সমললৈ যাওক

পৃষ্ঠা:সূতিকা পটল.djvu/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০
সূতিকা পটল।

বস্ত্ৰৰ দুর্গন্ধে থাকে অনাহাৰ প্রায়।
বস্ত্ৰৰ দুর্গন্ধে দুগ্ধ-বিহীন ত্বৰায়॥
বস্ত্ৰৰ দুর্গন্ধে বালকৰ ক্ষীণকায় ।
বস্ত্ৰৰ দুর্গন্ধে বালকৰ প্রাণ যায়॥
এতেকতে নির্ম্মল বসন পৰিবেক
প্রসূতিৰ গাত্ৰ পৰিষ্কাৰ কৰিবেক॥
বিনােদিনী বােলে বস্ত্ৰ নথাকয় ভালে।
ৰক্তাদি লাগিয়া নষ্ট হয় তত কালে॥
লক্ষ্মী বােলে বিস্মৰণ হইছা আপুনি।
কি কহিছোঁ পূর্ব্বে ময় তাক চোৱা গুণি॥
খণ্ড-বস্ত্র অগনিত সেঁকি তপতাই।
প্রসৱ-দুৱাৰ ঢাকি ৰাখিবে সদাই॥
সেই বস্ত্রখণ্ড সলাইব বৰংবাৰ।
পৰিধান কাপড়ত কি সম্পর্ক তাৰ॥
বিনােদিনী বােলে স্মৃতি হইল আমাৰ।
সি বিষয়ে আপত্তি নকৰোঁ আৰ বাৰ॥

⸻⸻⸻

দেহ-পৰিষ্কাৰ।

কিন্তু দেহ পৰিষ্কাৰ ৰাখা নিৰুপায়।
দশদিন স্নান কৰিবাক বিধি নাই॥
লক্ষ্মী বােলে উষ্ণজলে বস্ত্ৰক ভিজাই ।
গাও ঘষি নির্ম্মল কৰাত দোষ নাই॥
নকৰিলে পৰিষ্কাৰ অসুখ লাগয় ।
নিজে বুঝি চাবা কথা হয় কি নহয়॥

⸺⸻