সমললৈ যাওক

পৃষ্ঠা:সূতিকা পটল.djvu/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
সূতিকা পটল।

গৰ্ভত মৰিলে শিশু চিহ্ন কিবা হয়।
তাকো বিনোদিনীৰ প্ৰশ্নত লক্ষ্মী কয়॥
জীৱিত থাকিলে শিশু লড়ে উদৰত।
নলড়য় শিশু জানা মৃত্যু কাৰণত॥
আৰু এক চিহ্ন স্তন ম্লান হুয়া যাই।
দুগ্ধভাৰ থাকন সদৃশ পুষ্ট নাই॥
তৃতীয় স্তনৰ পৰা দুগ্ধ নপৰয়।
গৰ্ভত মৰিলে শিশু এই চিহ্ন হয়॥
বিনোদিনী বোলে ইতোকথা এৰিথোৱা।
কোনোৰূপে মোহিনী প্ৰসৱে তাক কোৱা॥
লক্ষ্মীয়ে দেখিয়া বুলিলন্ত ভয় নাই।
শিশুৰ মস্তক আগে বাহিৰিব পাই॥
এহি বুলি লক্ষ্মীৰূপা লক্ষ্মী মৌনী ভৈলা।
বিনোদিনী পুনৰপি কহিবাক লৈলা॥
অন্য কথা বৃথা সত্য গোবিন্দৰ পদ।
লক্ষ্মী বোলে বৃথা নহে গোবিন্দৰ পদ॥

প্ৰসৱৰ অবস্থা বিভাগ৷

বিনোদিনী বোলে ধাই,  কি কৰিবা কৰা যাই,
 অন্য কথা শুধিবোহোঁ পাছে।
লক্ষী বোলে আহা যাও, প্ৰসৱ অবস্থা চাওঁ,
 কোন ভাগ অৱস্থাত আছে॥
বিনোদিনী লক্ষ্মী দুই, চলিলন্ত সাৰি হুই,
 যুগল হংসিনী যেন চলে।