সেঁকিলে নাহিক অপকাৰ।
পোৱাতিয়ে সুখ পাৱে কৰোঁহোঁ স্বীকাৰ॥
উদৰত কাপড়ৰ বেড় আছে যাৰ।
অকাৰণ নাই প্ৰয়োজন সেঁকিবাৰ॥

⸺⸺

  • বেহাৰ বা সৰিয়হৰ নিচিনা এবিধ শস্য। দোকানত কিনিব পায়।

† “নাই” পকিলে নিতৌ তপত পানীৰে ধু'ব লাগে। ঔষধ দিব খুজিলে তিসিৰ বাকলি সিজাই দিব। কিন্তু ধুলেহে বেছি উপকাৰ।