পৃষ্ঠা:সূতিকা পটল.djvu/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭০
সূতিকা পটল ।


শিশুক ভাত দিবৰ

সময় ও নিয়ম।

অগ্ৰদন্ত সমস্ত উঠিল যতক্ষণ।
দুগ্ধপান কৰাবাক নাই প্ৰয়োজন॥
দুগ্ধ ভাত ব্যঞ্জন দিবেক বেলাত।
ইতো উপযুক্ত ভক্ষ্য হানি নাই তাত॥
বালকৰ পক্ষে ইতো ৰোগৰ সময়।
আকে জানি পিতৃ মাতৃ সাবধান হয়॥
যি দ্ৰব্য খাইলে উদৰৰ পীড়া হয়।
কদাচিতো পিতৃ মাতৃ তাক নিবদিয়॥
মাতৃগণে আকে মাত্ৰ জানে সাৰকৰি।
বহু ভক্ষ্যে বালকৰ আসে গাও ভৰি॥
আকে ভাবি দিনত খুৱায়ে বাৰে সাত।
হৃষ্টপুষ্ট নোহে আৰু ৰোগ হয় তাত॥
উদৰ পূৰণ কৰি কৰায় আহাৰ।
উদৰৰ পীড়া শীঘ্ৰে উপজয় তাৰ॥
দিবা ৰাত্ৰ মধ্যে খুৱাইব তিনিবাৰ।
তাত বাজে কদাচিতো নুখুৱাব আৰ॥
বহুতৰ ভোজনত ঘটে এই ফল।
উদৰ ডাঙৰ হয় চিচা হয় গল॥
শ্ৰীহীন বিগতকান্তি গাত্ৰে নাই বল।
তাতে পৰিষ্কাৰ হীন গাৱে বহুমল॥

⸺⸺