পৃষ্ঠা:সূতিকা পটল.djvu/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

উপকাৰ হ’ব; আৰু ধাত্ৰী প্ৰভৃতি আন আনৰো কষ্টৰ বহু লাঘৱ হ’ব; আমাৰ যিবোৰ প্ৰথা দূষণীয় তাকো বুজি এৰিব পাৰিব। তলত লিখা পৃষ্ঠাবোৰত যি যি উপদেশ আছে সি সকলোৱে পালিব পৰা; আৰু তাৰে কিছুমান নিতান্ত পালন কৰিবলগীয়া— যেনে, নাভি পকাৰ যত্ন, তেজ নভঙাৰ যত্ন, দ্বাৰ আৰু উদৰৰ যত্ন ইত্যাদি।

 এইবোৰ পৃষ্ঠাত ভাল ভাল উপদেশ আছে।

৩, ৪, ৫, ৬, ৮, ১৩, ১৭, ১৮, ২৫, ২৬, ২৭, ২৯, ৩১, ৩৩, ৩৭, ৩৮, ৩৯, ৪১, ৪৩, ৪৪, ৪৬, ৪৮, ৫০, ৫১, ৫৩, ৫৪, ৫৬, ৫৮, ৫৯, ৬১, ৬৬, ৬৭, ৬৮, ৭১, ৭৩, ৭৬, ৭৭, ৭৮, ৮২, ৮৩, ৮৪।

 পুথিৰ শেষৰ ফালে যি কেইটা ঔষধৰ তালিকা দিয়া হৈছে, সি বহুতৰ দৰকাৰত লাগিব বুলি আশা কৰা যায়। সেইবোৰ ঔষধ যোগাৰ কৰা সহজ। আৰু সকলোৰে দৰকাৰী বিবেচনায় তাক সুৱলা গদ্যত দিয়া হৈছে। সিও চৌধুৰীৰ নিজা।

 ছপোৱাৰ সময়ত বহুত যত্ন কৰি দৰকাৰী ঠাইবোৰত সকলোৰে বুজাৰ সুবিধাৰ অৰ্থে পাৰ্য্য়মানে টীকা দিয়া হৈছে। বুঢ়া চৌধুৰীৰ যিবোৰ টোকা আছিল, সেইবোৰ একো বদল নকৰি আৰু দৰকাৰী অদৰকাৰী বিচাৰ নকৰি ইয়াত ছপোৱা হৈছে।

 শ্ৰীযুক্ত নবীনচন্দ্ৰ তালুকদাৰ মহাশয়ে কেৱল মাত্ৰ আমাকে এই কিতাপৰ একমাত্ৰ এজেণ্ট পাতিছে। আমাৰ ইয়াৰ পৰা আনে পাইকাৰী দামত কিতাপ পাব পাৰে, নাইবা গ্ৰন্থকাৰৰ পৰাও পাব পাৰে। ইতি।

নলবাড়ী, কামৰূপ,
আসাম
আঘোন, ১৩১৫ চন
অমৃত এজেঞ্চি।