সমললৈ যাওক

পৃষ্ঠা:সূতিকা পটল.djvu/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৫
সূতিকা পটল।

বালকৰ পক্ষে ইতো তৈল গুণকৰ।
বহু ৰােগ নাশি ভাল কৰয় উদৰ॥
যদি বালকৰ শৌচ বিকৃতি পাইল।
চেকুৰা চেকুৰি শৌচ হইবে ধৰিল॥
তাতো সেই তৈল খুৱাইব সাৰে সাৰ।
ৰােগ উপশম হব নথাকিব আৰ॥
কান্দয় থাময় আৰু কঁপিয়া কান্দয়।
পেটে তাপ দিলে কিংবা পিষিলে থাময়॥
ইতো লক্ষণত জানা পেট কামড়য়।
তাতো সেই তৈল নুখুৱালে নহােৱয়॥
তৈল খুৱালাত যদি শোঁচ নোহোৱয়।
সুগুণ নভৈল বুলি নকৰিবা ভয়॥
সেই তৈল শিশুৰ উদৰে ঘষি দিব।
অল্পক্ষণ মাত্রে শিশু শৌচক কৰিব॥
সকল বিষয়ে মর্দ্দনত শৌচ হয়।
অবিশ্বাস নকৰিবা নিশ্চয় নিশ্চয়॥
তৈল খুৱাবাত যদি শৌচ নেহােৱয়।
তেবেসে পেটত তৈল ঘষিবে লাগয়॥
তৈল খুৱাবৰ আছে বহু পৰিমাণ।
পৰিমাণ পক্ষে হইবাহা সাবধান॥
অতি শিশু হৈলে দুই চাৰি আনাভৰ।
মাসকীয়া বালকৰ আট আনা ধৰ॥
ততােধিক বৰ্ষৈক যাহাৰ বয়ঃক্রম।
কতো শিখাইবোঁ দিবা আছে যি নিয়ম॥