পৃষ্ঠা:সূতিকা পটল.djvu/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সূতিকা ঘৰত প্ৰবেশ কৰিবাৰ পুৰ্ব্বে

আৰু পৰে আশ্ৰেণীৰ কৰিব

লগা কৰ্ম্ম।

—:৹:—

প্ৰসব বেদনা সময়ত কৰ্ত্তব্য।

মোহিনী কহিলা বিনোদিনী প্ৰতি চাই।
আজি মোৰ কঁকাল বিষায় কিয় বাই॥
বিনোদিনী বোলে দশ মাসত বিষাই।
এই বুলি আনাইলা লক্ষ্মীক মতাই॥
লক্ষ্মী বোলে মোহিনী কিহেতু অন্যমনা।
হইল কি আই তোৰ প্ৰসৱ বেদনা॥
মোহিনীয়ে বোলে ময় নজানোহো তাক।
প্ৰসৱ বেদনা লোকে বোলয় কাহাক॥
ককাঁলত বিষায় বিষত ৰক্ষা নাই।
হেন মনে লয় বা ককাঁল ছিঙি যাই॥
লক্ষ্মী বোলে কিবা ভয় নকৰিবা ভয়।
হৌক বিষ, হয় বিষ বিষৰ সময়॥
এবে কি কৰিবা লক্ষ্মী বোলে বিনোদিনী।
সলাই পিন্ধাব বস্ত্ৰ পিন্ধাব তিয়নী॥
পূৰ্ব্ব বস্ত্ৰে বহুলোক সঙ্গে ছলা ফিৰা।
লাগিবাক শঙ্কা স্পৰ্শযুক্ত কিবা পীড়া॥