পৃষ্ঠা:সূতিকা পটল.djvu/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭
সূতিকা পটল।

মস্তকত টান দিলে পৰৈ তাত টান।
ক্ষণমাত্ৰে বালকৰ নষ্ট হোৱে প্ৰাণ॥
যদি সম্ভবৰ অতিৰিক্ত ভৈল কাল।
মস্তক ওলাই ৰৈল নাভাঙে জঞ্জাল॥

⸺⸺

মস্তক ওলাই

প্ৰসৱৰ বিলম্ব হলে উপায়

আৰো তাতে প্ৰসৱৰ বেদনা এৰিল।
তেন্তে শীঘ্ৰ অন্য চেষ্টা কৰিব লাগিল॥
বিলম্ব কৰিলে শিশু অবশ্য মৰিব।
আকে জানি এই চেষ্টা অবশ্য কৰিব॥
বেছি অন্য চেষ্টা নাই সহজ উপাই।
গৰ্ভৰ উপৰে হাত দিবেক ফুৰাই॥
হাত ফুৰাইব ঘষি পিষি বাৰংবাৰ।
প্ৰসৱৰ বেদনা হইব পুনৰ্ব্বাৰ॥
গৈল বিষ, হৈল বিষ নহে অদভুত।
বেদনা হইলে শীঘ্ৰে প্ৰসৱিব সুত॥
যদি হাত ফুৰাইলে বিষ নধৰয়।
তেন্তে ইতো উপায় কৰিতে যুক্তি হয়॥
কি যুক্তি সি যুক্তি ময় কহোঁ সাৰ কৰা।
অন্য স্ত্ৰী হস্তে গৰ্ভে হেঁচা দিয়া ধৰা॥
নিজে ধৰা এক হস্তে বালকৰ ঘাড়।
হস্তাঙ্গুলি শ্বন্নে কাখতলি ধৰা তাৰ॥