সমললৈ যাওক

পৃষ্ঠা:সূতিকা পটল.djvu/১১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৬
সূতিকা পটল।

গোঁধ আঠা বৃষ্টিজলে ভিজাইয়া লােৱা।
তাৰে তিনি তোলা জল কাষ্টীকত থোৱা॥
চিনি ভিজাইয়া তাৰো তিনি টোপা পানী।
সিও পানী কাষ্টীক পানীত দিয়া আনি॥
সবাকো একত্র কৰি বাৰ ভাগ কৰা।
প্রহৰে প্ৰহৰে তাকে খুৱাইবে ধৰা॥
অতি শীঘ্র শৌচ বন্ধ হইব নিশ্চয়।
বালকৰ ৰক্ষা হৈব গুছিব সংশয়॥
শৌচ দোষে যদি শিশু হয় শক্তিহীন।
ব্ৰাণ্ডী খুৱাইব এক ৰাত্ৰি এক দিন॥
হিমজলে * ব্ৰাণ্ডী টোপা চাৰি মিশলাই।
দুই দুই দণ্ড ক্ৰমে থাকিব খুৱাই॥
ইতো মহৌষধি তাক কৰাইব পান।
দ্রব্য গুণ গুণে শিশু হৈব শক্তিমান॥
দুৰ্ব্বলতা হই যদি হয় তালুক্ষীণ।
তাতো ব্ৰাণ্ডী খুৱাব সিৰূপে কিছুদিন॥
তালুপূর্ণ হই হৃষ্টপুষ্ট হৈব কাই।
ঔষধত সুৰা বিধিমতে দোষ নাই॥
বালকৰ অভোখ অজীর্ণ থাকে যেবে।
খুৱাৱয় সি সময় জীর্ণ হয় তেবে॥
যদি শ্ৰদ্ধাৰূপে শিশু নকৰে আহাৰ।
জানিবাহা উদৰে অসুখ আছে তাৰ॥

⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻

  • এই পুথিত য’ত হিমজল দিব বুলিছে তাত বৰ ঠাণ্ডা পানী দিলে চলিব।