পৃষ্ঠা:সূতিকা পটল.djvu/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
সূতিকা পটল।

দুগ্ধ তপতাই খুৱাইব মাজে মাজে।
জৰায়ু খুলিব শীঘ্ৰে জানা সিতো কাজে॥
দুগ্ধ পান হেতু হইবেক বলাধান।
ইহাত সংশয় নকৰিবা কিছুমান॥
কিন্তু সাৱধান জল ভাঙ্গিবাৰ পাছে।
দুগ্ধ পান কৰাইলে দোষ তাত আছে॥

⸻⸻

যাৰ দুই তিন দিন প্ৰসৱ বেদনা হয়, তাক দিয়া আহাৰ।

আৰু এক কথা শুনিয়োক বিনোদিনী।
যিতোজনে কষ্ট ভোগে দিন দুই তিনি॥
সিজনীকো অনাহাৰে ৰাখে সিতো কাল৷
পৰম দুৰ্গুণ ইতো প্ৰথা নেহে ভাল॥
একে প্ৰসৱৰ বেদনাত যায় প্ৰাণ।
অনাহাৰে কি ৰূপে পাইব পৰিত্ৰাণ॥
আকে জানি লঘু পাক আহাৰক দিব।
তেবে সে প্ৰসূতি নিদানত প্ৰাণে জীৱ॥
দুগ্ধ ছাগু আৰাৰুট খই মণ্ড আনি।
চেষ্টা কৰি দিব প্ৰসূতিৰ কষ্ট জানি॥
আতো কিছু বিশেষ আছয় বুঝিবাক।
বিশেষি কহিছোঁ মনে ৰাখিবা ইহাক॥
প্ৰথম অৱস্থা জল নাভাঙয় মানে।
তপতাই আহাৰ দিবেক সাৱধানে॥
দ্বিতীয় অবস্থা হয় জল ভাঙিলাত।
শীতল আহাৰ দিব সেই অৱস্থাত॥