পৃষ্ঠা:সূতিকা পটল.djvu/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৩
সূতিকা পটল।

পেটত কেছে হলে।

নিদ্ৰাত শিশুৰ দন্ত কড় কড় কৰে।
বালকে শৌচৰ দ্বাৰ খুজাইবে ধৰে॥
আৰু যদি সর্ব্বদায় নাক খোঁচৰয় ।
উপৰৰ ওঠ কাৰো ফিকিয়া উঠয়॥
মলৰ লগত কৃমি কাৰাে বাহিৰয়।
উদৰে জন্মিলে কৃমি ই লক্ষণ হয়॥
এৰণ্ডৰ তৈলত টাৰ্পিণ মিশলাই।
মাজে মাজে খুৱাইলে কেচুয়া ওলাই॥
ছয় মাস বয়সীয়া বালকৰ প্রতি।
আধা তোলা তৈল দিব আছে অনুমতি॥
দশ বিন্দু টাৰ্পিণক তত মিশলাই।
তপ্ত দুগ্ধ সমে তাক দিবেক খুৱাই॥
বয়সৰ নূনাধিক্য নূনাধিক্যে তাৰ।
পড়িব ধৰিব কৃমি নথাকিব আৰ॥
আৰু দাড়িম্বৰ শিফা জলত সিজাই।
দুই বেলা কিছুদিন থাকিব খুৱাই॥
অল্প বস্তু বুলি আৰু নুতুলিবা হাস।
সঞ্চিত কৃমিক ইও কৰয় বিনাশ॥
তাৰ পাছে মিষ্টান্ন আহাৰ নিষেধিব।
অল্প মিষ্ট দিলে তাত লোণ ছিটা দিব॥
বাসি দুগ্ধ বাসি ভাত বাসিয়া ব্যঞ্জন।
খাইবাক শিশুক নেদিবা কদাচন॥