পৃষ্ঠা:সূতিকা পটল.djvu/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৭
সূতিকা পটল।

সুকোমল নির্ম্মল কানিৰ মূল্য কত।
তাৰ গুণে দুৱাৰ হইব পূৰ্ব্ববত॥
আৰু বিষ-বেদনা গুছিব হৈব সুখ।
কৰিব সি কাৰ্য্য নাভাবিব তাত দুখ॥
তপ্ত দুগ্ধ তপ জল সমে মিশলাই।
ধুইবে প্ৰসৱ দ্বাৰ তাত দোষ নাই॥
দিন কতমান ধুইবেক দুই বেলা।
পৰিষ্কাৰ হব দেহ নকৰিব হেলা॥
তাত শীঘ্ৰে হইবেক বেদনা সাশ্রয়।
এতেকতে ইতো কৰ্ম্ম কৰিবে লাগয়॥
ইতো কথা জানা কি নাজানাহা সংশয়।
সেই দ্বাৰে অল্প অল্প ৰক্তস্ৰাৱ হয়॥
এক কুৰি এক বা বহয় দুই দিন।
চাৰি পাঁচ দিন অন্তে বর্ণ হয় হীন॥
ক্ৰমে মলাকীর্ণ জল যেন বর্ণ হয়।
বহিবে লাগয় নবহিলে মহাভয় *॥
হঠাৎ হইলে বন্ধ কষ্ট হয় বড়।
তলপেট বিষাই বিষত হয় জ্বৰ॥

⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻

  • প্ৰসৱৰ পাচত প্ৰসৱৰ দ্বাৰেৰে অলপ অলপ তেজ ওলাই থাকে। চাৰি পাচ দিনৰ মুৰত তাৰ বৰণ ৰঙা গুচি ময়লা পানীৰ নিচিনা হয় আৰু সেই দৰে ২১|২২ দিনলৈ ওলাই থাকে। এই পানীযোৱা ভাল, নব’লেহে ভয়ৰ কথা। প্ৰসৱৰদ্বাৰ, উৰত বা পেটৰ কোনো ঠাইত ঠাণ্ডা পানী লাগিলে এই স্ৰাৱ বন্ধ হয় । সেই দেখি যাতে ঠাণ্ডা পানী নালাগে তাৰ যত্ন কৰিব।