সমললৈ যাওক

পৃষ্ঠা:সূতিকা পটল.djvu/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৬
সূতিকা পটল।

এতেকতে জল আৰু দুগ্ধ সম ভাগে।
তপতাই চিনি মিশলাই দিবলাগে॥
কিন্তু সেই চিনি অল্প মিঠা যেন হয়।
অধিক মিষ্টতা বালকক নাহিসয়॥
তপতাব কিন্তু হব ঈষৎ তপত।
উতল নানিব মোৰ এই মাত্ৰ মত॥
জল সমভাগে দিব নলাগে সদাই।
আজি কালি কৰি জল নিবেক কমাই॥
ক্ৰমে ক্ৰমে বালকৰ বয়স বাড়য়।
দুগ্ধৰ অধিক ভাগ পৰিপাক হয়॥
কিন্তু যত বাৰ দুগ্ধ কৰাইব পান।
সঞ্চিত দুগ্ধক তপতাব অল্প মান॥
মাতৃ দুগ্ধ থাকিলে ইসব নলাগয়।
স্তন্য দুগ্ধ পানত শিশুৰ ৰক্ষা হয়॥
এক দুই দাত বালকৰ নুঠে মানে।
বালকক ৰাখিবেক মাতৃ-দুগ্ধপানে॥
সুখীয়া গৃহস্থে দেয় ঘন দুগ্ধ কৰি।
‘বাবু-লোকে” সাগু দিয়া কৰয় ডাক্তৰী॥
দুঃখিনী জননী দেয় লথৰি সিজাই।
তিনিও পক্ষৰ একো আবশ্যক নাই।

  • মাকৰ পিয়াহত কৈ গরু গাখীৰ ঘন। সেই দেখি একভাগ গৰুৰ গাখীৰৰ লগত একভাগ পানী মিহলাই তাতে অলপ চিনি দিব আৰু অলপ তপত কৰিহে শিশুক সেই পানীমিহলোৱা গাখীৰ খুৱাব।