পৃষ্ঠা:সূতিকা পটল.djvu/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮১
সূতিকা পটল।

আৰােগীৰ চিহ্ন অল্প হালদীয়া মল।
অতি টানো নােহে অতি নহয় পাতল॥

⸻⸻

সাকনীয়া শৌচৰ দাৰু।

যদি বর্ণ ভেদ ভৈল, দৃঢ় বা তৰল।
শাকনীয়া বৰণ দুর্গন্ধ ভৈল মল॥
চূৰ্ণ কৰিবেক ৰেওচিনি জোলাফাৰ*।
ন্যূনাধিক নাই সমভাগ জানা তাৰ॥
এক দেড় বৎসৰ বয়স যি জনৰ।
তাক খুৱাইবে লাগে দুই ৰতি ভাৰ॥
আৰ অল্প অধিক বয়স অনুমানে।
ন্যূনাধিক পৰিমাণে দিব সাৱধানে॥

⸻⸻

বগা শৌচৰ দাৰু।

যদি বালকৰ মল শুক্লবর্ণ ধৰে।
পেটৰ অসুখ হব অল্প দিন পৰে॥
দিন দুই ৰাখিবেক লথৰি খুৱাই।
দুগ্ধত চূণৰ জল দিব মিশলাই॥
চূণ জল দুগ্ধ মিশলাবা যিবা ভাগে।
খুৱাইব যিবা ৰূপে কহি আছোঁ আগে॥
চিৰতাক জলত ভিজাই তাৰ পানি।
বালকক খুৱাইব অগ্নিকৰ জানি॥

⸻⸺⸻⸺⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻

  • ৰেওচিনি আৰু জোলোফা—দুয়োকো দোকানত কিনিব পাৰি। দুইবিধ মশলা৷